সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গাহৰি, খাদ্যাভ্যাস, বিহু আৰু অন্যান্য প্ৰসংগ

“বাক্যে- বচনে সকলোৱে নতুন প্ৰজন্মক চাকৰিমূখী নহৈ সৰু বৰ ব্যৱসায়ত নামিবলৈ উৎসাহ দিলেও নিজৰ বাহিৰে আনৰ ক্ষেত্ৰতহে দিয়ে৷ নিজৰ সন্তানক  সৰু-সুৰা ব্যৱসায়ত নামিবলৈ উৎসাহ আৰু সাহস কমেইহে দিয়ে৷”

জাহ্নু ভৰদ্বাজ

- Donation -

তন্ময়ী ৰাণী নেওগ

 

 

 

 

 

 

 

অসমৰ জনপ্ৰিয় টেলেভিছন চেনেল DY365 ৰ অতি জনপ্ৰিয় অনুষ্ঠান DY বিহুৰাণীৰ শেহতীয়া খন্ডত উদ্ভৱ হোৱা অনাকাংক্ষিত আৰু অসংবেদনশীল এক ঘটনাই আমাক হতচকিত কৰি তোলে৷ ঘটনাতো চমুকৈ এনেধৰণৰ আছিল: অনুষ্ঠানটিৰ ঘোষিকা গৰাকীয়ে এগৰাকী প্ৰতিযোগীক প্ৰতিযোগী গৰাকীৰ দেউতাকে কি কৰে বুলি প্ৰশ্ন কৰিছিল৷ প্ৰতিযোগী গৰাকীয়ে গৌৰৱেৰে উক্ত প্ৰশ্নৰ উত্তৰ দিছিল ‘Business কৰে’ বুলি৷ ঘোষিকাই দৃষ্টিকটুভাৱে পুনৰ প্ৰতিযোগী গৰাকীক প্ৰশ্ন কৰে ‘কিহৰ Business’ বুলি৷ আগৰবাৰতকৈয়ো স্পষ্টকৈ আৰু সাহসেৰে প্ৰতিযোগী গৰাকীয়ে এইবাৰ উত্তৰ দিয়ে ‘বজাৰত গাহৰি কাটে’ বুলি৷ প্ৰতিযোগী গৰাকীৰ সৰলতা, সাহস আৰু স্পষ্টতা আদৰ্শনীয়৷ কিন্তু আমাৰ মনত উদয় হোৱা

প্ৰশ্নবোৰ হ’ল: প্ৰতিযোগীৰ দেউতাকে কি কৰে সেয়া অনুষ্ঠানৰ মঞ্চত সোধাৰ প্ৰয়োজন কি? পুতৌ আৰু সহানুভুতিৰ আনুষ্ঠানিক আৰু ৰাজহুৱা প্ৰদৰ্শন দৰকাৰী নেকি? দ্বিতীয়তে, যদি প্ৰতিভাশালী আৰু সম্ভাৱনাপূৰ্ণ প্ৰতিযোগীৰ ঘৰৰ আৰ্থিক অবস্থা আৰু জীৱন সংগ্ৰামৰ যথাযথ আভাষ ৰাইজক দিয়াই এনেদৰে প্ৰশ্ন কৰাৰ মূখ্য কাৰণ, তেন্তে মাকে কি কৰে বুলি সাধাৰণতে সোধা নহয় কিয়? নে সন্তানৰ মাকৰ জীৱিকা এতিয়াও বিচাৰ্য বিষয় হৈ উঠাই নাই!

