হায়দৰাবাদত জন্মাষ্টমী উপলক্ষে অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ ভাওনা প্ৰদৰ্শনৰ আয়োজন

Share This Article

পূৰ্বৰ বছৰৰ দৰেই চলিত বৰ্ষটো হায়দৰাবাদস্থিত অসমীয়া সাংস্কৃতিক গোষ্ঠীয়ে দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন কৰিছে। শ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ লগত সংগতি ৰাখি অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত হায়দৰাবাদস্থিত শ্ৰী শ্ৰী চাই গাৰ্ডেন ফাংচন হলত অহা ১০ ছেপ্টেম্বৰ তাৰিখে প্ৰবাসী অসমীয়া সকলৰ সহযোগত মহাভাৰতৰ আধাৰত ৰচিত এখনি ভাওনা নাট প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছে।হায়দৰাবাদস্থিত প্ৰবাসী অসমীয়া সকলৰ দ্বাৰা প্ৰদৰ্শন কৰিব লগা ভাওনা নাট খনৰ পৰিচালনা অসমৰ সুদৰ্শন শিল্পী সমাজৰ।ভাওনা নাটখনৰ নাম ‘নল দময়ন্তীৰ আখ্যান’ । এই কথা জানিবলৈ দিছে হায়দৰাবাদস্থিত অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ সভাপতি পলাশ বৰুৱা আৰু সম্পাদক বিপুল চেতিয়াই আৰু বিত্ত সম্পাদক নবীন শইকীয়াই।তিনিওগৰাকী কৰ্মকৰ্তাই জনোৱা অনুসৰি অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজন কৰা শ্ৰী কৃষ্ণৰ জন্মাষ্টমী অনুষ্ঠান তথা ভাওনা নাট প্ৰদৰ্শনৰ কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কেইবাগৰাকী মন্ত্ৰী, বিধায়ক উপস্থিত থাকিব। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিষান ৰেড্ডি গংগাপুৰমৰ লগতে ৰাজ্যখনৰ বিজেপি নেতা গাজ্জালো য়ুগানন্দাইও অংশ গ্ৰহণ কৰিব । স্মৰ্তব্য যে হায়দৰাবাদকে ধৰি দাক্ষিণাত্যৰ ৰাজ্যসমূহত অসমীয়া কলা -কৃষ্টিৰ বিকাশ আৰু প্ৰচাৰত অসমীয়া সাংস্কৃতিক গোষ্ঠীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.