দৰ্শকশূণ্য ষ্টেডিয়ামত আজিৰে পৰা টকিঅ’ অলিম্পিক

আজিৰে পৰা আৰম্ভ হ’ব বহু প্ৰতীক্ষিত টকিঅ’ অলিম্পিক ৷ মাত্ৰ নশ অতিথিৰ উপস্থিতিত এক আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰ জড়িয়তে অলিম্পিকৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হ’ব ৷ বিশ্বৰ দুই শতাধিক দেশৰ প্ৰায় ১৪ হাজাৰ খেলুৱৈ টকিঅ’ত উপস্থিত হৈছে যদিও  উদ্বোধনী অনুষ্ঠানৰ সময়ত ষ্টেডিয়ামত উপস্থিত থাকিব মাত্ৰ দুহেজাৰ এথলীট ৷ প্ৰতিখন দেশৰ মাৰ্চপাষ্টত সৰ্বাধিক ৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰিব ৷ কিন্তু উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই আয়োজকসকলৰ মাজত আৰম্ভ হৈছে প্ৰবল মতভেদ৷ ইয়াৰ পৰিণতিত  বৃহস্পতিবাৰে পুৱাই উদ্বোধনী অনুষ্ঠানৰ সঞ্চালকগৰাকীয়ে পদত্যাগ কৰিছে ৷ তাৰ পূৰ্বে আন এগৰাকী সংগীত পৰিচালকেও পদত্যাগ কৰিবলৈ বাধ্য হৈছিল ৷ একেসময়তে ক’ৰোণাৰ সংক্ৰমণে প্ৰতিমুহূৰ্ততে সন্ত্ৰস্ত কৰি ৰাখিছে এথলীট তথা আয়োজকসকলক ৷ এইবাৰৰ অলিম্পিক দৰ্শকশূণ্য ষ্টেডিয়ামত অনুষ্ঠিত হ’ব যদিও আয়োজক সমিতিৰ ৮০ জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোণাৰ উপস্থিতি ৷ ইয়াৰ বাহিৰেও আয়োজনৰ লগত জড়িত ঠিকাদাৰ , কেবাগৰাকীও এথলীট ইতিমধ্যে কোভিডত আক্ৰান্ত হৈছে ৷ এনে অনিশ্চয়তাৰ মাজতো প্ৰতিখন দেশেই ক্ৰীড়াক্ষেত্ৰত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে সাজু হৈছে ৷

জাপানৰ কোভিড পৰিস্থিতি কি ?

অলিম্পিকৰ বাবে যিমানেই জনসমাগম বাঢ়িছে ,সিমানেই জাপানত কোভিডৰ সংক্ৰমণো বাঢ়িব ধৰিছে ৷ ২১ জুলাইৰ দিনটোত দেশখনত ৪, ৯৩৩ গৰাকী লোক নতুনকৈ সংক্ৰমিত হৈছে ৷ ইয়াৰ আগৰ দিনটোত এই সংখ্যা আছিল ১, ১৯০ ৷ সেইবাবেই অলিম্পিক বাতিলৰ দাবীও তীব্ৰতাৰে উত্থাপন কৰা হৈছে ৷ কিন্তু অনিশ্চয়তা আতৰাই আজিৰে পৰা অলিম্পিক আৰম্ভ হোৱাটো নিশ্চিত কৰিছে আয়োজক সমিতিয়ে ৷

জাপান চৰকাৰে কি উপায় লৈছে ?

১৯ জুলাই পৰ্যন্ত জাপানৰ মুঠ জনসংখ্যাৰ ৩৫ শতাংশ লোকক এক পালি ভেকচিন প্ৰদান কৰা হৈছে ৷ ২৩ শতাংশই দুটাকৈ ভেকচিনৰ ডোজ লাভ কৰিছে ৷  অন্য দেশৰ তুলনাত জাপানত ভেকচিনেশ্যন অতি লেহেমীয়া হৈছে ৷ যাৰ বাবে অলিম্পিকৰ প্ৰতি লক্ষ্য ৰাখি দেশখনত কোভিড প্ৰটোকল অধিক কঠোৰ কৰি তোলা হৈছে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296