যি নহওঁক, অনুষ্ঠানৰ ঘোষিকাই প্ৰতিযোগী গৰাকীক  প্ৰশ্ন কৰি থাকোতে কথাৰ সুৰত প্ৰচ্ছন্ন পুতৌৰ সুৰটো পাছলৈ ‘”মৰম লগাকৈ কোৱা”, “art আছে” আদি বাক্যাংশৰে ঢাকিবলৈ  অসাৰ্থক চেষ্টা এটা চলায়৷ সেয়াও কিজানি মানি ল’ব পৰা গ’ল হেঁতেন৷ কিন্তু উক্ত প্ৰতিযোগী  গৰাকীয়ে “বজাৰত গাহৰি কাটে” বুলি উত্তৰটো দিয়াৰ লগে লগে মঞ্চৰ আনটো কাষে উপবিষ্ট আন কিছুসংখ্যক প্ৰতিযোগী উপলুঙা সূচক হাঁহি-খিকিন্দালি কৰে আৰু চেনেলৰ কেমেৰায়ো সেই খিকিন্দালিৰ দৃশ্য দেখুৱাব লগা দৃশ্য যেনকৈ ফ’কাছ কৰে৷ এই সমস্ত অসংবেদনশীল  ঘটনালানি মাথো কেইটিমান ছেকেন্ডতে সংঘটিত হয় আৰু উক্ত বিশেষ প্ৰতিযোগী গৰাকীয়ে সম্ভৱত: সন্মুখীন হোৱা অসহজ পৰিস্থিতিৰ আমি কেৱল অনুমানহে কৰিব পাৰো৷ আমাৰ দৃষ্টিত জনপ্ৰিয় সংগীত শিল্পী ঘোষিকা গৰাকীয়ে অনুষ্ঠানৰ গাম্ভীৰ্য্য বোজাই ৰখাত অনিচ্ছাস্বত্বেও বোধহয় ব্যৰ্থ হয়৷

Dignity of labour অৰ্থাৎ শ্ৰমৰ মৰ্য্যাদা আমাৰ সামাজিক আৰু ব্যক্তিগত জীৱনত অতি সঘনাই উচ্ছাৰিত এটি ধাৰণা৷ আধুনিক সমাজ ব্যৱস্থাত সকলো ধৰণৰ শ্ৰমৰ মূল্য একে (আমাৰ ভাৰতীয় আৰু অসমীয়া জাত পাতৰ সাতামপুৰুষীয়া ধাৰণাৰ লগত নিহিত থকা  বংশানুক্ৰমিক বৃত্তি আৰু শ্ৰম আৰু হীন-দেঢ়িৰ ধাৰণা অন্য এক আলোচনাৰ বিষয়বস্তু৷) সমাজ এখন সুস্থিৰভাৱে চলিবলৈ হ’লে সকলো ধৰণৰ শ্ৰম কৰা (বৃত্তিধাৰী) মানুহৰ আৱশ্যক৷ এইষাৰি কথা হয়তো আমাৰ বহুতেই আপ্তবাক্যৰ দৰে কেৱল শুনি থৈ দিয়ে আৰু কোনোদিনে গভীৰভাৱে উপলব্ধি কৰিবলৈ চেষ্টা নকৰে৷ আমাৰ দৈনন্দিন জীৱনযাত্ৰালৈ চালেই কেনেকৈ আমাৰ নিকটৱৰ্তী সামাজিক ব্যৱস্থাটোত যে সকলো ধৰণৰ বৃত্তিধাৰী লোক অপৰিহাৰ্য আৰু

ওতপ্ৰোতভাবে সম্পৰ্কিত আমি ধাৰণা কৰিব পাৰোঁ৷ আপোনাৰ ব্যক্তিগত জীৱনলৈয়ে চাওক আৰু আপুনি কিদৰে বিভিন্ন বৃত্তিধাৰী লোকৰ ওপৰত নিৰ্ভৰশীল অনুধাৱন কৰক৷ তথাকথিত সৰু – বৰ সকলো বৃত্তিধাৰী লোকৰ বাবেহে আমাৰ সামাজিক ব্যৱস্থা আৰু দৈনন্দিন জীৱন সুকলমে চলে৷

