সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উত্তৰপূৱৰ ২২ বিদ্ৰোহীক প্ৰত্যৰ্পণ ম্যানমাৰৰ

উত্তৰপূৱৰ ২২ বিদ্ৰোহীক প্ৰত্যৰ্পণ ভাৰতলৈ ৷
২২ গৰাকীকৈ ধৃত উত্তৰপূৱৰ উগ্ৰপন্থীক বিমানেৰে আনি ভাৰতৰ হাতত তুলি দিলে ম্যানমাৰ চৰকাৰে ৷ শুক্ৰবাৰে এইসকল ৱাণ্টেড উগ্ৰপন্থীক বিশেষ বিমানেৰে ভাৰতলৈ লৈ অহা হৈছে ৷ এই ২২ গৰাকী উগ্ৰপন্থী বহুদিন ধৰি অসম আৰু মণিপুৰত ৱাণ্টেড হৈ আছিল ৷
প্ৰত্যৰ্পিত এইসকল উগ্ৰপন্থীৰ মাজত আছে কেইবাজনো শীৰ্ষস্থানীয় নেতা ৷ এইসকলৰ মাজত আছে NDFBৰ ৰাজেন দৈমাৰী , মণিপুৰৰ UNLFৰ কেপ্তেইন সানাতোম্বা নিংথোজান , প্ৰিপাকৰ লেফটেণেন্ট পশুৰাম লাইছৰাম ৷
হিন্দুস্থান টাইমছৰ ৰিপৰ্ট অনুসৰি এই ২২ জন উগ্ৰপন্থীৰ ১২ জন জড়িত UNLF, প্ৰিপাক(প্ৰো) , KYEKL আৰু পিএল এ ৰ সৈতে জড়িত ৷ বাকী ১০জন জড়িত NDFB আৰু KLOৰ সৈতে জড়িত ৷
২০১৯ চনৰ মাৰ্চত ম্যানমাৰৰ “সাগায়িং”ত ম্যাণমাৰৰ সেনাই চলোৱা অভিযানত এইসকল উগ্ৰপন্থী ধৰা পৰিছিল ৷ চৰকাৰী সুত্ৰৰ মতে কুটনৈতিক স্তৰত চৰকাৰৰ ই এক ডাঙৰ সাফল্য ৷

Leave A Reply

Your email address will not be published.