সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কবিয়ে এৰি থৈ যোৱা বন্ধ খামত কি আছে?

‘নৃত্যৰতা পৃথিৱী’ এৰি গ’লগৈ জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকন। বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত দিনৰ ১১-৫৫ বজাত চিৰদিনলৈ চকু মুদিলে ‘গোলাপী জামুৰ লগ্ন’ৰ কবিয়ে। শব্দৰ যাদুকৰী খেলা,প্ৰতীক,চিত্ৰকল্পৰ অনন্য সমাহাৰেৰে কবিতাক এক উচ্চ পৰ্যায়লৈ লৈ গৈছিল নীলমণি ফুকনে। অসমীয়া কবিতাত এক নতুন ধাৰাৰ সৃষ্টি কৰি অসমীয়া কাব্য সাহিত্যক অধিক চহকী কৰি তোলা নীলমণি ফুকন আৰু কেতিয়াও নাহে ‘টোপনিত তিলফুলটো বিচাৰিবলৈ’। এক বৰ্ণময় কাব্যিক তথা সাহিত্যিক জীৱনত সকলো সন্মান পোৱা কবি নীলমণি ফুকনেও পাৰ কৰিব লগা হৈছিল এক সংকটৰ সময়। ‘পাতি সোণাৰুৰ ফুল’ৰ সুবাস লোৱা নীলমণি ফুকনে ৬০-৭০ৰ দশকত সন্মুখীন হৈছিল সংকটৰ। এক শক্তিয়ে কবি নীলমণি ফুকনৰ সমগ্ৰ কাব্যসত্বাটোকে ধ্বংসৰ চলাইছিল চেষ্টা। এক ভুৱা অপবাদেৰে তেওঁক ধ্বংস কৰি দিব বিচৰা হৈছিল। কবি নীলমণি ফুকনক ধ্বংস কৰিবলৈ অতি পৰিকল্পিতভাৱে কৰা হৈছিল ষড়যন্ত্ৰ। কিন্তু কি আছিল এই ষড়যন্ত্ৰ? কোনে কৰিছিল এই ষড়যন্ত্ৰ? ইয়াৰ বাবে আমি এটা হালধীয়া ৰঙৰ বন্ধ খামৰ প্ৰসংগ উত্থাপন কৰিব লাগিব। যিটো বন্ধ খামৰ ভিতৰত সোমাই আছে কবি নীলমণি ফুকনক ধ্বংস কৰাৰ বাবে চলোৱা ষড়যন্ত্ৰৰ কথা। কবি নীলমণি ফুকনে সকলো কথা লিখি এটা হালধীয়া ৰঙৰ খামৰ ভিতৰত ভৰাই আঠা লগাই দি থৈ গৈছে ৰাজ্যৰ বিশিষ্ট সাংবাদিক-সাহিত্যিক নিত্য বৰাক। চিঠিখনৰ খামটো বন্ধ কৰি গোট গোট চিনাকী আখৰেৰে ৰঙা চিয়াহীৰে লিখিছিল – “মই যোৱাৰ পিছতহে খামটো খুলিবা, বিশ্বাস ৰাখিবা”।
খামটোৰ ওপৰত ঠিকনা আছিল বিশিষ্ট চিন্তাবিদ, সম্পাদক-সাংবাদিক নিত্য বৰাৰ। নীলমণি ফুকনে এই খামটো ২০০৪ চনতেই নিত্য বৰাক দিছিল। তাৰ পাছৰ পৰাই এই বন্ধ খামটোক লৈ ব্যাপক চৰ্চা হৈছে। অসমৰ সাহিত্য জগতৰ লগত জড়িত বেছি সংখ্যক লোকেই এই বন্ধ খামটোৰ কথা জানে। কিন্তু ভিতৰত কি আছে নাজানে। নিত্য বৰাইও এই বন্ধ খামটোৰ ভিতৰত কি আছে সেই প্ৰসংগত ক’তো এটাও শব্দ কোৱা নাই। কোনোবাই সুধিলেও তেওঁৰ এটাই কথা—”নীলমণি ফুকনে তেওঁৰ মৃত্যুৰ পাছতহে বন্ধ খামটো খুলিবলৈ কৈছে।”
কিন্তু এতিয়া এই বন্ধ খাম খোলাৰ সময় আহিল। নিত্য বৰাই কবি নীলমণি ফুকনৰ মৃত্যুৰ পাছতেই কৈছে —”কবি গৰাকীৰ ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠানতেই খুলিব বন্ধ খামটো।”