শ্ৰম আৰু শ্ৰমিকৰ মৰ্য্যাদা সম্পৰ্কে আমাক সোঁৱৰাই দিবলৈকে বিশ্বজুৰি ১ মে’ত পালন কৰা হয় আন্তৰ্জাতিক মে’ দিৱস৷ মে’ দিৱসৰ ঐতিহাসিক-সামাজিক প্ৰাসংগিকতা পুনৰ ইয়াত বৰ্ণোৱাৰ প্ৰয়োজন নাই৷ কিন্তু সকলো ধৰণৰ বৃত্তি আৰু শ্ৰমৰ মৰ্য্যাদা আৰু প্ৰয়োজন যে অনস্বীকাৰ্য তাক আমি অনুধাৱন কৰিবই লাগিব৷ আমাৰ দৃষ্টিত DY365 (ডি ৱাই ৩৬৫)ৰ উক্ত অনুষ্ঠানৰ মঞ্চত ঘোষিকা আৰু আন কিছুসংখ্যক প্ৰতিযোগীৰ উপৰোক্ত আচৰণ সেয়ে সাধাৰণ মুহূৰ্তৰ ভুল আৰু আওঁকাণ কৰিব লগীয়া নহয়৷ কিছুমান গুৰুত্বপূৰ্ণ আৰু দীৰ্ঘসূত্ৰী কথাৰ সেয়া আকস্মিক বহিপ্ৰকাশ হে আছিল৷ তাৰে প্ৰথমটো হ’ল ওপৰত আমি আলোচনা কৰা শ্ৰমৰ মৰ্য্যাদা বিষয়তো৷ বাক্যে- বচনে সকলোৱে নতুন প্ৰজন্মক চাকৰিমূখী নহৈ সৰু বৰ ব্যৱসায়ত নামিবলৈ উৎসাহ দিলেও নিজৰ বাহিৰে আনৰ ক্ষেত্ৰতহে দিয়ে৷ নিজৰ সন্তানক  সৰু-সুৰা ব্যৱসায়ত নামিবলৈ উৎসাহ আৰু সাহস কমেইহে দিয়ে৷ সাধাৰণতে সৰু ব্যৱসায় কৰা সকলক আমাৰ অসমত এতিয়াও সহানুভূতি আৰু পুতৌৰ দৃষ্টিৰেহে চোৱা হয়৷ অৱশ্যে এয়াও স্বীকাৰ্য যে সময়ৰ লগে লগে এই মনোভাৱ কিছু সলনি হৈ আহিছে৷

এইক্ষেত্ৰত দ্বিতীয় দিশটো বেছি গুৰুত্বপূৰ্ণ৷ অসমত জাত পাতৰ বিদ্বেষ নাই বুলি পোনছাটেই কৈ দিয়া হয়৷ কিন্তু সেয়া সঁচা জানো! হয়তো সৰ্বভাৰতীয় গাঠনিতকৈ জাতিপ্ৰথাৰ গাঠনি আমাৰ ইয়াত কিছু পৃথক৷ ঐতিহাসিক ভাৱেই অসমৰ সামাজিক গাঠনিৰ মূলটো জনগোষ্ঠীয়৷ নিকটৱৰ্তী জনগোষ্ঠীয় সমাজৰ মাজত দৈনন্দিন আৰু সামাজিক আদান-প্ৰদান আৰু বৈবাহিক সম্পৰ্ক ঐতিহাসিক ভাৱে প্ৰমাণিত৷ আহোম সম্ৰাটসকলৰ প্ৰত্যক্ষ উৎসাহত এই প্ৰক্ৰিয়া অধিক ব্যাপ্ত হৈছিল৷ তদুপৰি, ইতিহাসবিদ অমলেন্দু গুহৰ মতে ‘specialization on caste lines did not go far in medieval Assamese society’ অৰ্থাৎ মধ্যযুগৰ অসমীয়া সমাজত জাতি-বৰ্ণৰ দ্বাৰা মানুহৰ বৃত্তি আৰু জীৱিকা কট্টৰভাৱে নিৰ্ধাৰিত হোৱা নাছিল (অমলেন্দু গুহ, Medieval and Early Colonial Assam, ১৯৯১, পৃষ্ঠা ২৪)৷ বহুক্ষেত্ৰত মধ্যযুগৰ শেষলৈ অসমলৈ সৰ্বভাৰতীয় জাতপাতৰ ধাৰণা আমদানি হৈছিল, আৰু সেয়া হৈছিল মূখ্যত: প্ৰব্ৰজিত উচ্চবৰ্ণৰ দ্বাৰা৷ জনগোষ্ঠীয় মূলৰ সমাজ ব্যৱস্থাতো আৰ্য্যকৰণ আৰু বৰ্ণ-জাতি প্ৰথাৰ কিছু চৰিত্ৰ প্ৰব্ৰজিত ইন্ডো-আৰ্য্য (Indo Aryan) জনসমষ্টি কিছুসংখ্যকে আমদানি কৰিছিল (জয়ীতা শৰ্মা, Empire’s Garden: Assam and the Making of India, ২০১১, পৃষ্ঠা ৪৯-৫৩, ১৭৭-৭৮)৷  যদিও এয়া সিমান ব্যাপ্ত, স্বত:স্ফূৰ্ত আৰু সফল প্ৰক্ৰিয়া নাছিল কাহানিও৷ বৃটিছ  শাসনৰ আৰম্ভণিৰে পৰা এই সামাজিক ভেদ আৰু উচ্চ-নীচৰ ধাৰণাই কঠিন ৰূপ ল’বলৈ  ধৰিলে৷ ঊনবিংশ শতিকাৰ মধ্যভাগৰ পৰা  অসমীয়া উচ্চচবৰ্ণীয় ন-অভিজাত শ্ৰেণীয়ে

