চৰকাৰী শিক্ষা ধ্বংস কৰিবলৈ আৰু কিমান তললৈ নামিব অসম চৰকাৰ?
এইবাৰ আত্মসহায়ক গোটৰ নীৰিক্ষণত চৰকাৰী শিক্ষক
অসমৰ ৰাজহুৱা শিক্ষাখণ্ডক কবৰ দিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপেই লৈছে অসম চৰকাৰে৷ চৰকাৰী বিদ্যালয়সমূহলৈ ছাত্ৰ- ছাত্ৰীক আকৰ্ষণ কৰাৰ সলনি বিভিন্ন অজুহাতত বন্ধ কৰি দিয়া হৈছে ৬ হাজাৰৰো অধিক চৰকাৰী বিদ্যালয়৷ চৰকাৰৰ মূল যুক্তি চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী নাই৷ কিন্তু অসমৰ চৰকাৰৰ এই দাবীৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ লোকসভাত দাখিল কৰা তথ্য অনুসৰি, অসমৰ ৬৩,৮৪৮ টা শিশুয়ে এতিয়া বিদ্যালয় গৰকা নাই৷ এইসকল শিশুক বিদ্যালয়লৈ অনাৰ সলনি অসম চৰকাৰ ব্যস্ত হৈ পৰিছে চৰকাৰী বিদ্যালয় বন্ধ আৰু চৰকাৰী বিদ্যালয়ৰ শিক্ষকক অনাশৈক্ষিক কামত নিয়োগ কৰাত৷
উপস্থিতিৰ পৰা সাজ পোছাকলৈ এশ এবুৰি নিৰ্দেশনাৰে শিক্ষক সমাজক অপদস্থ কৰাৰ পাছত এইবাৰ শিক্ষকক নিয়োগ কৰিবলৈ লোৱা হৈছে মহিলা উদ্যমিতা অভিযানত৷ প্ৰকাশিত বাতৰি অনুসৰি, এইবাৰ আত্মসহায়ক গোটসমূহৰ ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণৰ দায়িত্ব দিয়া হৈছে শিক্ষকসমাজক৷ শিক্ষকসকলে আত্মসহায়ক গোটক প্ৰশিক্ষণো প্ৰদান কৰিব লাগিব৷ অমৃত কলহ যাত্ৰাৰ পৰা আৰম্ভ কৰি খেলো ইণ্ডিয়ালৈ, হিতাধিকাৰী পৰীক্ষাৰ পৰা আত্মসহায়ক গোটৰ নীৰিক্ষণলৈ–অনেক চৰকাৰী কাৰ্যসূচীত পোনপটীয়াকৈ নিয়োগ কৰা হৈছে চৰকাৰী শিক্ষকসকলক৷ শিক্ষকসমাজক অনাশৈক্ষিক কৰিবলৈ যাওতে শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে পাহৰি গৈছে আইন আদালতৰ এটা এটা নিৰ্দেশনা৷ সেইবাবেই শিক্ষামন্ত্ৰীক মনত পেলাই দিব বিচাৰিছো–অনা শৈক্ষিক কামত চৰকাৰী শিক্ষকক নিয়োগ সন্দৰ্ভত কি কৈছে দেশৰ আইন আদলতে?
