ধমক খালে আনন্দ মিশ্ৰই ?

Share This Article

এছ পি আনন্দ মিশ্ৰক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিলে ধমক !’চ’ছিয়েল মেডিয়াৰ ক্ৰেজিনেছ এৰক৷আদৰ্শ আৰক্ষী হিচাপে আত্মনিয়োগ কৰক’- এই নিৰ্দেশ মুখ্যমন্ত্ৰী শৰ্মা।লখিমপুৰ জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক লৈ তোলপাৰ চ’ছিয়েল মেডিয়া ।কোনোবাই যদি গামোচা পিন্ধাইছে , কোনোবাই চেলফি উঠিবলৈ থানাত ভিৰ কৰিছে । আনন্দ মিশ্ৰক চাবলৈ থানাৰ বাহিৰতো জনতাৰ ভিৰ ৷ কেৱল সেয়াই নহয় , আনন্দ মিশ্ৰৰ ভয়ত শাৰীপাতি থানালৈ আহিছে অপৰাধী ।নিজে নিজে আহি থানাত ধৰা দিছে নকল টকা নকল সোণৰ ব্যৱসায়ীয়ে । তাৰ পাছত আকৌ থানাৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে অপৰাধীৰ দলক ।নিজে নিজক শুধৰাবলৈ সময় দিছে এছ পি আনন্দ মিশ্ৰই । লগত সংবাদ মাধ্যমৰ আগত দিছে চিনেমাৰ সংলাপৰ দৰে ডাইলগ ।প্ৰতিমুহূৰ্ততে সামাজিক মাধ্যমত ভাইৰেল হৈছে আনন্দ মিশ্ৰৰ ডাইলগ – ভিডিঅ’ ।ডিজিপি জি পি সিঙে দিয়া নিৰ্দেশকো উলংঘা কৰি প্ৰতিদিনে ন ন সকীয়নিৰে সংবাদ মাধ্যৰ আগত বক্তব্য ৰাখি গৈছে আনন্দ মিশ্ৰই । ডিজিপিৰ নিৰ্দেশ আছিল – আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমতি অবিহনে কোনো আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত মুখ খুলিব নোৱাৰিব । কিন্তু আনন্দ মিশ্ৰৰ ক্ষেত্ৰত যেন এই নিৰ্দেশ প্ৰযোজ্য নহয় । সেয়ে তেওঁ অপৰাধীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব , সেয়াও সংবাদ মাধ্যমৰ জড়িয়তে প্ৰকাশ কৰি গৈছে ।অৱশেষত হস্তক্ষেপ কৰিবলগীয়া হ’ল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ বৃহস্পতিবাৰৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত বাতৰি অনুসৰি এছ পি আনন্দ মিশ্ৰক মুখ্যমন্ত্ৰীৰ ধমক ,সামাজিক মাধ্যম এৰি আদৰ্শ আৰক্ষী বিষয়া হওক,অপৰাধ সাব্যস্ত কৰিব পৰাকৈ চাৰ্জশ্বীট দিয়ক।’উল্লেখ্য যে নগাঁৱৰ যুৱক কীৰ্তিকমল বৰাক নগাওঁ আৰক্ষীয়ে ভুৱা এনকাউন্টাৰত আহত কৰাৰ পাছতেই নগাঁৱৰ পৰা বদলি হৈছিল এছ পি আনন্দ মিশ্ৰ ।দীৰ্ঘদিন ধৰি তেওঁ অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ দায়িত্বত আছিল । কাৰ্যতঃ কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ পাছতেই কৰ্মহীন কৰি ৰখা হৈছিল আনন্দ মিশ্ৰক । কিন্তু শেহতীয়াকৈ জনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাছতেই পোহৰলৈ আহিছিল লখিমপুৰ জিলাত চলি থকা নকল সোণ আৰু নকল টকাৰ ব্যৱসায় । তাৰ পাছত বদলি কৰা হয় লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকক ।লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰে আনন্দ মিশ্ৰই ৷ তেতিয়াৰে পৰা সামাজিক মাধ্যমত চৰ্চাৰ শীৰ্ষত আছে আনন্দ মিশ্ৰ। কিন্তু সঘন বক্তব্য দিয়াৰ বাবে কেতিয়াবা অভিযুক্তৰ বিৰুদ্ধে লোৱা ব্যৱস্থাৰ কথাও তেওঁ ৰাজহুৱা কৰিছে ।যাৰ বাবে ক্ষুণ্ণ হৈ পৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । অৱশেষত মুখ্যমন্ত্ৰীয়ে মুখ বন্ধ কৰিবলগীয়া হ’ল চেলিব্ৰেটী আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.