মত প্ৰকাশৰ সকলো মাধ্যম যেনে সভা-সমিতি, লিখা-মেলা, ৰাজনৈতিক-অৰাজনৈতিক-  স্বেচ্ছাসেৱী সংগঠন আদি সামাজিক ক্ষেত্ৰত মত-প্ৰকাশৰ সকলো মাধ্যমতে দপদপাই  আছিল৷ এওঁসকলে ইন্ডো-আৰ্য্য (Indo-Aryan)  বৰ্ণগত আৰু সাংস্কৃতিক ঐতিহ্যৰ একছত্ৰী বাহক হ’বলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল (জয়ীতা শৰ্মা, পৃষ্ঠা ১০)৷

তথাপি, ঐতিহাসিক ভাবে সামাজিক আৰু ৰাজনৈতিক বিভিন্ন কাৰণত জাতি প্ৰথাই আমাৰ অসমত সাংঘাটিক কঠিন আৰু অত্যাচাৰী ৰূপ লোৱা নাই (মধুমিতা সেনগুপ্তা আৰু জাহ্নু ভৰদ্বাজ, ২০১৯, “Caste Census and the impact of colonial sociology in British Assam”)৷ অথচ ইয়াৰ মানে এয়া নহয় যে জাতি-বৰ্ণৰ ধাৰণা অসমত নাই৷ অসমত বৰ্ণ-জাতি  ধাৰণা আৰু উচ্চ-নীচৰ ধাৰণা সৰ্বভাৰতীয় ধাৰণা আৰু পৰিকাঠামোতকৈ পৃথক আৰু কম  কঠিন, আৰু বৈবাহিকসূত্ৰে বিভেদ কটকটীয়ানহয়৷ কিন্তু পাতলীয়া আৰু স্থানীয় বৈচিত্ৰপ্ৰাপ্ত জাত-পাতৰ ধাৰণা আৰু শুচিবায়ুগ্ৰস্ততাৰে বহিপ্ৰকাশ অসমৰ উচ্চবৰ্ণৰ মধ্যবিত্ত সমাজৰ জনগোষ্ঠীয় সমাজ, খাদ্যাভ্যাস আদিৰ প্ৰতি থকা সুপ্ত অৱজ্ঞাৰ ভাৱ অথবা অতিশয় ৰোমান্টিকতা৷ এই নিবন্ধত আমি উল্লেখ কৰা DY বিহুৰাণী প্ৰতিযোগীৰ দেউতাকে “বজাৰত গাহৰি কাটে” বুলি কওঁতে উদ্ভৱ হোৱা হাঁহি-খিকিন্দালি এই মধ্যবিত্তীয় শুচিবায়ুগ্ৰস্ততাৰে অৱচেতন প্ৰকাশ৷ যদিওবা গাহৰি অসমৰ সৰহসংখ্যক জনগোষ্ঠীৰ নিয়মীয়া খাদ্য আৰু গাহৰি পোহা আৰু কটা অসমৰ অৰ্থনীতিৰ নিত্যান্তই স্বাভাবিক এক বৃত্তি ৷

