অনলাইন শ্বপিঙত সাৱধান : ৬০ টা ভুৱা ৱেবচাইটেৰে ২৫ কৌটি লুট

Share This Article

ভুৱা অনলাইন শ্বপিং ৱেবছাইটেৰে দেশত প্ৰৱঞ্চনাৰ জাল পেলাইছে চাইবাৰ অপৰাধীৰ এটা বিশেষ গোটে। ভুৱা শ্বপিং ৱেবছাইটৰ সহায়ত দিল্লীত দুৰ্বৃত্তই লুটিলে ২৫ কোটি টকা। দিল্লী আৰক্ষীৰ চাইবাৰ চেলে ভুৱা শ্বপিং ৱেবছাইটেৰে প্ৰৱঞ্চনাৰ জাল পেলোৱা ৫টাকৈ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে , এই প্ৰৱঞ্চক গোটটোৰ প্ৰৱঞ্চনাৰ বলি হৈছে প্ৰায় ১০ হাজাৰ লোক।

দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই প্ৰৱঞ্চক গোটটোৱে ভুৱা শ্বপিং ৱেবছাইট খুলি তাত অতি কম দামত মোবাইল ফোন, টেব কিম্বা কাপোৰ জাতীয় সামগ্ৰীৰ বিজ্ঞাপন প্ৰকাশ কৰে। তাৰ পিছত আগতীয়াকৈ ধন আদায় লৈ গ্ৰাহকলৈ কোনো সামগ্ৰী প্ৰেৰণ নকৰে এই গোটটোৱে।

দিল্লী চাইবাৰ চেলৰ ডিচিপিৰ নিৰ্দেশত ইন্সপেক্টৰ বিজেন্দ্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা বিশেষ দলে এই প্ৰৱঞ্চক গোটটোৰ বিৰুদ্ধে অভিযান চলাইছিল। তদন্তৰ অন্তত আৰক্ষীয়ে প্ৰথমতেই প্ৰৱঞ্চক দলটোৰ মাষ্টৰমাইণ্ড বিজয় অৰোড়াক আটক কৰিছিল। বিজয়ৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে ইতিমধ্যেই মনমীত সিং, ৰাজকুমাৰ, প্ৰদীপ আৰু অৱতাৰ সিং নামৰ আন চাৰি গৰাকী ব্যক্তিকো আটক কৰিছে।

অভিযুক্ত কেইজনে আৰক্ষীৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি তেঁওলোকে প্ৰায় ৬০ টা ভুৱা অনলাইন ৱেবছাইট তৈয়াৰ কৰিছে। এই ৬০টা ৱেবছাইটৰ পৰা দুৰ্বৃত্তৰ দলটোৱে প্ৰায় ১০০০০ ব্যক্তিক জালত পেলাই আত্মসাৎ কৰিছে ২৫ কোটি টকা। আৰক্ষীয়ে অভিযুক্ত কেইজনৰ কম্পিউটাৰ আৰু লেপটপ ইতিমধ্যেই জব্দ কৰিছে। এই প্ৰৱঞ্চক গোটটোৰ লগত আৰু কোনো দুষ্ট চক্ৰ জড়িত হৈ আছে বুলি এতিয়া সন্দেহ প্ৰকাশ কৰিছে দিল্লী আৰক্ষীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.