সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশ একেখনেই,এফালে আনন্দ,আনফালে বিষাদ !

G 20 সন্মিলনক লৈ সমগ্ৰ দেশ ব্যস্ত।সমগ্ৰ দেশলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে প্ৰতিনিধি।কৃত্ৰিম ফোৱাৰা,সুসজ্জিত ৰঙীন লাইটেৰে দিল্লী যেন এক স্বৰ্গপুৰীলৈহে ৰূপান্তৰিত হৈছে।দেশী-বিদেশী নেতাৰ আগমনে দিল্লীৰ পৰিৱেশত সোণত সুৱগা চৰাইছে।অশান্ত মণিপুৰ কেনেবাকৈ পুনৰবাৰ অশান্ত হয় নেকি বুলি মণিপুৰী জনতাক সান্ধ্যআইন বলবৎ কৰি ঘৰৰ ভিতৰত ৰখা হৈছে।সেয়ে দিল্লীৰ সম্পূৰ্ণ বিপৰীত ছবি বিৰাজ কৰিছে ভাৰতৰ উত্তৰ পূবত অৱস্থিত মণিপুৰত।সান্ধ্যআইনৰ কবলত আছে ৰাজ্যখনৰ ৫ খন জিলাই।উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ এতিয়াও অশান্ত৷হত্যা-হিংসাই কোঙা কৰি পেলাইছে মণিপুৰক।এতিয়াও যিকোনো মুৰ্হূততে সংঘৰ্ষৰ সূত্ৰপাত হোৱা বিষয়টো আওকাণ কৰিব নোৱাৰি ৰাজ্যখনত।বিগত শনিবাৰে ইম্ফলত থকা অন্তিম ১০ টা কুকি পৰিয়ালকো ৰাজ্যখনৰ আন কুকি বসতিপ্ৰধান অঞ্চললৈ স্থানান্তৰ কৰে প্ৰশাসনে।বিগত ৪ মে’ৰ পৰা আৰম্ভ হোৱা কুকি-মেইটেই সংঘৰ্ষই ইতিমধ্যে ৪ মাহ অতিক্ৰম কৰিলে৷এতিয়াও মণিপুৰৰ বিজেপি চৰকাৰে পৰিস্থিতি চম্ভালিব পৰা নাই মণিপুৰৰ।বৰঞ্চ এতিয়াও মেইটেইৰ আক্ৰমণৰ ভয়ত কুকিলোকক স্থানান্তৰ কৰা পৰ্যায়তেই আছে মণিপুৰ চৰকাৰ তথা মণিপুৰ প্ৰশাসন।কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইটাৰত লিখিছে শাসক বিজেপিয়ে যিটো সময়ত G20 ক লৈ নিজৰ ক্ৰেডিট লৈছে ,সেই সময়ত মণিপুৰ সম্পূৰ্ণৰূপে দগ্ধ হৈ আছে সংঘৰ্ষত। আন এটা টুইটাৰ আপডেটত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে লিখিছে ‘ G20 নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ বাবে ইয়াত ৰমকজমক পৰিৱেশ সৃষ্টি হৈছে।কিন্তু তাৰ বিপৰীতে ইম্ফল উপত্যকাৰ ৫ খন জিলাত অহা ৫ দিনলৈ সম্পূৰ্ণ সান্ধ্যআইন বলবৎ কৰা হৈছে।চাৰি মাহ পিছতো ৰাজ্যখনত পৰিৱেশ একেই আছে৷কিন্তু ইমানৰ পিছতো মোডী চৰকাৰে মণিপুৰৰ পৰিস্থিতি স্বাাভাৱিক বুলি দাবী কৰি আহিছে ।’উল্লেখ্য ইয়াৰ আগতেও জি 20 ক লৈ উৎফুল্লিত হোৱাৰ বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰিছিল জয়ৰাম ৰমেশে।
যিটো সময়ত প্ৰধানমন্ত্ৰী আৰু তেওঁৰ ঢোলপিটা ভক্তসকল G20 ক লৈ ব্যস্ত হৈ আছে,সেই সময়ত দেশৰ এটা প্ৰান্ত জ্বলি থকাটো নিশ্চয়কৈ পৰিতাপৰ বিষয় বুলি উল্লেখ কৰিছে জয়ৰাম ৰমেশে।ৰমেশে লিখিছে ‘মণিপুৰৰ ঘটনাৰ ৪ মাহ পাৰ হ’ল কিন্তু মণিপুৰ শান্ত নহ’ল , মণিপুৰ অশান্ত হৈ থকা বুলি পাহৰিলে মোডী চৰকাৰে।” মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে মণিপুৰৰ সমাজখন বহুধাবিভক্ত হৈ পৰিছে।’
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আজিৰ পৰা তিনি মাহ আগতেই তাত জমা থকা অস্ত্ৰশস্ত্ৰ জমা দিবলৈ নিৰ্দেশ দিছিল।তাৰ বিপৰীতে কিন্তু বহুতবোৰ গোটে অস্ত্ৰশস্ত্ৰ লৈ সংঘৰ্ষত লিপ্ত হ’ল।বিগত ৪ মে’ৰ পৰা আৰম্ভ হোৱা কুকি -মেইটেইৰ সংঘাতে চাৰি মাহ পাৰ হোৱাৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে মণিপুৰ চৰকাৰ৷ৰাজ্যখনৰ অৰ্থনীতি,শিক্ষা সকলো একপ্ৰকাৰ বিকল হৈ পৰিছে।নিৰ্বাচনৰ সময়ত প্ৰায়ে ডাবল ইঞ্জিনৰ চৰকাৰেহে ৰাজ্যত শান্তি -প্ৰগতি আনিব পাৰে বুলি ভোট বিচৰা বিজেপি আজি মণিপুৰৰ ক্ষেত্ৰত নিমাত।মণিপুৰত এন বীৰেন সিঙৰ নেতৃত্বত চলি আছে বিজেপি চৰকাৰ।তদুপৰি মণিপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনক অষ্টলক্ষ্মী আখ্যা দিছিল।আজি অষ্টলক্ষ্মী ভয়ংকৰ সংকটত ৷কিন্তু প্ৰধানমন্ত্ৰী মোডী ব্যস্ত বিৰোধী মৰ্চাৰ নাম উচ্চাৰণ কৰাৰ ভয়ত দেশৰ নামকেই সলনি কৰাৰ টেনচনত।বিৰোধী মৰ্চাই মিত্ৰজোঁটৰ নাম ইণ্ডিয়া ৰখাৰ পৰাই নিদ্ৰাহৰণ হৈছে বিজেপিৰ।অশান্ত মণিপুৰে নিদ্ৰাভগ্ন কৰিব নোৱাৰা নৰেন্দ্ৰ মোডীৰ নিদ্ৰাভগ্ন হ’ল বিৰোধী ঐক্যক ইণ্ডিয়া নামাকৰণৰ পিছতহে।

Leave A Reply

Your email address will not be published.