সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি ১৭ মে’ : ন’ ৱান কিল্ড পৰাগ…

আজি ১৭ মে’৷ ১৯৯৬ চনৰ আজিৰ এই দিনটোতে মহানগৰীৰ ৰাজপথত মুকলিকৈ গুলীয়াই হত্যা কৰা হৈছিল সাংবাদিক পৰাগ কুমাৰ দাসক৷ সকলোৱে দেখিছিল বন্দুকধাৰী আততায়ীয়ে গুলীয়াইছে পৰাগ কুমাৰ দাসক ৷ অভিযুক্তৰ নামো মুকলিকৈ উচ্ছাৰিত হ’ল৷ বিচাৰৰ ভাৰ দিয়া হ’ল চি বি আইক আৰু নখ দাত নোহোৱা বাঘৰ দৰে চি বি আয়েও আদালতত অসহায় হৈ এসময়ত আত্মসমৰ্পন কৰিলে৷ সকলো অভিযুক্ত ইতিমধ্য়ে মুকলি হৈ গৈছে৷ সকলোৱে দেখিছিল সাংবাদিকগৰাকীক গুলীওৱা হৈছিল কিন্তু আদালতত প্ৰমান হৈছিল যে তেওঁক কোনেও হত্যা কৰা নাই ৷ ন’ ৱান কিল্ড পৰাগ কিমাৰ দাস৷ আজি সেই ১৭ মে’৷ ২৪ সংখ্যক মৃত্যুবাৰ্ষিকীৰ দিনটোত প্ৰয়াত ছহিদ সাংবাদিকগৰাকীক আমি শ্ৰদ্ধাৰে সুৱঁৰিছো আৰু তেওঁৰ এটি লেখাৰ কিয়দংশ আপোনালোকলৈ আগবঢ়াইছো-

ভাৰতীয় সময়ৰ বান্ধোন

- Donation -

মানুহ এজনৰ কৰ্মদক্ষতা দিনটোৰ সকলো সময়তে একে নাথাকে ৷নিশা দীঘলীয়া বিশ্ৰামৰ পিছত শুই উঠি মন আৰু দেহটোক যিমান সজীৱ আৰু তৎপৰ অৱস্থাত পোৱা যায় ,সেই সতেজতা দিনটোলৈ সমানে নাথাকে৷ তেনেদৰে আমাৰ দৰে কৰ্কট ক্ৰান্তীয় অঞ্চলত দিনটোৰ বিভিন্ন সময়ত সূৰ্যৰ পৰিৱৰ্তিত অৱস্থানেও কৰ্মদক্ষতাৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায়৷ সূৰ্যোদয়ৰ সময়ত কাম কৰাৰ যি সুন্দৰ পৰিৱেশ ,দুপৰ বেলিকা ৰ’দৰ প্ৰখৰ উত্তাপত পৰিৱেশ একে নাথাকে৷ আৰু সেইবাবেই আমাৰ কৃষকসকলে সূৰ্যোদয়ৰ লগে লগে পথাৰলৈ গৈ বেলি মূৰৰ ওপৰ নোপোৱালৈকে কাম কৰাৰ এক বিজ্ঞানসন্মত পৰম্পৰা চলি আহিছে৷ কিন্তু আমাৰ আনুষ্ঠানিক কৰ্মক্ষেত্ৰখন ভাৰতীয় সমাজব্যৱস্থাই বান্ধি পেলোৱাৰ ফলত সেই সতেজ কৰ্মদক্ষ সামৰ্থৰ পৰা সমাজখন উপকৃত হ’ব পৰা নাই৷ উত্তৰ পূৰ্বাঞ্চলত সূৰ্যোদয় হয় ৰাতিপুৱা ৫ মান বজাত ৷ব্যক্তিগত প্ৰাত:কৃত্য সমাপন কৰিবলৈ আমাক খুব বেছি এঘন্টা সময় লাগে৷ পিছে আমাৰ আনুষ্ঠানিক কৰ্মদিন আৰম্ভ হয় দুপৰীয়া দহ বজাৰ পৰাহে৷ অৰ্থাৎ সতেজ মনৰ কৰ্মদক্ষ প্ৰায় ৪ ঘন্টা বহুমূলীয়া সময় আমি অবাবতে নষ্ট কৰো৷ দহ বজাত কৰ্মক্ষেত্ৰ পাওগৈ মানে বেলি মূৰৰ ওপৰত উঠিলেই ৷ অৰ্থাৎ তেতিয়ালৈ আমাৰ শৰীৰটোৱে আধা আধি কৰ্মদক্ষতা হেৰুৱাই পেলায়৷ মন কৰিবলগীয়া যে ,ভাৰতীয় মান সময় অনুসাৰে আমাৰ আনুষ্ঠানিক কৰ্মদিন যিটো সময়ত আৰম্ভ হয় , কৰ্মঠ কৃষকজনৰ বাবে এয়া কাম সামৰাৰহে সময়৷ ভাৰতীয় যি মান সময়ৰ বান্ধোন আমাৰ ওপৰত জাপি দিয়া হৈছে সেয়া দৰাচলতে পশ্চিমাঞ্চলৰ বাবেহে উপযোগী৷ …… ভাৰতীয় মান সময় মানি দিল্লীৰ শাসকসকলৰ কৰ্মদিন দহ বজাৰ পৰা আৰম্ভ হোৱা বাবেই আমাৰ আনুষ্ঠানিক কৰ্মদিনো একে সময়তে আৰম্ভ কৰিব লাগিব বুলি কোনো কাৰণ থাকিব নোৱাৰে৷ আমেৰিকা যুক্তৰাষ্ট্ৰত ভিন্ন সময়ৰ বাবে ৫ টা সুকীয়া মান সময় চলে৷ ৰাছিয়াত চলে ৮ টা সুকীয়া মান সময়৷ … ভাৰতীয় মান সময়তকৈ দুঘন্টা আগবঢ়া সুকীয়া মানসময় এটা উত্তৰ পূৰ্বাঞ্চলৰ বাবে ধাৰ্য হোৱাটো আমি বিচাৰো ৷ সেয়ে হ’লে ,সূৰ্যোদয়ৰ লগে লগে আমাৰ আনুষ্ঠানিক কৰ্মদিনো আৰম্ভ হ’ব৷ আৰু সূৰ্যাস্তৰ লগে লগে কৰ্মদিন অনায়াসে সামৰিব পৰা যাব৷ এনে ব্যৱস্থাই আমাক সৰ্বাধিক কৰ্মদক্ষ সময় সমাজৰ প্ৰয়োজনত ব্যৱহাৰ নিশ্চিত কৰাৰ উপৰিও নিশা অযথা বিজুলীৰ অনুগ্ৰহৰ বাবে খাপ পিটি ৰ’বলগীয়া হোৱা তিক্ততাৰ পৰাও ৰেহাই দিব৷ .. >

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.