কবিতাৰে নীলমণি ফুকনে অসমীয়া কবিতালৈ আনিছিল নতুনত্ব। যাৰ বাবে তেওঁ যথেষ্ট জনপ্ৰিয় হৈছিল। ষাঠি-সত্তৰ দশকত তেওঁ কবিতাৰ আন সমকালীন কবিৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছিল। হয়তো সেই ঈৰ্ষাৰ বাবেই সেই সময়ৰ আন এগৰাকী জনপ্ৰিয় কবিয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি এনে এক ষড়যন্ত্ৰৰ জাল মেলিছিল।

- Donation -

‘আমাৰ প্ৰতিনিধি’ নামৰ আলোচনী খনৰ গুৱাহাটীৰ কাৰ্যালয়ত সেই পুৰনণি ‘ইকো’ নামৰ আলোচনীখনৰ কপি দিবলৈ দুজন ব্যক্তি আহিছিল। আচলতে তেওঁলোকক পঠোৱা হৈছিল। ভূপেন হাজৰিকাই তেওঁৰ সম্পাদিত নিবন্ধত লিখা জনৈক মৃদুপৱন বৰুৱা কোন সেই সাঁথৰ নিশ্চয় ফাদিল হ’ব এতিয়া বন্ধ খাম খোলাৰ পাছত। সেই সময় অতি কষ্টৰে পাৰ কৰিছিল নীলমণি ফুকনে । ভৱেন বৰুৱাই ‘সংজ্ঞা’ নামৰ আলোচনীত নীলমণি ফুকনৰ পক্ষত নীলমণি ফুকনৰ কবিতাক লৈ লিখিছিল। সেই সময়ৰ বৌদ্ধিক সমাজে এই ষড়যন্ত্ৰৰ বিৰোধীতা কৰিছিল। সমগ্ৰ ঘটনাৰ বিৱৰণ আৰু নিত্য বৰাই এটা লেখাত লিখিছে – ”হাত-ভৰি-মুখ সমানে চলাব পৰা বুদ্ধিবাগীশ আমোলা অথবা কেৱল ৰাজনৈতিক সামাজিক প্রতিপত্তিৰ জোৰতে বৰ চুৰিয়াৰ ফেৰ মাৰি সাহিত্যত অৱলীলাক্ৰম কুম্ভিলক বৃত্তি চলাই যোৱাসকলৰ কথা আপাততঃ স্থগিত ৰাখিছো। এইবাৰ প্ৰায় ৩০ বছৰ আগৰ অসমৰ বৌদ্ধিক মহলৰ এক ভয়ংকৰ জালিয়াতিৰ কাহিনী লিখিবলৈ লৈছো। যিটো ঘটনাই অসমৰ এজন বৰেণ্য ব্যক্তিৰ সাহিত্যিক জীৱনৰ প্রায় পৰিসমাপ্তি ঘটাব ধৰিছিল।” কিন্তু এইগৰাক নীলমণি ফুকন এদিন কবিতা চুৰিৰ অভিযোগত অভিযুক্ত হ’ল।

১৯৭৪ চনৰ ৰঙালী বিহু সংখ্যা ‘আমাৰ প্রতিনিধি’ত আলোচনীত তদানীন্তন সম্পাদক ড° ভূপেন হাজৰিকাই তেওঁৰ সম্পাদকীয়ত জনৈক মৃদুপৱন বৰুৱাৰ এখন চিঠি উদ্ধৃত কৰিলে য’ত অভিযোগ কৰা হৈছিল যে নীলমণি ফুকনে ৰচনা কৰা বুলি ছপা হোৱা ‘টোপনিতো তেওঁ মোক’ নামৰ কবিতাটো আচলতে Leon Felipe Camino (1834) Nightmare নামৰ কবিতাটোৰ নকল। মৃদুপৱনৰ চিঠিত অন্য বহু কথা আছিল- সেইবোৰ বৰ প্ৰয়োজনীয় নহয়। মূল অভিযোগটো Nightmare ৰ অসমীয়া ৰূপান্তৰহে। মৃদুপৱনে তেওঁৰ অভিযোগৰ সাক্ষ্য প্রমাণ হিচাপে দাখিল কৰিছিল ECHO নামৰ এখন প্রায় জৰাজীর্ণ এলান্ধু লগা পুৰণি আলোচনী। আলোচনীখন প্রকাশ হৈছিল কেৰালাৰ কোচিন চহৰৰ কয়’ৰ ৰ’ডৰ পৰা। প্রকাশক সম্পাদক আছিল হাইদৰ বেইগ আৰু আলোচনীখন ছপা হৈছিল বিজয়বাড়া চহৰৰ ৰাঘৱন নামৰ এটা প্ৰেছত। ECHO ৰ ১৯৬১ চনত প্ৰকাশ হোৱা সেই বিশেষ সংখ্যাত A Galaxy Of International Poets 4 মাজত স্থান পোৱা Leon Felipe Caminoৰ Nightmare আৰু ফুকনৰ ‘টোপনিতো মোক…’ দুয়োটা কবিতা চিঠিখনৰ পৰা তুলি আমি আমাৰ প্রতিনিধিৰ পাতত উদ্ধৃত কৰা হৈছিল।

