সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আৰু কিমান দিনলৈ লকডাউন বৃদ্ধিৰ পোষকতা অসম চৰকাৰৰ?

অসমত দুসপ্তাহ বৃদ্ধি হ’ব পাৰে লকডাউন৷ কেৱল অসমেই নহয় ,সমগ্ৰ দেশত দুসপ্তাহ লকডাউন বৃদ্ধি কৰাৰ পোষকতা কৰিছে অসম চৰকাৰে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক আনুষ্ঠানিক পৰামৰ্শও আগবঢ়াইছে৷ উল্লেখ্য যে , লকডাউন ৪.০ সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহৰ পৰা পৰামৰ্শ বিচাৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ অসম চৰকাৰে কেন্দ্ৰক পৰৱৰ্তী দুসপ্তাহলৈ লকডাউন বৃদ্ধিৰ পৰামৰ্শ দিছে৷ আজি আছিল পৰামৰ্শ প্ৰদানৰ অন্তিম দিন৷ অৱশ্যে লকডাউন বৃদ্ধি হ’লেও ব্যৱসায়িক খণ্ডত কেতবোৰ বিশেষ সুবিধা প্ৰদান কৰাৰ সম্ভাৱনা আছে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.