কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ সম্বন্ধীয় কৰ্মশালা

মানৱ অধিকাৰ ভংগ হোৱাৰ ধাৰাবাহিক ঘটনা সংঘটিত হৈ থকাৰ মাজতে কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত কাজিৰঙাত অনুষ্ঠিত কৰা হৈছে এখনি আলোচনা চক্ৰ। অহা ১৩ আগষ্টত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই আলোচনা চক্ৰত জনগণৰ মৌলিক অধিকাৰ সম্বন্ধেও আলোচনা কৰা হ’ব। কাজিৰঙা অধ্যয়ন…

ডাবল ইঞ্জিন বিকল,দোষ কিন্তু কংগ্ৰেছৰ !

মণিপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ সন্দৰ্ভত লোকসভাত মঙলবাৰে বক্তব্য ৰাখে কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ।মণিপুৰক লৈ মন্তব্য ৰাখি তেওঁ মণিপুৰ সম্পৰ্কত প্ৰধানমন্ত্ৰী মোডীৰ নীৰৱতাক লৈ প্ৰশ্ন কৰিছিল।কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন কৰিছিল।কিন্তু গৌৰৱ গগৈৰ প্ৰশ্নৰ উত্তৰ লোকসভাত নহয়,অসমৰ দিছপুৰত বহি উত্তৰ…

হায়দৰাবাদত জন্মাষ্টমী উপলক্ষে অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ ভাওনা প্ৰদৰ্শনৰ আয়োজন

পূৰ্বৰ বছৰৰ দৰেই চলিত বৰ্ষটো হায়দৰাবাদস্থিত অসমীয়া সাংস্কৃতিক গোষ্ঠীয়ে দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন কৰিছে। শ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ লগত সংগতি ৰাখি অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত হায়দৰাবাদস্থিত শ্ৰী শ্ৰী চাই গাৰ্ডেন ফাংচন হলত অহা ১০ ছেপ্টেম্বৰ তাৰিখে প্ৰবাসী অসমীয়া…

এমাহ নহ’লেই,৩৮ টা কমি ৩৭ হ’ল NDA ত

বিগত ৩ মে’ৰ পৰা জ্বলি আছে মণিপুৰ।কাণসাৰেই নাই কাৰো। যাৰবাবেই ক্ষোভিত হৈ পৰিছে NDA ৰ সহযোগী দল কুকি পিপুলচ এলায়েন্স।কুকি পিপুলচ এলায়েন্সে দেওবাৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ চৰকাৰৰ পৰা সমৰ্থন উঠাই লোৱা বুলি ঘোষণা কৰে।ইতিমধ্যে দলটোৱে তেওঁলোকৰ সমৰ্থন উঠাই লোৱা…

দেৱী পূজা কৰা দেশত নাৰীৰ শৰীৰ সহজলভ্য মঙহ!