এই সমস্ত অধ্যায়টোত আনুসংগিক ভাৱে আধুনিক অসমৰ বিহুৰ ইতিহাসৰ সাদৃশ্য আৰু প্ৰাসংগিকতা পাঠকে নিজেই উপলব্ধি কৰিব৷ অসমৰ সামাজিক ইতিহাসত বৰ্ণবাদী উন্নাসিকতাই কিৰূপ পাইছিল এটা সময়ত, বিহুৰ আধুনিক ইতিহাসলৈ চালেই গম পোৱা যায়৷ অসমীয়া জাতিৰ বাপতি সাহোনৰূপে স্বীকৃতি পোৱা বিহু ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোৰে হিয়াৰ আমঠুৰূপে পৰিগণিত হৈছে। কিন্তু বৰ্তমান জাতীয় মৰ্যাদা পোৱা বিহুৰ প্ৰতি অসমীয়া জাতীয়তাবাদৰ ভালেই কেইজন নব্য মধ্যশ্ৰেণীৰ শিক্ষিত লোকে অতি দু্ৰ্ভাগ্যজনক দৃষ্টিভঙ্গী আগবঢ়াই থৈ গৈছে। ব্ৰিটিছ শাসিত অসমৰ এই উদীয়মান শিক্ষিত মধ্যবিত্ত শ্ৰেণীটো আছিল মুলত: উচ্চ বৰ্ণহিন্দু প্ৰধান। ইতিমধ্যে উল্লেখ কৰা বৰ্ণবাদী গোড়ামীয়ে তেওঁলোকক জনজাতীয় কৃষক সমাজৰ পৰা আতঁৰাই ৰাখিছিল, আতঁৰাই ৰাখিছিল বিহুৰ পৰা। ব্ৰাহ্মণ্যবাদী নৈতিকতাৰ আৰু শ্ৰেণী-পৰিচিতি প্ৰভাৱৰ বাবেই হলিৰাম ঢেকীয়াল ফুকন, আনন্দৰাম  ঢেকীয়াল ফুকন, বুদ্ধীন্দ্ৰনাথ দিলিহিয়াল ভট্টাচাৰ্য, কমলাকান্ত ভট্টাচাৰ্য, গুণাভিৰাম বৰুৱা,  ৰত্নেশ্বৰ মহন্ত আদিয়ে বিহু সম্পৰ্কে অনেক কটু মন্তব্য আগবঢ়াই থৈ গৈছে। “বংগদেশৰ চৰক পূজাৰ সলনি ব’হাগত সাত দিন ধৰি চলা অসমৰ উৎসৱটি হ’ল বিহুৰ নৃত্য গীত। ইয়াত  সাধাৰণ শ্ৰেণীৰ তিৰোতা আৰু ইন্দ্ৰিয়াসক্ত পুৰুষে একেলগ হৈ অতি আপত্তিজনক নৃত্য গীত কৰে। গাঁও অঞ্চলত এই উৎসৱ বিশেষ উল্লেখযোগ্য। কিন্তু এই বেয়া ৰীতি কামৰূপত নাই। সৌমাৰতহে ইয়াৰ প্ৰচলন বেছি” (হলিৰাম ঢেকিয়াল ফুকন, আসাম বুৰঞ্জী, ১৮২৯, পৃষ্ঠা ১০৩-০৪)। উপনিৱেশিক শাসনাধীন কালৰ অসমৰ আন এগৰাকী বুদ্ধিজীৱি গুণাভিৰাম বৰুৱাৰো বিহুৰ প্ৰতি বিষোদগাৰ মন কৰিবলগীয়া৷ “চৈতৰ বিহুৰ সংক্ৰান্তিৰ পৰা সাতদিন কোনো ঠাইত ইতৰ লোকসকলে স্ত্ৰী-পুৰুষ কোনো প্ৰকাশ্যে স্থানলৈ গৈ নৃত্যগীত কৰে। সময়ত অবাচ্য ও অশ্লীল গীত গোৱা আৰু নিৰ্লজ্জ ভাৱ-ভংগী দেখুওৱা হয়। এইটি নিয়ম শীঘ্ৰে দেশৰপৰা গুছিলে বড় উপকাৰ আৰু সুনীতি সংস্থাপন কৰা হয়।”(গুণাভিৰাম বৰুৱা, আসাম বুৰঞ্জী)।

