সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দৰ্শকশূণ্য ষ্টেডিয়ামত আজিৰে পৰা টকিঅ’ অলিম্পিক

আজিৰে পৰা আৰম্ভ হ’ব বহু প্ৰতীক্ষিত টকিঅ’ অলিম্পিক ৷ মাত্ৰ নশ অতিথিৰ উপস্থিতিত এক আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰ জড়িয়তে অলিম্পিকৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হ’ব ৷ বিশ্বৰ দুই শতাধিক দেশৰ প্ৰায় ১৪ হাজাৰ খেলুৱৈ টকিঅ’ত উপস্থিত হৈছে যদিও  উদ্বোধনী অনুষ্ঠানৰ সময়ত ষ্টেডিয়ামত উপস্থিত থাকিব মাত্ৰ দুহেজাৰ এথলীট ৷ প্ৰতিখন দেশৰ মাৰ্চপাষ্টত সৰ্বাধিক ৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰিব ৷ কিন্তু উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই আয়োজকসকলৰ মাজত আৰম্ভ হৈছে প্ৰবল মতভেদ৷ ইয়াৰ পৰিণতিত  বৃহস্পতিবাৰে পুৱাই উদ্বোধনী অনুষ্ঠানৰ সঞ্চালকগৰাকীয়ে পদত্যাগ কৰিছে ৷ তাৰ পূৰ্বে আন এগৰাকী সংগীত পৰিচালকেও পদত্যাগ কৰিবলৈ বাধ্য হৈছিল ৷ একেসময়তে ক’ৰোণাৰ সংক্ৰমণে প্ৰতিমুহূৰ্ততে সন্ত্ৰস্ত কৰি ৰাখিছে এথলীট তথা আয়োজকসকলক ৷ এইবাৰৰ অলিম্পিক দৰ্শকশূণ্য ষ্টেডিয়ামত অনুষ্ঠিত হ’ব যদিও আয়োজক সমিতিৰ ৮০ জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোণাৰ উপস্থিতি ৷ ইয়াৰ বাহিৰেও আয়োজনৰ লগত জড়িত ঠিকাদাৰ , কেবাগৰাকীও এথলীট ইতিমধ্যে কোভিডত আক্ৰান্ত হৈছে ৷ এনে অনিশ্চয়তাৰ মাজতো প্ৰতিখন দেশেই ক্ৰীড়াক্ষেত্ৰত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে সাজু হৈছে ৷

জাপানৰ কোভিড পৰিস্থিতি কি ?

- Donation -

অলিম্পিকৰ বাবে যিমানেই জনসমাগম বাঢ়িছে ,সিমানেই জাপানত কোভিডৰ সংক্ৰমণো বাঢ়িব ধৰিছে ৷ ২১ জুলাইৰ দিনটোত দেশখনত ৪, ৯৩৩ গৰাকী লোক নতুনকৈ সংক্ৰমিত হৈছে ৷ ইয়াৰ আগৰ দিনটোত এই সংখ্যা আছিল ১, ১৯০ ৷ সেইবাবেই অলিম্পিক বাতিলৰ দাবীও তীব্ৰতাৰে উত্থাপন কৰা হৈছে ৷ কিন্তু অনিশ্চয়তা আতৰাই আজিৰে পৰা অলিম্পিক আৰম্ভ হোৱাটো নিশ্চিত কৰিছে আয়োজক সমিতিয়ে ৷

জাপান চৰকাৰে কি উপায় লৈছে ?

১৯ জুলাই পৰ্যন্ত জাপানৰ মুঠ জনসংখ্যাৰ ৩৫ শতাংশ লোকক এক পালি ভেকচিন প্ৰদান কৰা হৈছে ৷ ২৩ শতাংশই দুটাকৈ ভেকচিনৰ ডোজ লাভ কৰিছে ৷  অন্য দেশৰ তুলনাত জাপানত ভেকচিনেশ্যন অতি লেহেমীয়া হৈছে ৷ যাৰ বাবে অলিম্পিকৰ প্ৰতি লক্ষ্য ৰাখি দেশখনত কোভিড প্ৰটোকল অধিক কঠোৰ কৰি তোলা হৈছে ৷

Leave A Reply

Your email address will not be published.