স্থান এৰি মান হেৰুৱালে ৰহাৰ বিধায়কে?

Share This Article

কচুৱাৰ ৰজাগাঁৱত অনুষ্ঠিত হৈছে হিন্দু সন্মিলন ।নিজস্বতা হেৰুৱাই দৰ্শকৰ শাৰীত বহি থাকিবলগীয়া হ’ল ৰহাৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশী কান্ত দাস।ৰহা সমষ্টিৰ ৰজাগাঁৱত অনুষ্ঠিত হোৱা গৰুবাট মৌজা হিন্দু সন্মিলনত এলাগি হল স্থানীয় বিধায়ক শশী কান্ত দাস। দৰ্শকৰ শাৰীত বহিয়েই উভতিল বিধায়ক জন। প্ৰায় এঘণ্টা ধৰি দৰ্শকৰ মাজতে বহি থকা বিধায়ক জনক মঞ্চলৈকো আমন্ত্ৰন নকৰিলে উদ্যোক্তা সকলে।আনকি বিধায়ক জনক আদৰণি অথবা চিনাকিও কৰি দিয়া নহ’ল।উল্লেখ্য যে শুক্ৰবাৰে নগাঁও জিলাৰ ৰহা সমষ্টিৰ এঘাৰ খন পঞ্চায়তৰ এক হিন্দু সন্মিলন অনুষ্ঠিত হৈছিল কচুৱাৰ ৰজাগাঁৱৰ শিঙিমাৰী পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহত।অসমৰ বাৰেৰহণীয়া নৃত্য -গীতৰ মাজৰে অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ বিয়লি বেলালৈ এখন লাজহুৱা সভাৰো আয়োজন কৰা হয়।স্থানীয় সমাজ কৰ্মী কমল ভৌমিকৰ সভিপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী ;ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসমৰ ক্ষেত্ৰীয় সহ প্ৰৱন্ধ বশিষ্ঠ বুজৰবৰুৱা ,তূলসী দাস ।সভাখনৰ আঁত ধৰে বিপ্লৱ ৰায় সম্পাদক মনোৰঞ্জন দাস আৰু প্ৰদীপ বৰাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.