Investigative reporting with dedication.

উল্লেখযোগ্য যে FMCG কোম্পানীৰ প্ৰডাক্ট Milk bikis ৰ বিজ্ঞাপন KBC জুনিয়ৰত সম্প্ৰচাৰিত হয়। KBC জুনিয়ৰ সম্প্ৰচাৰৰ সময়ত বিগ বিয়ে কৰে ইয়াৰ প্ৰমোচন ।সেই প্ৰমোচনত বিগ বিয়ে মিল্ক বিকিজৰ নিউট্ৰেচনেল ভেল্যু থকা আৰু মাতৃ আৰু শিশুৰ বাবে উপকাৰী বুলি উল্লেখ কৰে।প্ৰম’টো টেলিভিছন,ইউটিউব আৰু বিভিন্ন সামাজিক মাধ্যমত ইতিমধ্যে সম্প্ৰচাৰিত হৈছে।এডভাৰটাইজিং ষ্টেণ্ডাৰ্ড কাউঞ্চিলে এই বিস্কুট আৰু ইয়াৰ বিজ্ঞাপনৰ বিৰুদ্ধে আগতেও যথেষ্ট অভিযোগ লাভ কৰিছিল।কাউঞ্চিলৰ মুখ্য কাৰ্যবাহী বিষয়া মণীষা কাপুৰে কয় “ বিগত ২৯ ডিচেম্বৰত কাউঞ্চিলৰ ফালৰ পৰা এই প্ৰমোশ্যনৰ বিৰুদ্ধে নিজাববীয়াকৈ জাননী প্ৰেৰণ কৰিছিল।এজন বিশিষ্ট ব্যক্তিয়ে বিজ্ঞাপনটোত অংশ লোৱা বুলি উল্লেখ কৰি কাউঞ্চিলে পুনৰ বিগত ৪ জানুৱাৰীত জাননী প্ৰেৰণ কৰে আৰু যিকোনো মূৰ্হুততে বিজ্ঞাপনটো উঠাই দিব লাগিব বুলিও জনায়।”ব্ৰিটেনিয়া কোম্পানীয়ে এই FMCG কোম্পানীৰ বিৰুদ্ধে আগতেও এবাৰ অভিযোগ উত্থাপন কৰিছিল৷এটা মিল্ক বিকিজ বিস্কুটৰ পেকেটত এগিলাচ গাখীৰৰ সমান শক্তি থাকে বুলি প্ৰম’ প্ৰচাৰিত হৈছিল।ব্ৰিটেনিয়া কোম্পানীৰ মতে FMCG ব্ৰেণ্ডে বিজ্ঞাপনৰ নীতি নিয়ম ভংগ কৰিছে।




