দেৱী পূজা কৰা দেশত নাৰীৰ শৰীৰ সহজলভ্য মঙহ!

Share This Article

আজি প্ৰায় ১০০ দিনৰো অধিক সময় হ’ল। মণিপুৰ জ্বলিয়েই আছে। মেইটেই আৰু কুকিৰ মাজত এখন যুজঁ আৰম্ভ হৈছিল। আৰু সেই যুজঁখন দুয়োপক্ষৰ মানুহৰ তেজেৰেই ক্ষান্ত নহ’ল। তাৰ পৰিবৰ্তে সেই জীঘাংসু মানুহবোৰক প্ৰয়োজন হ’ল নাৰীৰ তপত জীয়া তেজ, নগ্ন শৰীৰ। এগৰাকী মানুহ হিচাপে মণিপুৰৰ এই ঘটনা লিখিবলৈ গৈ হয়তো সুঁৱৰি উঠিব। বিগত প্ৰায় ডেৰ মাহ ধৰি আমাৰ দেশৰ এখন ৰাজ্য জ্বলি আছে। জনগোষ্ঠীয় সংঘৰ্ষৰে জ্বলি আছে উত্তৰ-পূৱৰ এখন অন্যতম ৰাজ্য মণিপুৰ। দুটা জনগোষ্ঠীৰ মাজত দপদপাই জ্বলি উঠা জুইকুৰাৰ গ্ৰাসত সোমাই পৰিছে ডেৰশৰো অধিক মানুহ। মানুহ আৰু মানুহৰ মাজত জ্বলি উঠা এই হিংসা-প্ৰতিহিংসাৰ জুইকুৰাৰ লেলিহান শিখাই গ্ৰাস কৰিছে পুৰুষ-নাৰী-শিশু-বৃদ্ধ-বণিতা। সেই মণিপুৰৰেই এটা দৃশ্যই আজি কঁপাই গৈছে মানুহৰ অন্তৰাত্মা। মৃতকৰ তেজেৰে ধোঁৱা সিংহাসনত বহা ৰজাই বিগত ডেৰ মাহে সাৰেই নাপালে। এখন দেশৰ সভ্যতাক কাললৈ শেষ কৰি পেলোৱা এটা জঘন্য ঘটনা ঘটি গ’ল মণিপুৰত। কুকি জনগোষ্ঠীৰ দুগৰাকী মহিলাক ৰাজপথত নগ্ন কৰি হাজাৰ-হাজাৰ লোকে যৌন নিৰ্যাতন চলাই দলৱদ্ধ ধৰ্ষণৰ বাবে লৈ গ’ল মুকলি পথাৰলৈ। ৰাজপথত মহিলা দুগৰাকীৰ নগ্ন শৰীৰৰ সৈতে ঘৃণা কৰিবলৈও ঘিণ লগা হাতবোৰে অকথ্য নিৰ্যাতন চলাই পেৰেড কৰোৱা হ’ল। বিভিন্ন সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৪ মে’ৰ দিনটোতেই সংঘটিত হৈছিল সেই ভয়াৱহ-নৃশংস-জঘন্য ঘটনা। আৰু এই দৃশ্য ঘটনাৰ প্ৰায় দুমাহৰ পাছত কোটি-কোটি মানুহে চাই আছে। scroll কৰিছে। লিখিছে ছ’ছিয়েল মিডিয়া পোষ্ট। প্ৰতিক্ৰিয়াৰে ভৰি গৈছে ছ’ছিয়েল মিডিয়া। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত যুদ্ধ জয়-পৰাজয়ৰ সময়ত নাৰীৰ শৰীৰ কেনেকৈ যুগে-যুগে শেষ পৰিনাম হৈ পৰে তাৰেই এক ভয়ংকৰ দলিল হৈ পৰিছে মণিপুৰৰ ঘটনা। “Indian Army Rape Us”বুলি নগ্ন হৈ প্ৰতিবাদ কৰিব পৰা সাহসী নাৰীৰ ৰাজ্য মণিপুৰৰ ৰাজপথত একাংশই দুগৰাকী নাৰীৰ দেহ ফালি চিৰাচিৰ কৰিলে।এই দেশত যুগে-যুগে নাৰীৰ শৰীৰ সহজলভ্য মঙহৰ দৰে ব্যৱহৃত হৈছে। দুগৰাকী কুকি-জো মহিলাৰ ভয়াৰ্ত চকুৰ আৰ্তনাদে দহি গৈছেনে সৱকা সাথ-সৱকা বিকাশৰ কথা কোৱা কেন্দ্ৰত বহি থকা জনপ্ৰতিনিধিৰ। অন্ধ ৰজাৰ দৰে বহি থকা কেন্দ্ৰৰ চৰকাৰখনে মণিপুৰৰ চৌদিশে মানুহৰ কেঁচা তেজৰ কেচেমা-কেচেম গোন্ধ পোৱা নাই। মানুহে মানুহক নৃশংস ভাৱে কৰা হত্যা-হিংসাৰ দাবানলত জ্বলি ছাই হৈ গ’ল মানৱ সভ্যতা। বীৰ টিকেন্দ্ৰজিতৰ ৰাজ্য মণিপুৰ। উত্তৰ-পূৱৰ এখন সমৃদ্ধশালী ৰাজ্য মণিপুৰ। কিন্ত এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল মাথোঁ দুহাত সাৱটি মৌনব্ৰত পালন কৰিলে। মণিপুৰৰ বিজেপি চৰকাৰখনে পুতলা চৰকাৰৰ দৰে হাত সাৱটি বহি থাকিল। এই সংঘৰ্ষ নিৰ্মূল কৰিবলৈ কৰ্তন কৰা হ’ল ইণ্টাৰনেট। সেনা-আৰক্ষীৰ তহল চলিল। কিন্ত ৰাষ্ট্ৰই ৰক্ষা কৰিব নোৱাৰিলে দুগৰাকী নাৰীক। এটা মাথোঁ ফোনেৰে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত মাত মতা প্ৰধানমন্ত্ৰী মোডীয়ে আজি সাৰ পাইছে। প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়া দেশ আজি নগ্ন…জগৰীয়া কোন?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.