সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশৰ বাবে খেলি এতিয়া ‘হাজিৰা’ কৰিবলগীয়া পৰিস্থিতি

দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পাৰ হ’ল।দেশ সকলোফালে আগুৱাই গ’ল।ক্ৰীড়াৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ।কোনো কোনো খেলুৱৈক ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ পিছতো দিছে বিভিন্ন চৰকাৰী সা-সুবিধা,চৰকাৰী চাকৰি !কিন্তু আন্তৰ্জাতিক পৰ্যায়ৰ ফুটবল খেলুৱৈ পলমী অধিকাৰীক কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই।
যাৰ ফলস্বৰূপে নিজৰ লগতে পৰিয়ালৰ ভাতমুঠি যোগাৰ কৰিবলৈ পলমীয়ে কৰিব লগা হৈছে জামাট’ৰ ফুড ডেলিভাৰীৰ কাম।কেতিয়াবা উপাৰ্জন হয় ১৫০ টকা,কেতিয়াবা ৩০০ টকা।তাকো ডেলিভাৰীৰ বাবে নগ’লে সেইকেইটা টকাও চুবলৈ নাপায়।ঘটনাটো পশ্চিম বংগৰ।পলমী চাৰু চন্দ্ৰ কলেজৰ ডিগ্ৰী তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী।কেৱল এসাঁজ ভাতৰ বাবেই পঢ়াৰ লগতে ডেলিভাৰীৰ কামো সমান্তৰালভাৱে চলাই নিবলগীয়া হৈছে তেওঁ।
দেশৰ ওপৰিও আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল পলমীয়ে।জাৰ্মানী,ইউনাইটেড কিংডম,স্কটলেণ্ড,শ্ৰীলংকা সকলোতে তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।পশ্চিম বংগত মমতা বেনাৰ্জী চৰকাৰে ৩ টা কাৰ্যকাল সম্পূৰ্ণ কৰিছে।তথাপিও কিন্তু এতিয়ালৈকে চকু পৰা নাই চৰকাৰৰ।

Leave A Reply

Your email address will not be published.