‘ক’ মানে কিতাপ
অব কী বাৰ চাৰশ পাৰ -ব্যাপক প্ৰচাৰ আৰু সংবাদ মাধ্যমৰ জৰিয়তে বিজেপিয়ে এনে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল যে ২০২৪ নিৰ্বাচনত বিজেপিয়ে ৪০০ তকৈ অধিক আসন লাভ কৰিব৷ কিন্তু বিৰোধীয়ে এই নিৰ্বাচনী শ্ল’গানক সংবিধান সলনিৰ অভিপ্ৰায়ৰ লগত সাঙুৰি দিয়াৰ লগে লগে নিৰ্বাচনৰ পৰিৱেশ সলনি হ’বলৈ ধৰে৷ সফলতাৰ কৃতিত্বৰ দাবীদাৰ বহুত৷ কিন্তু ব্যৰ্থতা জাৰজ সন্তানৰ দৰে৷ ৪০০ নহয়, বিজেপি ২৪০ খন আসনত থমকি ৰ’ল৷ সেইবাবেই এই শ্ল’গানৰ দায়িত্ব ল’বলৈও কোনো আগবাঢ়ি নাহিল৷ ৰাজদ্বীপ সৰদেশায়ে নিজৰ গ্ৰন্থ ‘2024: The election that surprised India’ত উল্লেখ কৰা অনুসৰি, অব কী বাৰ চাৰশ পাৰ শ্ল’গানৰ জনক অমিত শ্বাহ নাছিল৷ এই শ্ল’গান নিৰ্ধাৰণ কৰা হৈছিল এই বছৰৰ জানুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিজেপি নেতৃত্বৰ এখন বৈঠকত৷ য’ত অমিত শ্বাহ উপস্থিত নাছিলেই৷ সেই বৈঠকতেই এজন জ্যেষ্ঠ নেতাই কয়, ‘মোদীজীৰ নেতৃত্বত আমি এইবাৰ ইতিহাস গঢ়িবলৈ গৈ আছো৷ যোৱাবাৰ আমি তিনিশ আসন পাইছিলো৷ এইবাৰ চাৰিশতকৈ বেছি পাম৷’ সেইবাবেই নিৰ্বাচনৰ মূল শ্ল’গান ‘অব কী বাৰ চাৰশ পাৰ’ হোৱা উচিত বুলি নেতাগৰাকীয়ে প্ৰস্তাৱ দিয়ে৷ নৰেন্দ্ৰ মোদীৰ নীৰৱ সন্মতিত সেয়াই হৈ পৰে বিজেপিৰ নিৰ্বাচনী শ্ল’গান৷ উক্ত বৈঠকত উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও৷ তেনেহ’লে কি হিমন্ত বিশ্ব শৰ্মাই ‘অব কী বাৰ চাৰশ পাৰ’ শ্ল’গানৰ প্ৰস্তাৱ দিছিল নেকি? সোধা হৈছিল হিমন্ত বিশ্ব শৰ্মাক৷ তেওঁৰ উত্তৰ, ‘নাই নাই মই কোনো সংখ্যাৰ কথা কোৱা নাছিলো৷ মই কেৱল অসম আৰু উত্তৰ পূৱত সৰ্বাধিক আসন জিকিবলৈ বিচাৰিছিলো৷’
****
শেহতীয়া নিৰ্বাচনত ভাৰতৰ মূলসুঁতিৰ প্ৰায়বোৰ সংবাদ মাধ্যম মুকলিকৈ বিজেপিৰ সমৰ্থনত নামি পৰিছিল৷ নেতিবাচক প্ৰচাৰেৰে বিৰোধীক একপ্ৰকাৰ নস্যাৎ কৰি দিয়া হৈছিল৷ কিন্তু আঁৰৰ পৰা সংবাদ মাধ্যম নিয়ন্ত্ৰণ কৰে কোনে? তেওঁৰ নাম হীৰেন যোশী৷ কোন চেনেলত কি কণ্টেণ্ট বাজিব, কি বিষয়ত টক শ্ব’ হ’ব সকলো নিৰ্ধাৰণ কৰে হীৰেণ যোশীয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আটাইতকৈ ঘনিষ্ঠ এইগৰাকী হীৰেণ যোশীকেই অমিত শ্বাহৰ পাছত চৰকাৰৰ আটাইতকৈ শক্তিশালী ব্যক্তি বুলি গণ্য কৰাই নহয়৷ কেৱল সংবাদ মাধ্যমক নিয়ন্ত্রণ কৰাই নহয়, চৰকাৰৰ সমালোচক ‘এন ডি টি ভি’ ক্ৰয় কৰে