কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ সম্বন্ধীয় কৰ্মশালা

Share This Article

মানৱ অধিকাৰ ভংগ হোৱাৰ ধাৰাবাহিক ঘটনা সংঘটিত হৈ থকাৰ মাজতে কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত কাজিৰঙাত অনুষ্ঠিত কৰা হৈছে এখনি আলোচনা চক্ৰ। অহা ১৩ আগষ্টত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই আলোচনা চক্ৰত জনগণৰ মৌলিক অধিকাৰ সম্বন্ধেও আলোচনা কৰা হ’ব। কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা আৰু সমন্বয়ক ইন্দুপৱন শইকীয়াই এক বিবৃতিযোগে জনোৱা অনুসৰি, নজনাৰ দোষতে বহুক্ষেত্ৰত বহুজনে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব লগা হয়। সাধাৰণ জনতাই যাতে নিজৰ অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ উদ্দেশ্যৰেই কাজিৰঙাৰ কহঁৰাত আয়োজন কৰা হৈছে এইখন আলোচনা চক্ৰৰ। বিষয় ৰখা হৈছে মৌলিক অধিকাৰ আৰু মানৱ অধিকাৰ। উঠি অহা প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক নিজৰ অধিকাৰ সম্বন্ধে জ্ঞাত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। বিবৃতিটোত লগতে উল্লেখ কৰা মতে, মাত্ৰ ৩০ গৰাকীৰ বাবে আসন থকা এই আলোচনা চক্ৰত ইতিমধ্যে ৫০ গৰাকীয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত কহঁৰাস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া সম্পূৰ্ণ বিনামূলীয়া এই আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড° জয়ন্ত দাস, জ্যেষ্ঠ অধিবক্তা, বোাকাখাত উকীল সন্থাৰ সভাপতি জগত কলিতা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কিশোৰ কুমাৰ কলিতা।পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰখনিত অংশগ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীসকলক পুৱা ৮-৪৫ বজাত প্ৰেক্ষাগৃহটিত উপস্থিত হ’বলৈ আহ্বান জনাইছে উদ্যোক্তাই। কিবা জানিবলগীয়া থাকিলে ৯১০১৩০২৩৩১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.