কিয় য’তে ত’তে ধৰ্মৰ ৰং দেখে বিজেপিয়ে?

Share This Article

বিগত ২ জুনত উৰিষ্যাৰ বালাচোৰত সংঘটিত হৈছিল এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।সেই দিনটোত সংঘটিত দুৰ্ঘটনাত প্ৰায় ২৫২ জন লোক নিহত হৈছিল আৰু হাজাৰোধিক লোক আহত হৈছিল।কিন্তু সেই দুৰ্ঘটনাৰ তদন্ত আৰম্ভ হোৱা দিনাৰ পৰাই বহুবোৰ মেডিয়াই দুৰ্ঘটনাটোত সাম্প্ৰদায়িকতাৰ ৰহণ সানি বাতৰি পৰিবেশন কৰি আহিছে।বাহানাগা বজাৰ ৰে’ল ষ্টেচনৰ কনিষ্ঠ অভিযন্তা আমিৰ খান দুৰ্ঘটনা সংঘ
টিত হোৱা দিনাৰ পৰাই পলাতক হৈ থকা বুলি প্ৰকাশ কৰি আহিছে কিছু সংখ্যক মেডিয়াই।বিগত মঙলবাৰে দক্ষিণ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া আদিত্য চৌধুৰীয়ে অভিযন্তা গৰাকী পলাতক হৈ থকা বিষয়টো সম্পৰ্কত স্থিতি স্পষ্ট কৰি কয় যে কোনো এগৰাকী ৰে’ল বিভাগৰ লোকেই পলাতক হৈ থকা নাই।বৰঞ্চ প্ৰতিগৰাকী লোকেই এইক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে।তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে এই তথ্যবোৰ প্ৰকৃততে অসত্য তথ্যৰ ওপৰত নিৰ্ভৰশীল।চৌধুৰীয়ে কয় ‘ বহুতবোৰ মেডিয়াই বাহানাগাৰ ষ্টাফটো পলাই থকা বুলি প্ৰকাশ কৰিছে।এইটো একেবাৰে ভুল কথা।প্ৰতিগৰাকী ষ্টাফৰ সদস্যই উপস্থিত আছে।তেওঁলোকে প্ৰতিদিনেই তদন্তকাৰী সংস্থাৰ বিষয়াৰ সন্মুখত উপস্থিত হৈছে।’

উল্লেখ্য যে বিগত সোমবাৰে দেশৰ যথেষ্ট সংখ্যক মেডিয়াই কনিষ্ঠ অভিযন্তা আমিৰ খানক বিচাৰি নাপায় তেওঁৰ ঘৰত তালাচী চলোৱা বুলি বাতৰি প্ৰকাশ কৰিছিল।তেওঁ পলাতক আৰু তেওঁৰ ঘৰ ছীল কৰা বুলি প্ৰকাশ কৰিছিল মেডিয়াই।গুৰুত্বপূৰ্ণ বিষয় এয়ে যে
ছিগনেলত থকা কনিষ্ঠ অভিযন্তাই ছিগনেলৰ যন্ত্ৰপাতিবোৰ চোৱাচিতাৰ দায়িত্বত থাকে।সেয়ে তেৱেঁই প্ৰধানকৈ এই ছিগনেল পইণ্ট নিয়ন্ত্ৰণৰ দায়িত্বত থাকে।চিবিআইয়ে বিগত ৬ জুনৰ পৰা এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।বিগত ২ জুনত কৰমন্দল এক্সপ্ৰেছখনৰ এখন মালবাহী ৰে’লৰ লগত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত ২৯২গৰাকী লোকৰ মৃত্যু হয়।কৰমন্দল এক্সপ্ৰেছখনৰ লাইনচ্যুত ডবা কেইটা বাংগালুৰু হাওৰা এক্সপ্ৰেছৰ লগত খুন্দা লগাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাত যথেষ্ট সংখ্যক লোক নিহত হয়।উক্ত দুৰ্ঘটনাত নিহত ৮১ জন লোকৰ মৃতদেহ এতিয়াও অচিনাক্তভাৱেই উৰিষ্যাৰ এইমছত পৰি আছে।প্ৰায় ৭০ গৰাকী লোকৰ DNA ইতিমধ্যে পৰীক্ষা কৰা হৈছে যদিও আত্মীয়ৰ সঠিক পৰিচয় লাভ কৰা নাই।ভুৱনেশ্বৰৰ এইমছৰ প্ৰশাসনিক শাখাই জনাইছে যে ইতিমধ্যে দিল্লীত অৱস্থিত কেন্দ্ৰীয় ফৰেনছিক গৱেষণাগাৰলৈ ইতিমধ্যে তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে। খুব সোনকালেই যাতে ১৫ গৰাকী লোকৰ DNA ৰ নমুনাৰ ৰিপৰ্ট তেওঁলোকলৈ প্ৰেৰণ কৰে সেই আহ্বানো জনাইছে উৰিষ্যাৰ এইমছ কৰ্তৃপক্ষই৷কিয়নো বিগত ১৫ দিন ধৰি এই লোক সকলৰ আত্মীয়ই চিকিৎসালয়ৰ সন্মুখত বাহৰ পাতি আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.