প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ বন্ধু গৌতম আদানিয়ে৷ তাৰ পূৰ্বে এন ডি টি ভিৰ স্বত্বাধিকাৰী প্ৰণয় ৰয়ক ই ডি, চি বি আই লগাই ব্যাপক হাৰাশাস্তি কৰা হৈছিল৷ এই কথাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সুধিছিল প্ৰখ্যাত সাংবাদিক, দ্য হিন্দু কাকতগোষ্ঠীৰ সঞ্চালক এন ৰামে৷ ২০১৮ চনত মোদীক এখন চাহমেলত লগ পাই তেওঁ প্ৰশ্ন কৰে, ‘চৰকাৰে এন ডি টি ভিক ধ্বংস কৰিবলৈ কিয় উঠিপৰি লাগিছে?’ প্ৰধানমন্ত্ৰীৰ উত্তৰ আছিল, ‘তেওঁলোক ইতিমধ্যে ধ্বংস হৈছে৷’ তাৰ ৪ বছৰ পাছত গৌতম আদানিয়ে বক্ৰপথেৰে ক্ৰয় কৰে এন ডি টি ভি৷ সেই এন ডি টি ভিৰ ওপৰত চলি থকা ই ডি, চি বি আইৰ সকলো গোচৰৰ ফাইনেল ৰিপ’ৰ্ট ইতিমধ্যে আদালতত দাখিল কৰা হৈছে৷ দুয়োটা সংস্থাই প্ৰণয় ৰয়ক দোষমুক্ত ঘোষণা কৰিছে৷
****
২০২৪ ৰ নিৰ্বাচনী ভৱিষ্যতবাণী কৰাত ব্যৰ্থ হৈছিল ইজনৰ পাছত সিজন ৰাজনৈতিক পণ্ডিত৷ ব্যৰ্থ হৈছিল প্ৰশান্ত কিশোৰো৷ কিন্তু ৰাজনৈতিক পৰামৰ্শদাতাৰ কাম এৰি সক্ৰিয় ৰাজনীতিত নামি পৰা প্ৰশান্ত কিশোৰে কিয় হঠাৎ ভৱিষ্যতবাণী কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছিল? সৰদেশাইৰ গ্ৰন্থত প্ৰশান্ত কিশোৰৰ আই পেকৰ এগৰাকী সহযোগীৰ উদ্ধৃতিৰে উল্লেখ কৰা অনুসৰি, লোকসভাৰ সমান্তৰালভাৱে অনুষ্ঠিত অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত চন্দ্ৰবাবু নাইডুৰ পৰামৰ্শদাতা হিচাপে কাম কৰিছিল প্ৰশান্ত কিশোৰে৷ যাৰ বাবে তেওঁ হায়দৰাবাদত বেছ কিছু দিন ধৰি বাহৰো পাতিছিল হয়তো তেওঁ আশা কৰিছিল যে চন্দ্ৰবাবু নাইডুক কৰা সহায়ৰ বিনিময়ত ২০২৫ চনত বিহাৰ বিধানসভা নিৰ্বাচনত নাইডুয়ে প্ৰশান্ত কিশোৰক অৰ্থনৈতিকভাৱে সহায় কৰিব৷ প্ৰশান্ত কিশোৰে যদিও ৰাজনৈতিক পৰামৰ্শদাতা হিচাপে আনুষ্ঠানিকভাৱে অৱসৰ লৈছে, তেওঁ অন্ধ্ৰপ্ৰদেশত চন্দ্ৰবাবু নাইডুৰ হৈ কাম কৰাটোও সঁচা কথা৷ ৰাজদ্বীপ সৰদেশাইৰ গ্ৰন্থত এই কথা সবিস্তাৰে উল্লেখ কৰা হৈছে৷
****
ই ডি, চি বি আই, কৰ্প’ৰেট গোষ্ঠী, উগ্ৰ সাম্প্ৰদায়িক কেম্পেইনৰ পাছতো কিয় বিজেপি ২৪০ খন আসনত থমকি ৰ’ল, সেয়া জানিবলৈ আপুনিও পঢ়ি চোৱা উচিত এই গ্ৰন্থখন৷ ২০২৪ ৰ সাধাৰণ নিৰ্বাচনৰ বহু ভিতৰুৱা কাহিনীৰে প্ৰকাশ পাইছে ৰাজদ্বীপ সৰদেশাইৰ শেহতীয়া গ্ৰন্থ ‘‘2024: The election that surprised India’৷ গ্ৰন্থখন প্ৰকাশ কৰিছে আগশাৰীৰ প্ৰকাশন গোষ্ঠী হাৰপাৰ কলিনছে৷ মূল্য–৭৯৯ টকা৷