ডিজিটেল প্লেটফৰ্মত বুঢ়ী আইৰ সাধু

ডিজিটেল প্লেটফৰ্মত বুঢ়ী আইৰ সাধু

Share with

পৃথিৱীত ডিজিটেল যুগৰ আৰম্ভণি ইতিমধ্যেই হৈছে৷ বেছিসংখ্যক বৃত্তিগত দায়িত্বই এতিয়া কম্পিউটাৰতেই সম্পাদিত কৰা হয়৷ তদুপৰি ঘৰুৱা বা একান্তই নিজস্ব সময়বোৰো মানুহে এতিয়া বেছিভাগ সময় ডিজিটেল দুনিয়াত ভ্ৰমন কৰি ফুৰিবলৈ ধৰিছে ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমবোৰৰ যোগেদি৷ এনে এক জটিল সময়ত দেখা পোৱা গৈছে যে অসমীয়া সমাজৰ অবিচ্ছেদ্য সম্পদ বুঢ়ী আইৰ সাধু ক’ৰবাত এলাগী হৈ পৰিবলৈ আৰম্ভ কৰিছে৷ কণ-কণ ল’ৰা-ছোৱালীৰ বহুতেই আজিকালি এই সাধুবোৰৰ প্ৰতি সততে আকৰ্ষিত নহয়৷ তাৰ পৰিৱৰ্তে সিহঁতে বিচৰণ কৰিব বিছাৰে ম’বাইলৰ সৰু পৰ্দাত লুকাই থকা এখন বৃহৎ বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰত৷ এই কথাই ইয়াকেই সূচায় নেকি যে পৰিৱৰ্তিত সময়ৰ জটিল সন্ধিক্ষণত বুঢ়ী আইৰ সাধুৰদৰে আপুৰুগীয়া সম্পদবোৰৰ গুৰুত্ব হেৰাই গৈছে? নে আমি সেইবোৰৰ গুৰুত্ব উপলব্ধি কৰিব পৰা নাই বা বিছৰা নাই? আচলতে, বৰ্তমান প্ৰতিযোগিতাৰ যুগত এই সাধুবোৰ পঢ়ি জীৱনৰ আনন্দ উপভোগ কৰিবলৈ বহুতৰ হাতত সময়ৰ অভাৱ হৈছে আৰু বিদ্যালয়বোৰৰ ‘হ’ম ৱৰ্ক’ৰ হেঁচাত কণমানিহঁতে এই সাধুবোৰত লুকাই থকা ৰসাল, অনুপম আৰু অপৰূপ সৌন্দৰ্যৰ ভাণ্ডাৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ অভিভাৱকেও বহুসময়ত এইবোৰৰ গুৰুত্ব উপলব্ধি কৰি নিজৰ সন্তানক এইবোৰৰ প্ৰতি আগ্ৰহী কৰি তুলিব পৰা নাই৷

 