এই অসমৰ উদীয়মান মধ্যবিত্ত শ্ৰেণীৰ বিষয়ববীয়া সকলে বিহুৰ বিষয়ে কেৱল বিষোদগাৰ কৰিয়ে ক্ষান্ত হোৱা নাছিল৷ বৰং তেওঁবিলাকে চৰকাৰী বিষয়াৰ হাতত চাহাবলৈ লেখিলে যে ‘অশ্লীল’ বিহু নিষিদ্ধ কৰিব লাগে৷ জাত্যাভিমানীসকলৰ তেনে অপচেষ্টাৰ বিপৰীতে লক্ষ্মীনাথ বেজবৰুৱাই বিহুক আদৰি লবলৈ কাতৰ অনুৰোধ কৰি গৈছিল৷ “… কিন্তু আমাৰ সাতামপুৰুষীয়া  বিহুৰ নাচ ফেৰা আপোনালোকৰ চকুৰ কূটা, দাতৰ শাল৷” (লক্ষ্মীনাথ বেজবৰুৱা, “বিহু”, বেজবৰুৱা গ্ৰন্থাৱলী, প্ৰথম খন্ড, ১৯৮৮, পৃষ্ঠা ৭৪৩-৭৪৬)৷ বিহু গল্পটিত কাল্পনিক বুঢ়ী চৰিত্ৰৰ যোগেদি কোৱোৱা এইষাৰ কথা যেন বেজবৰুৱাৰ নিজৰ মনৰ কথা, উপনিবেশিক শাসনাধীন সময়ৰ শুচিবায়ুগ্ৰস্ত নগৰীয়া জ্যাত্যাভিমানী অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ বিহুৰ প্ৰতি  নতুনকৈ জগা বীতৰাগৰ উত্তৰ৷ জাতি এটাৰ জাতীয় সংস্কৃতিক গুৰুত্ব দি বেজবৰুৱা দেৱৰ লগতে ডিম্বেশ্বৰ নেওগ, সূৰ্য কুমাৰ ভূঞা, ৰজনীকান্ত বৰদলৈ আদিয়ে বিহুৰ সপক্ষে মাত মাতি বিহুক জাতীয় উৎসৱৰূপে উদযাপন কৰিবলৈ হাতত লৈছিল। এই সমস্ত কথা আৰু আনন্দ দাস, মইমত টাটিঙা হাজৰিকা আৰু ভনীয়েক চেনিমাইৰ ইংৰাজ চাহাবৰ আগত বিহু ৰক্ষাৰ প্ৰচেষ্টা অসমৰ সমাজ জীৱনৰ ৰূপকথাৰ কাহিনী৷ বিহু নিষিদ্ধ নহ’ল৷ বিহু জাতিস্কাৰ হৈ থাকিল সদায় গোড়া বৰ্ণবাদী প্ৰচেষ্টা নেওঁচি৷

