এজনী ৮ বছৰীয়া ছোৱালীক ৪০ ফুট গভীৰ এটা কুঁৱাৰ পৰা তুলিবলৈ যাওঁতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। উদ্ধাৰ কৰিবলৈ যাওঁতে সলিল সমাধি ঘটিছে ১১ জন লোকৰ। উদ্ধাৰ কৰিবলৈ যোৱা ৪০ জন লোকৰ ২০ জনক বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে । ঘটনাটোত মৃত্যুৰ হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উদ্ধাৰ কৰা ২০ জন লোকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ঘটনাটো মধ্য প্ৰদেশৰ বিদিশা নামৰ অঞ্চলত সংঘটিত হৈছিল। ৰাজ্যখনৰ মন্ত্ৰী বিশ্বাস চাৰাঙে মন্তব্য কৰিছে যে, উদ্ধাৰ অভিযান চলি আছে। অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান চাই মনোহৰে ঘটনা সম্পৰ্কে কয় যে, উদ্ধাৰৰ সময়ত কুঁৱাৰ দেৱালখন খহি পৰি প্ৰায় ৪০ জন লোক কুঁৱাটোত আবদ্ধ হৈ পৰিছিল । ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ বাবে তিনিটা জেচিবি মেচিন ব্যৱহাৰ কৰাৰ লগতে জড়িত হৈ আছে এনডিআৰএফ আৰু সেনাৰ দল।
জানিব পৰা মতে, বিদিশা জিলাৰ গঞ্জবাচোদা গাঁৱত খেলি থাকোতে ৮ বছৰীয়া ছোৱালীজনী কুঁৱাত পৰে । বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হৈছিল ঘটনাটো । গাওঁবাসীয়ে খবৰ পাই ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে। সেই সময়ত, কুঁৱাটোৰ দেৱালখন খহি পৰে আৰু প্ৰায় ৪০ জন লোক কুঁৱাটোত আবদ্ধ হৈ পৰে পৰে। ছোৱালীজনীৰ অৱস্থাৰ বিষয়ে বৰ্তমানেও চৰকাৰ অৱগত নহয়।
মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰেখনে মৃতকৰ পৰিয়ালক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে আৰু ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে। আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদানৰ লগতে ৫০,০০০ টকাৰ অনুদানো ঘোষণা কৰিছে ৰাজ্য চৰকাৰখনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ঘটনাটোত শোক প্ৰকাশ কৰিছে। এক টুইটযোগে প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে মৃতকৰ পৰিয়ালক ২ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.