সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দুফাল হ’ল ত্ৰিপুৰা বিজেপি !

ত্ৰিপুৰা বিজেপিত সংঘাত নতুন কথা নহয়।বাওঁ দলৰ চৰকাৰক ক্ষমতাৰ পৰা আঁতৰাই ২০১৮ চনত ত্ৰিপুৰা দখল কৰিছিল বিজেপিয়ে।প্ৰায় ২৫ বছৰীয়া CPI (M)ৰ একাধিপত্য শেষ কৰি বিপ্লৱ দেৱৰ নেতৃত্বত ক্ষমতালৈ আহিছিল বিজেপি ।আনকি ২০২৩ চনৰ বিধানসভাৰ নিৰ্বাচনতো CPI(M) দলে মাত্ৰ ১১খন আসনতে থমকিবলগীয়া হৈছিল।২০২২ চনত মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বিৰুদ্ধে একাংশ
বিজেপি নেতাই অসন্তুষ্টি প্ৰকাশ কৰাত কেন্দ্ৰীয় নেতৃত্বই তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰে আৰু তেওঁৰ স্থানত স্থলাভিষিক্ত হয় মাণিক শ্বাহ।অৱশ্যে এই ৰদবদল সাময়িকহে আছিল বুলি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই বিপ্লৱ দেৱক জনাইছিল। কিন্তু আশ্চৰ্যজনকভাৱে ২০২৩ চনত ক্ষমতালৈ পুনৰবাৰ বিজেপি অহাৰ পিছত মুখ্যমন্ত্ৰী পদক লৈ অসন্তুষ্টি আৰম্ভ হয়।মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত বিপ্লৱ দেৱক ৰাজ্যসভাৰ সাংসদ কৰাৰ লগতে হাৰিয়ানা বিজেপিৰ প্ৰভাৰীৰ দায়িত্ব দি মাণিক শ্বাহকে মুখ্যমন্ত্ৰীৰ আসনত বহায় বিজেপিয়ে।
হাৰিয়ানাত বিজেপিক শক্তিশালী কৰিবলৈ সক্ষম হোৱা বিপ্লৱ দেৱ কিন্তু নিজ ৰাজ্যৰ বিজেপিক লৈ অসন্তুষ্ট।অলপতে আগৰতলাত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে কয় যে চৰকাৰ আৰু সংগঠনৰ মাজত সম্বন্ধ বেয়া কৰাত বিশেষ ভূমিকা লৈছে ‘বাহিৰা শক্তি’য়ে৷অবশ্যে পাকে প্ৰকাৰে ‘বাহিৰা শক্তি’ শব্দটোৰ প্ৰয়োগেৰে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বুজাব বিচাৰিছে নেকি বুলি মত প্ৰকাশ কৰিছে বিজেপিৰে এটা চামে।উল্লেখ্য যে সমগ্ৰ দেশত বিজেপি নেতৃত্বাধীন মৰ্চা NDA বুলি পৰিচিত যদিও কিন্তু উত্তৰ পূৰ্বাঞ্চলত ইয়াক NEDA বুলিহে জনা যায়।এই NEDA ৰ নেতৃত্বত আছে বিজেপি আৰু ইয়াৰ অধীনত আছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সৰু বৰ দল।ইয়াৰ অধ্যক্ষৰ দায়িত্বত আছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷গতিকে ত্ৰিপুৰাত যদি ৰাজ্যৰ বাহিৰা শক্তিয়ে হস্তক্ষেপ কৰিব পাৰে,সেয়া কেবল NEDA ৰ জৰিয়তেহে সম্ভৱ৷সেয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা NEDA সেই শক্তি বুলি বিজেপিৰ বিপ্লৱ দেৱ নেতৃত্বাাধীন ফৈদে স্পষ্ট কৰিছে।আনহাতে,প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ এই বিস্ফোৰণৰ পিছতেই তেওঁক দিল্লীৰ পৰা কেন্দ্ৰীয় নেতৃত্বই মাতি পঠিয়াইছে৷ইতিমধ্যে বিপ্লৱ দেৱে ‘বাহিৰা শক্তি’ৰ বিষয়টো কেন্দ্ৰীয় নেতৃত্বকো অৱগত কৰিছে।

আনহাতে,ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্যই বিপ্লৱ দেৱৰ অসন্তুষ্টি সম্পৰ্কত কয় ‘ বিপ্লৱ দা আৰু মাণিক দা আমাৰ নেতা।আমাৰ দলত কোনো সংঘাত নাই৷যদি কিবা অসন্তুষ্টি আছেও আমি দলৰ ভিতৰতে সমাধানৰ চেষ্টা কৰিম৷বিপ্লৱ দা আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী৷তেওঁ এতিয়া হাৰিয়ানাৰ প্ৰভাৰী হিচাপে আছে।মই তেওঁ সংবাদ মাধ্যমৰ আগত অসন্তুষ্টি ব্যক্ত কৰা দেখিছোঁ৷আমি বহিম আৰু মীমাংসা কৰিম।’উল্লেখযোগ্য বিষয়টো হ’ল যে লোকসভাৰ নিৰ্বাচনৰ বাবে সকলো ৰাজ্যৰ বিজেপিক সাংগঠনিকভাৱে শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বই আহ্বান জনোৱাৰ সময়তে এই খকাখুন্দা লাগিছে ত্ৰিপুৰা বিজেপিত।ত্ৰিপুৰাত দুখন লোকসভাৰ আসন আছে।কেৱল ত্ৰিপুৰাতে নহয়,মণিপুৰ বিজেপিতো আৰম্ভ হৈছে সংঘাত৷NEDA ৰ অধ্যক্ষ হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মণিপুৰ আৰু ত্ৰিপুৰা বিজেপিত দেখা দিয়া সংঘাত নিৰ্মূলত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে।ইয়াৰ প্ৰভাৱ আগন্তুক লোকসভা নিৰ্বাচনত পৰিলে দলটো যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত যে হ’ব সেইটো নিশ্চিত।

- Donation -

Leave A Reply

Your email address will not be published.