টেগ assam

সোমবাৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান !

ৰাজ্যত সোমবাৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান। ছেবাৰ ৪০ শতাংশ পাঠ্যপুথি সংকুচিত কৰি আৰম্ভ কৰা হব পাঠদান। শিক্ষা বিভাগে জাৰি কৰা SOP অনুসৰি আৰম্ভ কৰা হব শ্ৰেণীসমূহ। কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে। প্ৰতিটো…

আজিৰে পৰা মাজুলীত চলিব ২ খন ৰপেস্কসহ ৬খন জাহাজ

আজিৰ পৰা মাজুলীলৈ চলাচল কৰিব ২ খন ৰপেস্ক আৰু ৬ খনকৈ জাহাজ। নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটৰ মাজত চলাচল কৰিব জাহাজকেইখনে। যাত্ৰীৰ দুৰ্ভোগ আৰু নিৰাপত্তাৰ দিশটোৰ উপৰত লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰে এই বৃহৎ সিদ্ধান্ত। দুয়োটা ঘাটতে সংস্থাপিত কৰা…

নতুন এছ অ’ পি- কিদৰে পাতিব পাৰিব পূজা ?

ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে আন এখন নতুন এছ অ’ পি৷ বিশেষকৈ দূৰ্গাপূজাক সামৰি প্ৰকাশ কৰা এছ অ’ পিৰ নিদের্শনা সমূহ- 1.দূৰ্গাপূজা, কালীপূজা আদিৰ অনুমতি: জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক’ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব পূজা-উৎসৱ। 2.প্ৰত্যেক জিলা…

জঘন্য নাৰী নিৰ্যাতন কাণ্ডৰ ৪৮ ঘণ্টাৰ পাছতো আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই অভিযুক্তক?

ব্যৰ্থ ডিব্ৰুগড় আৰক্ষী! জঘন্য নাৰী নিৰ্যাতনৰ ঘটনাৰ ৪৮ ঘণ্টাৰ পাছতো ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ষ্টেটবেংক কাণ্ডৰ অভিযুক্তক। ৰাজ্যৰ বিশেষ আৰক্ষী অধীক্ষক জি পি সিঙৰ নিৰ্দেশৰ পিছতো ডিব্ৰুগড় আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই অভিযুক্তক। নাৰী নিৰ্যাতন কাণ্ডৰ ভিডিঅ ছছিয়েল…

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ দুই বিষয়াক তলব

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ আয়ুক্ত সচিব আৰু সঞ্চালকক তলব কৰিছে বিধানসভা আইন ৰূপায়ন সমিতিয়ে। নিমাতিঘাটৰ শোকাৱহ নাওঁ দুৰ্ঘটনাৰ কাৰণ দৰ্শাব লাগিব বিষয়াকেইজনে। বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত গঠন হোৱা বিশেষ সমিতিয়ে তলব কৰিছে বিষয়াকেইজনক। ঘটনা সম্পৰ্কে তথ্য দাঙি ধৰিব লাগিব বিষয়া…

সুখবৰঃ অসমত হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ

ক’ভিড সৃষ্ট পৰিস্থিতি আৰু তলাবন্ধই জনসাধাৰণক মাধমাৰ সোধাই থকাৰ মাজতে অসমবাসীৰ বাবে আহিছে এটা সুখবৰ। অসমত হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ৪৯৩ জন ব্যক্তি। ইয়াৰ পূৰ্বে সোমবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্ত হৈছিল ৫৬৪ জন ব্যক্তি।…

ডিব্ৰুগড ষ্টেট বেংকত মহিলাক যৌন নিৰ্যাতন

সভ্য সমাজক লজ্জানত কৰি এটা ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ডিব্ৰুগড ষ্টেট বেংকত শাৰী পাতি ৰৈ থকা অৱস্থাতেই যৌন নিৰ্যাতন বলি হয় এগৰাকী মহিলা। ঘটনাক লৈ ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। লম্পট ব্যক্তি জনক গ্ৰেপ্তাৰৰ দাবী কৰে…

Just in- মাজুলীৰ ভেকেলি চাপৰিত উদ্ধাৰ ফেৰী দুৰ্ঘটনাত নিখোঁজ চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ

অৱশেষত আজি উদ্ধাৰ হ’ল ভয়ংকৰ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত নিখোঁজ হৈ থকা ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ। মাজুলীৰ ভেকেলি চাপৰিত উদ্ধাৰ কৰা হৈছে মৃতদেহটো । ঘটনাস্থলীলৈ ইতিমধ্যেই ৰাওনা হৈছে SDRFৰ দল। উল্লেখ্য যে মাজুলীৰ গড়মুৰ চিকিৎসালয়ৰ চিকিৎসক আছিল ডাঃ বৰুৱা।

অৱশেষত গ্ৰেপ্তাৰ হ’ল অভিশপ্ত ‘মা কমলা’ৰ স্বতাধিকাৰী পানী ৰাম কলিতা

যোৱা ৮ ছেপ্টেম্বৰত যোৰহাটৰ নিমাতী ঘাটত সংঘটিত হোৱা মৰ্মান্তিক নাওঁ দুৰ্ঘটনাৰ পাছতেই তৎপৰ হৈ পৰা দেখা গৈছিল প্ৰশাসনক। অৱশেষত আজি গ্ৰেপ্তাৰ কৰা হ’ল নিমাতিঘাটত দুৰ্ঘটনাত পতিত হোৱা অভিশপ্ত ‘মা কমলা’ নামৰ নাওঁখনৰ স্বতাধিকাৰী পানী ৰাম কলিতাক। ডিব্ৰুগড়ৰ এখন হাস্পতালৰ পৰা…

ব্ৰহ্মপুত্ৰৰ তলেৰে ক’ত নিৰ্মান হ’ব সুৰংগ?

কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মহাবাহু ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰা হব ১৫.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ। দ্বৈত সুৰঙ্গ পথ নিৰ্মাণৰ বাবে ইতিমধ্যেই প্ৰস্তাৱ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ১২,৮০৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা প্ৰকল্পটোৰ সৰ্বমুঠ দৈৰ্ঘ্য প্ৰায় ৩৩ কিলোমিটাৰ। উত্তৰ…