Investigative reporting with dedication.

ৰাজ্যত সোমবাৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান। ছেবাৰ ৪০ শতাংশ পাঠ্যপুথি সংকুচিত কৰি আৰম্ভ কৰা হব পাঠদান। শিক্ষা বিভাগে জাৰি কৰা SOP অনুসৰি আৰম্ভ কৰা হব শ্ৰেণীসমূহ। কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে। প্ৰতিটো শ্ৰেণীতে ৩০ জনকৈ শিক্ষাৰ্থী উপস্থিত থাকিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক হলে কেইবাটাও শাখাত বিভক্ত কৰি পাঠদান সমূহ আৰম্ভ কৰিব লাগিব বুলি জনাই শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে। পৰ্যাযক্ৰমে আৰম্ভ কৰা হব বাকীসমূহ শ্ৰেণীও সেইবাবে অভিভাৱক সকলক সাজু হৈ থকাৰ আহ্বান জনাই শিক্ষামন্ত্ৰী গৰাকীয়ে।