আজি প্ৰায় ১০০ দিনৰো অধিক সময় হ’ল। মণিপুৰ জ্বলিয়েই আছে। মেইটেই আৰু কুকিৰ মাজত এখন যুজঁ আৰম্ভ হৈছিল। আৰু সেই যুজঁখন দুয়োপক্ষৰ মানুহৰ তেজেৰেই ক্ষান্ত নহ’ল। তাৰ পৰিবৰ্তে সেই জীঘাংসু মানুহবোৰক প্ৰয়োজন হ’ল নাৰীৰ তপত জীয়া তেজ, নগ্ন শৰীৰ। এগৰাকী মানুহ হিচাপে মণিপুৰৰ এই ঘটনা লিখিবলৈ গৈ হয়তো সুঁৱৰি উঠিব। বিগত প্ৰায় ডেৰ মাহ ধৰি আমাৰ দেশৰ এখন ৰাজ্য জ্বলি আছে। জনগোষ্ঠীয় সংঘৰ্ষৰে জ্বলি আছে উত্তৰ-পূৱৰ এখন অন্যতম ৰাজ্য মণিপুৰ। দুটা জনগোষ্ঠীৰ মাজত দপদপাই জ্বলি উঠা জুইকুৰাৰ গ্ৰাসত সোমাই পৰিছে ডেৰশৰো অধিক মানুহ। মানুহ আৰু মানুহৰ মাজত জ্বলি উঠা এই হিংসা-প্ৰতিহিংসাৰ জুইকুৰাৰ লেলিহান শিখাই গ্ৰাস কৰিছে পুৰুষ-নাৰী-শিশু-বৃদ্ধ-বণিতা। সেই মণিপুৰৰেই এটা দৃশ্যই আজি কঁপাই গৈছে মানুহৰ অন্তৰাত্মা। মৃতকৰ তেজেৰে ধোঁৱা সিংহাসনত বহা ৰজাই বিগত ডেৰ মাহে সাৰেই নাপালে। এখন দেশৰ সভ্যতাক কাললৈ শেষ কৰি পেলোৱা এটা জঘন্য ঘটনা ঘটি গ’ল মণিপুৰত। কুকি জনগোষ্ঠীৰ দুগৰাকী মহিলাক ৰাজপথত নগ্ন কৰি হাজাৰ-হাজাৰ লোকে যৌন নিৰ্যাতন চলাই দলৱদ্ধ ধৰ্ষণৰ বাবে লৈ গ’ল মুকলি পথাৰলৈ। ৰাজপথত মহিলা দুগৰাকীৰ নগ্ন শৰীৰৰ সৈতে ঘৃণা কৰিবলৈও ঘিণ লগা হাতবোৰে অকথ্য নিৰ্যাতন চলাই পেৰেড কৰোৱা হ’ল। বিভিন্ন সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৪ মে’ৰ দিনটোতেই সংঘটিত হৈছিল সেই ভয়াৱহ-নৃশংস-জঘন্য ঘটনা। আৰু এই দৃশ্য ঘটনাৰ প্ৰায় দুমাহৰ পাছত কোটি-কোটি মানুহে চাই আছে। scroll কৰিছে। লিখিছে ছ’ছিয়েল মিডিয়া পোষ্ট। প্ৰতিক্ৰিয়াৰে ভৰি গৈছে ছ’ছিয়েল মিডিয়া। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত যুদ্ধ জয়-পৰাজয়ৰ সময়ত নাৰীৰ শৰীৰ কেনেকৈ যুগে-যুগে শেষ পৰিনাম হৈ পৰে তাৰেই এক ভয়ংকৰ দলিল হৈ পৰিছে মণিপুৰৰ ঘটনা। “Indian Army Rape Us”বুলি নগ্ন হৈ প্ৰতিবাদ কৰিব পৰা সাহসী নাৰীৰ ৰাজ্য মণিপুৰৰ ৰাজপথত একাংশই দুগৰাকী নাৰীৰ দেহ ফালি চিৰাচিৰ কৰিলে।এই দেশত যুগে-যুগে নাৰীৰ শৰীৰ সহজলভ্য মঙহৰ দৰে ব্যৱহৃত হৈছে। দুগৰাকী কুকি-জো মহিলাৰ ভয়াৰ্ত চকুৰ আৰ্তনাদে দহি গৈছেনে সৱকা সাথ-সৱকা বিকাশৰ কথা কোৱা কেন্দ্ৰত বহি থকা জনপ্ৰতিনিধিৰ। অন্ধ ৰজাৰ দৰে বহি থকা কেন্দ্ৰৰ চৰকাৰখনে মণিপুৰৰ চৌদিশে মানুহৰ কেঁচা তেজৰ কেচেমা-কেচেম গোন্ধ পোৱা নাই। মানুহে মানুহক নৃশংস ভাৱে কৰা হত্যা-হিংসাৰ দাবানলত জ্বলি ছাই হৈ গ’ল মানৱ সভ্যতা। বীৰ […]

EXCLUSIVE: অসম চুক্তিৰ ৬ নং দফাৰ দায়িত্ব নলয় কেন্দ্ৰই

বিশেষ প্ৰতিবেদনঃ ‘‘অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰাৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ’’ – এই বক্তব্যৰে অসমীয়া জাতিৰ বহু আকাংক্ষিত ‘সাংবিধানিক ৰক্ষাকৱচ’ক লৈ চৰম প্ৰতাৰণা কৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ এক আৰ টি আই আবেদনত উন্মোচিত হৈছে…

কাকো দেখি ৰন্ধাবঢ়া ,কাকো দেখি দুৱাৰ মৰা নীতিৰে চলিছে ৰাজ্য !

উত্তৰ প্ৰদেশত বৰ্তমান যোগী আদিত্যনাথৰ চৰকাৰ চলি আছে।বিজেপি শাসিত অন্যতম ৰাজ্য উত্তৰ প্ৰদেশত যোগীৰ শাসন কালত আইন শৃংখলা পৰিস্থিতিৰ সমান্তৰালভাৱে জনতাই ক্ৰমশঃ হেৰুৱাই পেলাইছে জীৱন যাপনৰ অধিকাৰ।ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ বৈশিষ্ট্য ইতিমধ্যে উত্তৰ প্ৰদেশত মাটিৰ লগত মিলি যোৱা বুলি ক’লেও ভুল…

এদেও দুদেও লোটা নিয়াৰ চেও বিজেপিৰ !

৬০০ বছৰীয়া আহোম ৰাজত্বৰ শৌৰ্য্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ ঐতিহ্যত ঘূণে ধৰিছে৷লাচিত বৰফুকনক হিন্দু বীৰ বুলি উল্লেখ কৰি এক ঠেক গণ্ডীৰ মাজলৈ অনাৰ চেষ্টা চলাইছে বিজেপিয়ে।মঙলবাৰে নলবাৰী বিজেপিয়ে সামাজিক মাধ্যমত মহান বীৰ লাচিত বৰফুকনক হিন্দু বীৰ বুলি উল্লেখ কৰিলে।ইয়াৰ পিছতেই…