এই বাতৰিটোৱে অসমৰ বৌদ্ধিক জগতত আলোড়নৰ সৃষ্টি কৰিছিল। কবি নীলমণি ফুকনৰ প্ৰতি মানুহৰ সন্দেহ উপজিছিল। নীলমণি ফুকনেও কি কবিতা চোৰ কৰি লিখে? কিন্তু লাহে লাহে
এই ভয়ংকৰ ষড়যন্ত্র ধৰা পৰিছিল ।
মাত্ৰ কেইমাহমানৰ পাচতেই এই ভয়ংকৰ ষড়যন্ত্ৰ ফাদিল হৈছিল। কিন্তু কি আছিল সেই ষড়যন্ত্ৰ?মূল কথা হ’ল— কেৰালাৰ কোচিন চহৰৰ পৰা ECHO নামৰ কোনো আলোচনীয়েই প্রকাশ হোৱা নাছিল। কোচিনত নাছিল ক’য়’ৰ ৰড বুলি কোনো পথ। বিজয়বাড়াত ৰাঘৱন নামৰ কোনো ছপাশাল নাছিল। আনকি ৰহস্যময় ECHOত Galaxy Of International Poets ৰ মাজত স্থান পোৱা Leon Felipe Camino নামৰ কোনো স্পেনিছ কৰিব অস্তিত্বৰ কথাও কোনেও নাজানিছিল। অৱশ্যে Leon Felipe নামৰ এজন কবিৰ নাম আছে- পাৰিবাৰিক সূত্রে তেওঁ Leon Felipe Camino Galacia নামটো পাইছিল। এইজন কবিয়েও কাহানিও Nightmare নামৰ কবিতা লেখা নাছিল।

