সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চৰকাৰ সলনি হোৱাৰ লগে-লগে খচৰা সলনি…

কংগ্ৰেছৰ দিনৰ সমষ্টিৰ খচৰাৰ পৰিৱৰ্তে বিজেপিৰ দিনৰ সমষ্টিৰ খচৰা সম্পূৰ্ণ ভিন্ন। লোকসভাৰ নিৰ্বাচনক সন্মুখত ৰাখিয়েই ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ নতুন খচৰা নেকি? নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। পিছে এইখিনিতে সৃষ্টি হৈছে আন এক প্ৰশ্নৰ। সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পূৰ্বে দিল্লীত কিয় বাহৰ পাতিছিল হিমন্ত বিশ্ব শৰ্মাই?
হিমন্ত বিশ্ব শৰ্মাই অশোক সিংহলক বাৰে-বাৰে কিয় প্ৰেৰণ কৰিছিল দিল্লীলৈ? কাৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ খচৰা?
কাৰণ ভৌগোলিক পৰিসৰ সলনি কৰি কলিয়াবৰ সমষ্টি বিলুপ্ত কৰি পেলোৱা হ’ল। ফলত গৌৰৱ গগৈ হৈ পৰিল সমষ্টি শূণ্য। আমগুৰি, ৰূপহীহাট, ধিং, বটদ্ৰৱাক কলিয়াবৰৰ পৰা কাঢ়ি কাজিৰঙা সমষ্টিটো অন্তৰ্ভুক্ত কৰা নহ’ল।বৰং বিজেপি অধ্যুষিত সমষ্টি হোজাই, লামডিং, বঢ়মপুৰক অন্তৰ্ভুক্ত কৰা হ’ল নৱঘোষিত কাজিৰঙা সমষ্টিত। অৰ্থাৎ কাজিৰঙাৰ সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈ একো উত্থান লাভ কৰিব নোৱাৰিব। কোকৰাঝাৰ সমষ্টিটো পূৰ্বে অবড়ো ভোটাৰৰ প্ৰভাৱেৰে প্ৰভাৱিত আছিল। যিটো সমষ্টিৰ পৰা অবড়ো ভোটেৰে নৱ শৰণীয়া বিজয়ী হৈছিল। কিন্তু অবড়ো সমষ্টি কাটি পেলোৱা হ’ল কোকৰাঝাৰৰ পৰা। যেনে ভৱানীপূৰ, তামূলপুৰ, ৰঙিয়া-তামূলপুৰ মিলি গোৰেশ্বৰ হিচাপে অবড়ো ভোটাৰৰ প্ৰাধান্য থকা ঠাইসমূহ কৰ্তন কৰা হ’ল কোকৰাঝাৰ সমষ্টিৰ পৰা।আৰু এনেকৈ বড়ো ভোটাৰখিনিক একচেতীয়া কৰি পেলোৱা হ’ল। অৰ্থাৎ এনেকৈ হ’বলৈ হ’লে নৱ শৰণীয়াৰো ৰাজনৈতিক কেৰিয়াৰ প্ৰায় নিঃশ্চিহ্ন। কিন্ত এইখিনিতে আকৌ এনেকৈ হ’বলৈ হ’লে বিজেপিৰ হাতত নাথাকিব কৰিমগঞ্জ সমষ্টি। কিয়নো কৰিমগঞ্জ সমষ্টিত বিজেপি প্ৰভাৱিত ৰাতাবাৰীৰ বাহিৰে বাকী অঞ্চল কংগ্ৰেছ-AIUDF অধ্যুষিত। গতিকে বিজেপিৰ হাতত অংক অনুসৰি হয়তো নাথাকিব কৰিমগঞ্জ। কিন্ত বিজেপিৰ টাৰ্গেট সমষ্টি যেন হৈ পৰিব বৰপেটা। যিসমূহ সমষ্টিৰ দ্বাৰা বৰপেটা সমষ্টি বিৰোধীৰ দখলত আছিল সেই সমষ্টি সমূহ এতিয়া নাথাকিব বৰপেটা সমষ্টিৰ ভিতৰত। যেনে জনীয়া, সৰুক্ষেত্ৰী, বাঘবৰ আদি বিৰোধী শক্তিশালী হৈ থকা ঠাই সমূহ বৰপেটা সমষ্টিৰ আঁতৰাই পেলোৱা হ’ব। পৰিৱৰ্তে হাজো, নলবাৰী, টিহু, বৰক্ষেত্ৰী সমষ্টি অন্তৰ্ভুক্ত কৰা হ’ল বৰপেটা সমষ্টিৰ ভিতৰত। ফলত বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰৰ হৈ পৰিব বৃহৎ সলনি। অৰ্থাৎ এনে অংক অনুসৰি ২৪ৰ লোকসভাৰ নিৰ্বাচনলৈ বিজেপিয়ে এখন আসন এৰি তিনিখন আসন দখল কৰাৰ এক স্পষ্ট ইংগিত দেখিবলৈ পোৱা গৈছে এই খচৰা যোগে। অৰ্থাৎ সংখ্যালঘু ভোটাৰৰ দ্বাৰা প্ৰভাৱিত মানচিত্ৰ সম্পূৰ্ণৰূপে সলনি কৰি পেলোৱা হ’ল। বকো সমষ্টি হৈ পৰিল SCৰ পৰিৱৰ্তে ST।হাজো সমষ্টি সংৰক্ষিত কৰা হ’ল SC ৰূপে। পশ্চিম গোৱালপাৰা STৰ বাবে কৰা হ’ল সংৰক্ষিত। নাওবৈছা সমষ্টি কৰা হ’ল STৰ বাবে সংৰক্ষিত।বৰপেটা সমষ্টি কৰা হ’ল SCৰ বাবে কৰা হ’ল সংৰক্ষিত। ধুবুৰীত কমাই দিয়া হ’ল এটা সমষ্টি। বৰপেটাত হ্ৰাস কৰা হ’ল এটা সমষ্টি।কিন্তু পশ্চিম কাৰ্বি আংলংত বৃদ্ধি কৰা হ’ল সমষ্টিৰ সংখ্যা। ধেমাজি-লখিমপুৰটো বৃদ্ধি কৰা হ’ল সমষ্টিৰ সংখ্যা। অৰ্থাৎ যেন অংকটো বিজেপি প্ৰভাৱিত এলেকা সমূহত আসন বৃদ্ধি কৰি সংখ্যালঘু ভোটাৰ প্ৰভাৱিত এলেকাৰ পৰা হ্ৰাস কৰা হ’ল সমষ্টি। গতিকে উত্থাপন হয় প্ৰশ্ন যি দলৰ চৰকাৰ হয় সেই অনুসৰিয়েই সলনি হয় নেকি সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া?

Leave A Reply

Your email address will not be published.