সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অঘটন ঘটিল JEC ত

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত অঘটন।হোষ্টেলৰ শোৱা কোঠালিতেই ৰহস্য জনক মৃত্যু পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অহা ছাত্ৰৰ।
J E.C কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ অভিভাৱকৰ।মহাবিদ্যালয় খনৰ ৫নং হোষ্টেলৰ ৫০৬ নম্বৰ কোঠাত সংঘটিত হৈছে এই ঘটনা।
পুৱাই সংঘটিত হোৱা ছাত্ৰ মৃত্যুৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল ৱাৰ্ডেন গৰাকীয়ে।মৃত্যু হোৱা ছাত্ৰ-জনৰ নাম শ্বাহ নিহাজুল নিহাজ।(২৬) ছাত্ৰজনৰ ঘৰ গুৱাহাটীৰ মিৰ্জাত।২০১৯ বৰ্ষৰ ছাত্ৰ জন আহিছিল পূৰ্বতে অনুত্তীৰ্ণ হোৱা এটা পৰীক্ষাত বহিবলৈ।আৰক্ষীৰ সূত্ৰ অনুসৰি অত্যধিক নিচাযুক্ত ড্ৰাগছ সেৱন কৰাই কাল হ’ল ছাত্ৰ জনৰ।অৱশ্যে মৰণোত্তৰ পৰীক্ষা নোহোৱা পৰ্যন্ত মৃত্যুৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণ কৰিব পৰা নাযাব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে৷ পৰিয়ালৰ লোক আহি নোপোৱাত JMCH তেই ৰখা হৈছে ছাত্ৰ জনৰ মৃতদেহ।

Leave A Reply

Your email address will not be published.