সেইদৰে, দেখা যায় যে ইংৰাজী মাধ্যমত পঢ়া বহু ছাত্ৰ-ছাত্ৰী আজিকালি বুঢ়ী আইৰ সাধুৰ কথা নেজানে বা তেওঁলোক এই সাধুবোৰৰ প্ৰতি আগ্ৰহীও নহয়৷ অৱশ্যে, অসমীয় মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়েও বুঢ়ী আইৰ সাধুৰ প্ৰতি যে আকৰ্ষিত সেই কথাও একে আষাৰে মানি লব নোৱাৰি৷ টেলিভিজনৰ বিবিধ কাৰ্টুন, ভিডিঅ’ গেইমচ্‌ আদিয়ে আজকিালি ল’ৰা ছোৱালীহঁতক সাধুকথা শুনা বা পঢ়াৰ সোৱাদৰপৰা বাৰুকৈয়ে আঁতৰাই আনিছে৷ ককা-আইতা বা জ্যেষ্ঠজনৰপৰা সাধুকথা শুনাৰ প্ৰৱণতাক নগৰমুখী সভ্যতা এটাই আওপুৰণি বুলি কটাক্ষ কৰিবলৈও কুণ্ঠাবোধ যেন কৰা নাই, কেতিয়াবা এনে ভাৱ হয়তো আপোনাৰো হয়৷ সেইদৰে, যৌথ পৰিয়ালৰ অৱসান ঘটি এতিয়া ‘সৰু পৰিয়াল সুখী পৰিয়াল’ৰ ধাৰণাই [নিউক্লীয়েৰ ফেমিলী] গা কৰি উঠিছে আৰু এইধৰণৰ সমাজ ব্যৱস্থা এটাইও বুঢ়ী আইৰ সাধুক আমাৰ মনৰ পৰা আঁতৰাই নিয়াত বিশেষ ভূমিকা পালন কৰিছে৷ তদুপৰি, এতিয়া সাধুকথাৰ ভাণ্ডাৰ ককা-আইতাসকল বৃদ্ধাশ্ৰমৰ বাসিন্দা য’ত নাতি-নাতিনীয়ে সাধুকথা এটা কোৱাৰবাবে তেওঁলোকক আব্দাৰ কৰাৰ প্ৰশ্নই নুঠে৷ অৰ্থাৎ, আইতাসকলেই যেতিয়া আমাৰ পৰা আঁতৰি গৈছে বা এক কথাত এলাগী হৈছে, তেনেস্থলত আইতাৰ সাধুবোৰ এলাগী হোৱা কথাটোত আঁচৰিত হ’বলগীয়া যেন একোৱেই নাই, এনে বোধ নহয়নে?
সময়বোৰ সলনি হৈছে৷ মানুহৰ নৈতিক প্ৰমূল্যবোৰ ক্ৰমান্বয়য়ে অৱক্ষয় হ’বলৈ ধৰিছে৷ পশ্চিমীয়া সংস্কৃতিৰ ধুমুহা এজাকে অসমীয়া মানুহক বেয়াকৈ প্ৰভাৱাম্বিত কৰিছে৷ সম্প্ৰতি অসমৰ যুৱ প্ৰজন্মৰ বেছিভাগেই পশ্চিমীয়া সংস্কৃতিৰ ইতিবাচক দিশবোৰ আওকান কৰি সেইবোৰৰ বিকৃত উদণ্ড ৰূপ এটাৰ প্ৰতিহে বেছিকৈ আকৰ্ষিত হোৱা দেখা যায়৷ কাজেই একধৰণৰ কৃত্ৰিমতাই মানুহৰ মনবোৰ আগৰদৰে হৈ থাকিবলৈ দিয়া নাই৷ মানৱীয় সৰলতাবোৰ, আত্মীয়তাবোৰ, ভালপোৱা-পৰোপকাৰৰ মানসিকতাক ক্ৰমান্বয়ে মামৰৰ ডাঠ প্ৰলেপ এটাই জপটিয়াই ধৰিছে৷ নব্য-উদাৰতাবাদৰ আদৰ্শই সকলোকে এতিয়া গ্ৰাস কৰি ব্যক্তিকেন্দ্ৰিক মানসিকতাৰে উদ্বুদ্ধ কৰি তুলিছে৷ এনে সময়ত বুঢ়ী আইৰ কথা ভাবিবলৈ কাৰ আহৰি আছে? এনেবোৰ কাৰণতেই লাহে লাহে হেৰাই যাব ধৰিছে বুঢ়ী আইৰ সাধুৰ মধুৰতাও৷ সাধুকথাবোৰে সৰু বয়সতেই এই গুণবোৰৰ অধিকাৰী হ’বলৈ শিকাই৷ বুঢ়ী আইৰ সাধুৰ মাজত লুকাই আছে অমসীয়া সমাজ জীৱনৰ বৈচিত্ৰময়তাক প্ৰতিফলিত কৰা বহু কথা৷ বৰ্তমান বিশ্বায়নৰ দ্ৰুত পৰিৱৰ্তনৰ ধামখুমীয়াত হেৰাই যাব ধৰিছে আমাৰ এই ঐতিহাসিক সম্পদবোৰ৷