মুঠৰ ওপৰত আমাৰ মাজত জাতি ধৰ্মৰ নামত খাদ্য- পোছাকৰ নতুন  বিশ্লেষণেৰে সমাজক  বিভ্ৰান্ত কৰাৰ বৃথা প্ৰয়াস কৰি অহা মানুহৰ সংখ্যা কম নহয়। কি খায়, কি পিন্ধে সেইয়া ব্যক্তি এজনৰ ব্যক্তি স্বতন্ত্ৰতা, তাত আনে হস্তক্ষেপ কৰাটো গ্ৰহণযোগ্য একেবাৰেই নহয়। একো একোটা জাতিৰ বিকাশ আৰু উৎপত্তি বিষয়ে বুজিবলৈ যাওঁতে আমি খাদ্যাভ্যাসৰ ওপৰত বিশ্লেষণ কৰাৰ অতি প্ৰয়োজনীয়। ভৌগোলিক আৰু জৈৱিক জটিলতাৰ বাবেই খাদ্যৰ বিষয়ে আলোচনা কৰা কাৰ্য্যটো বহুস্তৰিক। খাদ্য অভ্যাসক লৈ বিভিন্ন জাতিৰ মাজত বিভিন্ন বাধা থকাটো নিয়মমাফিক কিন্তু খাদ্যক লৈ বিৰূপ মন্তব্য কৰা, ঘৃণা কৰা, নোখোৱাজনক জবৰদস্তি খোওৱা, নিজে মুখত নিদিয়া বস্তু এটা আনে খালে উপহাস কৰা  কাৰ্য্য স্বাভাবিক নহয়। গাহৰি খোৱাক লৈ আমাৰ সমাজত এক আচৰিত ধৰণৰ অস্পৃশ্যতা জড়িত হৈ আছে। খাদ্যৰ লগত জড়িত বৰ্ণবাদে (Food racism) আমি নজনাকৈ জাতিটোক  ধ্বংস কৰাত অজ্ঞাতে প্ৰেৰণা দি আছে। গাহৰি, গৰু, শুকান মাছ, কুছিয়া, লেটা খোৱা  মানুহক ম্লেচ্ছ জ্ঞান কৰি হেয় চকুৰে চাই নিন্দা কৰা আমাৰ সমাজত দেখা যায়। আৰু এই নিন্দা কৰা কাৰ্য্যটোকে food racism বোলা হয়। খাদ্য হৈছে অন্যতম ৰাজনৈতিক অস্ত্র যাৰ দ্বাৰা সমাজত এটা নিজতকৈ বেলেগ আৰু নিম্ন “অন্যান্য” শ্ৰেণী এটা গঠন কৰি তাৰ  ওপৰত ভৎৰ্সন্না কৰি নিজকে উত্তম প্ৰমাণ কৰা। প্ৰত্যেক জাতিৰে পৰম্পৰাগত খাদ্যসম্ভাৰ  বেলেগ বেলেগ খাদ্যৰে সমৃদ্ধ। এক বিশেষ ভৌগোলিক পৰিবেশত চৌপাশে উপলব্ধ খাদ্য  সম্ভাৰকেই  সেই  ভৌগোলিক এলেকাৰ বাসিন্দাসকলে নিজৰ খাদ্যসম্ভাৰৰ তালিকাত  অন্তৰ্ভুক্ত কৰে আৰু তেনেকৈয়ে সেই বিশেষ জাতি বা জনজাতিৰ খাদ্যাভ্যাস গঢ় লয়। জনগোষ্ঠীয় খাদ্য সম্ভাৰক লেই লেই ছেই ছেই কৰাৰ সমান্তৰালভাৱে কিন্তু  প্ৰচাৰৰ জৰিয়তে  কিছুমান বিশেষ খাদ্য প্ৰতিযোগিতামূলক বজাৰত প্ৰদৰ্শনীমূলক অথবা “Exoticized” কৰি  দেখুৱা হয়। যেন, খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ বন্ধা৷ বৰ্তমান অসমত এই দুই সমান্তৰাল কাৰ্য্য পৰিপূৰক ভাৱে চলিছে৷ জাতিৰ সংকটৰ সময়, কথাবোৰ ভালদৰে ভাবি চোৱা দৰকাৰ। প্ৰতিটো জাতি জনগোষ্ঠীয়েই  একক আৰু অনন্য ৷ এই বৰণীয়া সংস্কৃতিৰ পুংখানুপুংখ অধ্যয়ন কৰাৰ অতিকে প্ৰয়োজন।  অধ্যয়নে সমুহ জনগোষ্ঠীক এটা জাতি হিচাবে প্ৰতিষ্ঠা কৰিব পাৰে ৷ জাতি গঠনৰ বাবে  প্ৰয়োজনীয় পৰিবেশ সৃষ্টি কৰিব পাৰে ৷ প্ৰতিটো জনগোষ্ঠীৰ বাবে স্বীকৃতি আদৰণীয় ৷ আমি কোনেও কাৰো কৃষ্টি সংস্কৃতিৰ খবৰ নল’লে হব জানো! এইটো বড়োৰ, সেইটো মিচিংৰ,  সেইটো টিৱাৰ, সেইটো গৰীয়াৰ, সেইটো আহোমৰ বুলি কৈ থকাতকৈ বৃহত্তৰ জাতি এটা গঢ়  দিবলৈ হলে আলি-আই-লিগাং, মে-ডাম-মে-ফি, কাবলা, তৰা চিঙা বা চাংকেনকে সমূহ অসমবাসীয়ে একগোট হৈ পাতিব লাগিব। এইবোৰ কেৱল গাহৰি খোৱা অনুষ্ঠান নহয়, প্ৰত্যেকটোৰে তাৎপর্য আছে। কোনো কোনো ঠাইত জীৱবিশেষে কাৰোবাৰ পবিত্ৰ-অপবিত্ৰ আদি প্ৰাচীন বিশ্বাস, ভাৱ-ভাৱনা থাকিলেও, সেইবোৰ আধুনিক যুগত পৰিহাৰ কৰিব নোৱাৰিলে মানসিক ভাৱে সমাজ বহুত পিচুৱাই যোৱাটো নিশ্চিত। এনে ক্ষেত্ৰত ব্যৱসায় আদিতো অগ্ৰগতি লাভ কৰিব পৰা নেযাব। পয়ালগা আমাৰ অৰ্থনীতিও টনকিয়াল হৈ নুঠিব। মানুহৰ যিকোনো সৎ প্ৰচেষ্টাক বাধা প্ৰদান নহয়, তেনে প্ৰচেষ্টাক সকলোৱে মিলি প্ৰসাৰিত কৰাত সহায় কৰা উচিত ।

লেখকদ্বয় যথাক্ৰমে আই আই টি গান্ধীনগৰ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ

প্ৰকাশিত মন্তব্য লেখকৰ নিজা

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.