সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জ্বৰে এৰিলেও পাটীয়ে নেৰা হৈছে বিজেপিক !

ভয়ংকৰ হতাশগ্ৰস্ততাত ভুগিছে বিজেপি।একেলেথাৰিয়ে ৯ বছৰ শাসনত থাকি ক্ষমতা হেৰুওৱাৰ ভয়ে জুৰুলা কৰিছে বিজেপিক।কি কৰিব ,কলৈ যাব হৈছে বিজেপিৰ অৱস্থা।এবাৰ যদি বিষয়ববীয়াক সতৰ্কবাণী শুনাইছে,এবাৰ নেতা কৰ্মীক মুখ বন্ধ কৰাৰ নিৰ্দেশ দিছে।মুঠতে বাকী চব জহন্নামে যাওক,বিজেপি ক্ষমতাত থাকক -এই আশাত বন্দী দলটো।প্ৰতি দিনেই ৰচিছে নতুন কৌশলো।শেহতীয়াকৈ গুৱাহাটীতো বৈঠক পাতি প্ৰস্তুত কৰিলে ৰণকৌশল।পূব ভাৰতৰ মুঠ ১৪২ টা সমষ্টিৰ ১৩০ টাই লাগে বিজেপিক।ইফালে লোকসভাতো বাদেই দেশৰ ৫ খন ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।ৰাজস্থান,ছত্তীশগড়,মধ্য প্ৰদেশ,তেলেংগানা আৰু মিজোৰামত নবেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব !কৰ্ণাটকত মুখথেকেঁচা খোৱাৰ পিছত মিজোৰামক বাদ দি বাকী ৪ খন ৰাজ্যক লৈ অত্যন্ত আগ্ৰাসী হৈ আছে বিজেপি।ৰাজ্য কেইখনত ইখনৰ পিছত সিখন নিৰ্বাচনী সভা তথা সমাৱেশত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে।ইতিমধ্যে দলে ৰাজস্থান,ছত্তীশগড়,মধ্যপ্ৰদেশ আৰু তেলেংগানাত প্ৰভাৰী আৰু সহ প্ৰভাৰী নিযুক্তি দিছে।ৰাজস্থানত দুটা ভাগত বিভক্ত বিজেপিক নিয়ন্ত্ৰণৰ বাবে গুজৰাটৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী নীতিন পেটেল আৰু হাৰিয়ানাৰ নেতা কুলদীপ বিষ্ণইক সহ প্ৰভাৰী হিচাপে নিযুক্তি দিছে।উল্লেখ্য যে বিগত সপ্তাহত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ সন্মুখতে বিজেপিৰ দুটা পন্থীৰ মাজত মাইক টনাআঁজোৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় ৰাজস্থানত।আনহাতে,মধ্য প্ৰদেশ বিজেপিও কেইবাটাও শিবিৰত বিভক্ত হৈ পৰিছে।কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া এতিয়া ৰাজ্যখনৰ পুৰণি বিজেপি কৰ্মীৰ বাবে মূৰৰ কামোৰণি।তদুপৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ নেতৃত্বত চলি থকা দুৰ্নীতি আৰু শেহতীয়াকৈ দলিত শ্ৰমিক জনৰ ওপৰত বিজেপি নেতাই প্ৰস্ৰাৱ কৰা ঘটনাটোৱে বেকফুটলৈ নিছে বিজেপিক ।সেয়ে এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী ভূপেশ যাদবক প্ৰভাৰী আৰু অশ্বিনী বৈষ্ণৱক সহপ্ৰভাৰী নিযুক্তি দিছে দলটোৱে।
আনহাতে,তেলেংগানাৰ বিজেপিৰ প্ৰাক্তন সভাপতি বান্দী সঞ্জয়ক লৈ ক্ষোভিত তেলেংগানাৰ বিজেপি কৰ্মী সকল।বিগত ১৪ মে’ত বান্দী সঞ্জয়ে অনুষ্ঠিত কৰা শ্ৰীকৃষ্ণ ৰথ যাত্ৰাত ৰাজ্যখনৰ কোনো জ্যেষ্ঠ বিজেপি নেতাই অংশ লোৱা নাছিল।উল্লেখ্য যে উক্ত সভালৈ আনকি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো আমন্ত্ৰণ লাভ কৰিছিল।তেলেংগানাৰ এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেড়কাৰক মুখ্য প্ৰভাৰী আৰু সুনীল বাঞ্চালক সহ প্ৰভাৰী হিচাপে নিযুক্তি দিয়ে। ছত্তীশগড়ৰ ক্ষেত্ৰত দলৰ জ্যেষ্ঠ নেতা ওমপ্ৰকাশ মাথুৰক নিৰ্বাচনী প্ৰভাৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সহ প্ৰভাৰী হিচাপে নিযুক্তি দিয়ে দলটোৱে।মুঠ কথাত লোকসভাৰ সমানে সমানে বিধানসভাৰ নিৰ্বাচনৰ জ্বৰতো আক্ৰান্ত বিজেপি৷বিধানসভাৰ নিৰ্বাচনেই বিজেপিক দিব ২০২৪ চনৰ আগলি বতৰা।ইপিনে দলটোৱে কোনো ব্যক্তি বিশেষৰ পৰিবৰ্তে দলীয় প্ৰতীক চিহ্নক নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.