এমাহ নহ’লেই,৩৮ টা কমি ৩৭ হ’ল NDA ত

Share This Article

বিগত ৩ মে’ৰ পৰা জ্বলি আছে মণিপুৰ।কাণসাৰেই নাই কাৰো। যাৰবাবেই ক্ষোভিত হৈ পৰিছে NDA ৰ সহযোগী দল কুকি পিপুলচ এলায়েন্স।কুকি পিপুলচ এলায়েন্সে দেওবাৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ চৰকাৰৰ পৰা সমৰ্থন উঠাই লোৱা বুলি ঘোষণা কৰে।ইতিমধ্যে দলটোৱে তেওঁলোকৰ সমৰ্থন উঠাই লোৱা পত্ৰখন ৰাজ্যপাললৈ প্ৰেৰণ কৰিছে।উল্লেখ্য যে মণিপুৰ প্ৰসংগক লৈ সদনত তালফাল লগায়ো শাসক দলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নহ’ল বিৰোধী।মণিপুৰত প্ৰতি দিনেই সংঘটিত হৈ আছে আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা।হাজাৰ হাজাৰ লোক গৃহহীন হৈছে মণিপুৰত।এতিয়ালৈকে মুঠ ১৮৭ গৰাকী লোক নিহত হোৱাৰ লগতে গৃহহীন হৈছে পঁৰায় ৬০ হাজাৰ লোক।বিগত জুন মাহৰ শেষৰ ফালে মণিপুৰ ভ্ৰমণলৈ আহিছিল গৃহমন্ত্ৰী অমিত শ্বাহ।মণিপুৰলৈ আহি তেওঁ উগ্ৰপন্থী সংগঠনক অস্ত্ৰশস্ত্ৰ জমা দিবলৈ নিৰ্দেশ দিছিল।আনকি তেওঁ সকলোৱে নিজৰ লগত জমা থকা অস্ত্ৰশস্ত্ৰ জমা দিলেনে নাই সেয়া চাবলৈ পুনৰ মণিপুৰলৈ যোৱাৰ কথা আছিল।কিন্তু এবাৰেই আহি দায়িত্ব সামৰা গৃহমন্ত্ৰী গৰাকীয়ে মণিপুৰলৈ পুনৰবাৰ উভতি নাহিল।বৰঞ্চ বিৰোধী নেতা ৰাহুল গান্ধীয়েহে দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণলৈ আহি আশ্ৰয় শিবিৰলৈ গৈয়ো ভুক্তভোগী জনতাক সাক্ষাৎ কৰিছিল।দেওবাৰে বিজেপিৰ সংগ এৰা কুকি পিপুলচ এলায়েন্সৰ দুজন বিধায়ক আছে ।মণিপুৰত মুঠ ৬০ গৰাকী বিধায়ক আছে৷বিজেপিৰ আছে ৩২ গৰাকী বিধায়ক।৫ গৰাকী কংগ্ৰেছ দলৰ বিধায়কো আছে মণিপুৰত।এনডিটিভিৰ লগত হোৱা এক সাক্ষাৎকাৰত কুকি পিপুলচ এলায়েন্সৰ তৰফৰ পৰা জনোৱা হয় যে ‘বৰ্তমানৰ পৰিবেশ আৰু আৰু পৰিস্থিতি চাই মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ লগত থকাটো অসম্ভৱ হৈ পৰিছে।কুকি পিপুলচ এলায়েন্সৰ এই মিত্ৰতা ভংগ হোৱাৰ পিছতে NDA ৰ সহযোগী দলৰ সংখ্যাও কমিল।বিগত ১৮ জুলাইত NDA ৰ সহযোগী দলৰ বৈঠকত অংশ লৈছিল কুকি পিপুলচ এলায়েন্সে।বৈঠকৰ এটা মাহ পাৰ নহওঁতেই NDA ৰ সংগ এৰিলে কুকি পিপুলচ এলায়েন্সে৷বৰ্তমান NDA ৰ সংগীৰ তালিকা ৩৭ লৈ হ্ৰাস পালে।কুকি দল সংগঠনবোৰে মুখ্যমন্ত্ৰী বীৰেন সিঙক মেইতে সম্প্ৰদায়ক অধিক গুৰুত্ব দিয়াৰ বাবে সমালোচনা কৰি আহিছে।আনকি ভাৰতীয় জনতা পাৰ্টিত থকা কুকি সম্প্ৰদায়ৰ বিধায়ক কেইগৰাকীয়েও বীৰেন সিঙৰ পদত্যাগ দাবী কৰি আহিছে।NDA ৰ সংগ এৰাৰ লগে লগে NEDA ৰ লগতো সম্পৰ্ক শেষ হ’ল কুকি পিপুলচ এলায়েন্সৰ।উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ সৰু বৰ দলক লৈ বিজেপিৰ নেতৃত্বত গঠন হৈছিল নেডাৰ।এই নেডাৰ অধ্যক্ষৰ দায়িত্বত আছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।নেডাৰ পৰা কুকি এলায়েন্স ওলাই যোৱা বিষয়টোত বৰ্তমানলৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই নেডাৰ অধ্যক্ষগৰাকীয়ে।কংগ্ৰেছমুক্ত উত্তৰ পূব গঢ়াৰ বাবেই ২০১৬ চনৰ১৪ জুলাইত গঠন হৈছিল নেডাৰ। দ্যা প্ৰিণ্টৰ আগত দিয়া মন্তব্যত ডব্লিউ লালম হেংচিঙে কয় ‘ আমি চৰকাৰক বাহিৰৰ পৰা সমৰ্থন দিছিলোঁ।আমি চৰকাৰৰ অংশীদাৰ নাছিলোঁ।কিন্তু বৰ্তমান আমাৰ কুকি -জমী ভাতৃভগ্নী সকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।আমাৰ এই সিদ্ধান্তৰ গুৰুত্ব তেওঁলোকৰ বাবে নায়েই।আমি পৃথক প্ৰশাসনৰ দাবী কৰি আহিছোঁ, সেই বিষয়টোলৈয়ো অলপো ভ্ৰুক্ষেপ নাই চৰকাৰৰ।’কুকি পিপুলচ এলায়েন্সৰ এই সিদ্ধান্তই শাসক দলৰ বৰ্তমান চৰকাৰৰ একো ক্ষতি নকৰিলেও কিন্তু লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰাটো নিশ্চিত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.