এই জটিল সময়ত বুঢ়ী আইৰ সাধুৰ আলমত এটা ৱেব চিৰিজৰ পৰিকল্পনা কৰিছে “ৱেইষ্ট ফুটেজ প্ৰডাক্সনে”৷ আকাশদীপ গগৈৰ পৰিচালনাৰে সহকাৰীপৰিচালক সঞ্জীৱ গগৈ, নিহাৰ ৰঞ্জন গগৈৰ চিনেমাট’গ্ৰাফী আৰু গৌতম বৰুৱাৰ সংগীতেৰে প্ৰায় ত্ৰিশ্‌টা খণ্ডৰে বুঢ়ী আইৰ সাধুক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ পূৰ্ণপ্ৰস্তুতি চলিছে৷ পাঁচ আগষ্ট, বুধবাৰে শিৱসাগৰ বকতাৰ বৰগাওঁৰ দেওশালৰ কাষত এই প্ৰচেষ্টাৰ শুভাৰম্ভ কৰা হয়৷ আহোমসকলৰ পৰম্পৰাগত জাচিংফা [পূজা] দেওধাইয়ে সম্পণ্ণ কৰাৰ পাছত ‘পানেচৈ’ৰ কাহিনীটোৰ দুটা সংলাপেৰে প্ৰথম খণ্ডটোৰ শুভাৰম্ভণি কৰে উদীয়মান মডেল তথা অভিনেত্ৰী কল্যাণী ৰাজখোৱাই৷ ইয়াৰ পূৰ্বে শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখি এখন সৰু সভাও অনুষ্ঠিত হয়৷ সভাত উপষ্ঠিত থাকে কেইবাজনো সমল ব্যক্তি৷ সভাত বুঢ়ী আইৰ সাধুৰ গুৰুত্ব তথা এই সাধুবোৰ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱাৰ দায়িত্ব তথা গুৰুত্ব সম্পৰ্কে আলোচনা কৰে বিশিষ্ট সাংবাদিক শৰৎ চন্দ্ৰ নেওগ, স্থানীয় লেখক উদিত বৰুৱাকে আদি কৰি নেশ্বনেল স্কুল অৱ ড্ৰামাৰ কেইবাজনো শিল্পী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যলয়ৰ গৱেষক ছাত্ৰ তথা অন্যান্য বক্তাসকলে৷ বৰ্তমান ডিজিটেল যুগত এই সাধুবোৰে ডিজিটেল মাধ্যমৰ যোগেদি প্ৰসাৰ লাভ কৰিলে সহজেই সকলোৰে মনত সহজেই শিপাব পাৰিব বুলি আশা প্ৰকাশ কৰা হৈছে৷ দৰ্শকৰ মানসপঁটত সাঁচ বহুৱাই যোৱা ‘কথানদী’ বোলছবিখনৰ পাছত বুঢ়ী আইৰ সাধুৰ আলমত নিৰ্মিত হ’বলগীয়া এইখনেই হ’ব কেইজনমান উদ্যোগী অসমীয়া ডেকাই অসমত আৰম্ভ কৰা প্ৰথম প্ৰচেষ্টা তথা প্ৰথম অসমীয়া ৱেব চিৰিজৰ পৰিকল্পনা৷ বিভিন্ন সমস্যাৰ মাজতো সোঁতৰ বিপৰীতে আৰম্ভ কৰা আকাশদীপ, সঞ্জীৱ, নিহাৰহঁতৰ এই প্ৰয়াসে অন্যধৰণে অসমীয়া সমাজক উপকৃত কৰিব পাৰিব বুলি আশা কৰা হৈছে।

(ভাস্কৰ জ্যোতি ডেকাৰ সহযোগত TheCrossCurrent.in)

COMMENTS

Leave a Reply

Your email address will not be published. Required fields are marked *