এইবোৰ তথ্য নীলমণি ফুকন সংগ্ৰহ কৰিছিল Penguin Book of Spanish verse ৰ সম্পাদক J. M. Cohen (ইংলেণ্ড). Academia Mexicana ৰ সঞ্চালক Augustin yanez (মেক্সিকো), জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্পেনিছ অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক ড°এছ দে (নতুন দিল্লী), স্পেনিছ এম্বেছী, মেক্সিকান এম্বেছী (নতুন দিল্লী) আদিৰ পৰা। তদানীন্তন কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক কে পি এছ গীলে বিশেষ তৎপৰতাৰে কেৰালা ৰাজ্যিক আৰক্ষীৰ সহায়ত অস্তিত্বহীন ECHO কয়’ৰ ৰ’ড ৰাঘৱন প্ৰেছ আদিৰ খবৰ সংগ্ৰহ কৰি কবি গৰাকীক সহায় কৰিছিল।
কবি নীলমণি ফুকনে এই সকলোবোৰ কথা সেই সময়ত গুৱাহাটীৰ পৰা প্রকাশিত ‘দৈনিক অসম’ কাকতৰ দুটা সংখ্যাত সংক্ষেপে ৰাজহুৱাকৈ জনাইছিল। ১৯৭৪ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ ভগৱতী প্রসাদ বৰুৱা ভৱনত অনুষ্ঠিত এখন নাগৰিক সভাই কবি নীলমণি ফুকনৰ বক্তব্য শুনি সাহিত্যিকৰ ষড়যন্ত্ৰৰ দুষ্কৰ্মৰ প্রতিবাদ কৰিছিল। সেই সভাত প্ৰয়াত সাহিত্যিক ড° ভবেন্দ্ৰ নাথ শইকীয়াই সকীয়াই দিছিল যে নীলমণি ফুকনৰ বেলিকা যি ভয়ংকৰ জালিয়াতি হৈছে সেয়া অসমৰ বৌদ্ধিক জগতলৈ অশনি সংকেত কঢ়িয়াই আনিছে। সেই সভাত উপস্থিত থাকি কবি নীলমণি ফুকনৰ লগত সহমর্মিতা প্রকাশ কৰিছিল ৰাধিকামোহন ভাগৱতী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কেশৱ মহন্ত, মুনীন বৰকটকী, মহেন্দ্ৰ বৰঠাকুৰ, অৰুণ শৰ্মা, হীৰেন্দ্ৰ নাথ দত্ত আৰু তাৰক গোস্বামী আদি ভালেমান সাহিত্য-সংস্কৃতি জগতৰ সন্মানীয় ব্যক্তিয়ে।
কিন্তু আচল ৰহস্যটো ক’ত জানেনে?
নীলমণি ফুকনৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলোৱা Nightmare নামৰ কবিতাটো ছপা হোৱা ECHO নামৰ আলোচনীখন ছপোৱা হৈছিল অসমতে। নীলমণি ফুকনৰ সাহিত্যিক জীৱন শেষ কৰি দিয়াৰ ষড়যন্ত্রণ অংগ হিচাপে দুগৰাকী কবিয়ে বহুদিন আগতেই এক ভয়াবহ ব্লু-প্রিণ্ট ৰচনা কৰিছিল, য’ত এখন ইংৰাজী আলোচনীত বিশ্বৰ বিখ্যাত কেইজনমান কবিৰ কবিতাৰ লগতে নীলমণি ফুকনৰ বহুপঠিত আৰু জনপ্রিয় “টোপনিতো মোক” কবিতাটো ইংৰাজীলৈ ভাঙনি কৰি Leon Felipe Canmino Nightmare বুলি ছপোৱা হৈছিল। কিন্তু ষড়যন্ত্রকাৰীসকলে অপৰাধৰ খুঁত এৰি থৈ গৈছিল।
অসমত ‘ছপা কৰা ECHO ৰ দুটা কপি ছপোৱা হৈছিল। ১৯৬১ চনৰ আলোচনী আৰু দেখুৱাব লাগিব ১৯৭৪ চনৰ। পৰিকল্পনাটো অনুমানিক বাস্তৱায়িত হৈছিল ১৯৭১ চন মানত। সেয়ে গুৱাহাটীৰ বাতৰি কাকত ছপা হোৱা প্ৰেছ এটাৰ পৰা মটিয়া ৰঙৰ নিউজ প্রিণ্ট কেইখিলামান সংগ্রহ কৰি তাতে ECHO ছপোৱা হৈছিল—যাতে দেখাত বহুদিনৰ আগৰ যেন লাগে। ছপাই ধোঁৱাচাঙত তুলি থোৱা হ’ল। তাৰ পাছত একেবাৰে ‘আমাৰ প্ৰতিনিধি’ৰ কাৰ্যালয়। তাৰ পাছৰছোৱা সকলোৱে জানে। এতিয়া এইবোৰ কথাৰ ৰহস্য ফাদিল হ’ব চিঠিখনৰ জৰিয়তে । ষড়যন্ত্ৰৰ আৰত কোন আছিল ? কোন সেই তিনিজন ব্যক্তি ? কাব্যঋষিৰ মৃত্যুৰ পাছত সেই চিঠিখনৰ প্ৰসংগৰে বিশিষ্ট সাংবাদিক, স্তম্ভ লেখক নিত্য বৰাই ক’লে বেংকৰ লকাৰত আছে নীলমণি ফুকনে তেওঁলৈ লিখা এই চিঠিখন । তেওঁক লৈ চলা ষড়যন্ত্ৰৰ সন্দৰ্ভত বিসদ ভাৱে কাকতত এটা লেখা লিখোতে নীলমণি ফুকনে এই চিঠিখন তেওঁৰ হাতত দি কৈছিল —”মোৰ মৃত্যুৰ পাছত এই চিঠি খুলিবা, বিশ্বাস ৰাখিবা ”
সেয়েহে নীলমণি ফুকনৰ মৃত্যুৰ পাছত তেওঁৰ কোনোবা এখন স্মৃতিচাৰণ সভাত খোলা হ’ব এই চিঠি । ৰাজহুৱা কৰিব কি লিখি থৈ গৈছিল নীলমণি ফুকনে । আৰু লগে লগে সেই ষড়যন্ত্ৰকাৰীৰ নামবোৰ পোহৰলৈ আহিব । যোৱা ১৯ বছৰে বন্ধ খামৰ ভিতৰতে আছে এই বিশেষভাৱে চৰ্চিত চিঠিখন । কিন্তু এতিয়া খোল খাব বন্ধ চিঠিৰ খাম। আৰু অসমে চিনি পাব কেইগৰাকীমান ষড়যন্ত্ৰকাৰীক।

Leave A Reply

Your email address will not be published.