২০১৬ চনৰ ৭ ছেপ্তেম্বৰত বিজনেচ ষ্টেণ্ডাৰ্ড কাকতত প্ৰকাশিত বাতৰি অনুসৰি উচ্চতম ন্যায়ালয়ৰ উদ্ধৃতিৰে কোৱা হৈছে যে বিদ্যালয়ৰ শিক্ষক আৰু মহাবিদ্যালয়ৰ অধ্যাপকসকলক অনা শৈক্ষিক কামত নিয়োগ কৰাটো সংবিধান বিৰুদ্ধ কথা৷ অন্ধ্ৰপ্ৰদেশৰ ৩২ গৰাকী শিক্ষকক বিধায়কৰ ব্যক্তিগত সচিব হিচাপে নিয়োগ কৰা এক গোচৰৰ ৰায়দান কৰি ন্যায়াধীশ চি নাগাপ্পান আৰু দীপক মিশ্ৰৰ আদালতে এই ৰায়দান কৰিছিল৷ ৰায়দানত শিক্ষকক অনাশৈক্ষিক কামত নিয়োগ কৰাটো সংবিধান বিৰুদ্ধ বুলি স্পষ্টকৈ কোৱা হৈছে৷ ঠিক একেদৰে ২০১৭ চনৰ ১৯ জানুৱাৰীত হিন্দুস্তান টাইমছত এক বাতৰি অনুসৰি প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিয়োগ কৰা বিশেষজ্ঞ সমিতিয়ে মন্তব্য কৰিছিল যে শিক্ষকক অনা শৈক্ষিক কামত নিয়োগ কৰাটো অনুচিত৷ শিক্ষকে কেৱল শৈক্ষিক কামতহে মনোনিৱেশ কৰা উচিত৷ কেইবাগৰাকীও সচিবক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গঠন কৰিছিল এই বিশেষজ্ঞ সমিতিখন৷ সমিতিয়ে মন্তব্য কৰিছিল যে শিক্ষকসকলক পশুৰ জৰীপৰ পৰা আৰম্ভ কৰি নিৰ্বাচনৰ দায়িত্ব, পলিঅ’ প্ৰদানলৈকে বিভিন্ন কামত নিয়োগ কৰা হয়৷ যিয়ে শিক্ষাদান প্ৰক্ৰিয়াক ব্যাহত কৰিছে৷ এই বিশেষজ্ঞ সমিতিৰ উদ্ধৃতিৰে বাতৰিটোত উল্লেখ কৰা হৈছে এইদৰে- ‘শিক্ষাৰ অধিকাৰ আইন, ২০০৯ অনুসৰি, শিক্ষকসকলক কেৱল ৩ টা অনা শৈক্ষিক কামতহে নিয়োগ কৰিব পাৰি৷ সেয়া হ’ল–লোকপিয়ল, দুৰ্যোগ আৰু নিৰ্বাচন৷ নিৰ্বাচনৰ ক্ষেত্ৰত কেৱল ভোটদান আৰু ভোটগণনাতহে শিক্ষকক নিয়োগ কৰিব পাৰি৷’
অথচ শিক্ষাৰ অধিকাৰ আইন, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰি ৰণোজ পেগু নেতৃত্বাধীন শিক্ষা বিভাগে অমৃত কলহ যাত্ৰাৰ পৰা খেলো ইণ্ডিয়ালৈকে আটাইবোৰ অপ্ৰয়োজনীয়, অনাশৈক্ষিক কামত শিক্ষকসকলক নিয়োগ কৰি আহিছে৷ কেৱল শিক্ষাৰ অধিকাৰ আইন, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ বা বিশেষজ্ঞ সমিতিৰ মন্তব্যই নহয়, দেশৰ কেইবাখনো উচ্চ ন্যায়ালয়ে শিক্ষকক অনা শৈক্ষিক কামত নিয়োগৰ বিৰুদ্ধে কঠোৰ ৰায়দান কৰি আহিছে৷
২০১৯ চনত দিল্লী পৌৰ নিগমে এক জৰীপৰ কামত শিক্ষকক নিয়োগ কৰিবলৈ লৈছিল৷ তাৰ বিৰুদ্ধে শিক্ষক সমাজ দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ এই গোচৰৰ ৰায়দান কৰি দিল্লী উচ্চ ন্যায়ালয়ে কৈছিল যে শিক্ষা অধিকাৰ আইনৰ বাহিৰত শিক্ষকসকলক কোনো অনা শৈক্ষিক মাত নিয়োগ কৰিব নোৱাৰিব৷ দিল্লী উচ্চ ন্যায়ালয়ৰ মন্তব্য আছিল এনেকুৱা-‘শিক্ষা এটা গুৰুত্বপূৰ্ণ বিষয়৷ শিক্ষকসকলে ভৱিষ্যতৰ বাবে মগজুক পৰিপুষ্টি যোগানৰ কাম কৰে৷ প্ৰতিগৰাকী শিক্ষকক একনিষ্ঠভাৱে এই কাম কৰিবলৈ দিয়া উচিত৷ তেওঁলোকক আন কাম জাপি দিয়াটো অপমানতকৈ কোনোগুণে কম নহয়৷ যিয়ে শিক্ষাদানৰ দৰে মহৎ কামৰ পৰা মনোযোগ ব্যাহত কৰে৷’ এয়া আছিল শিক্ষকক অনাশৈক্ষিক কামৰ বোজা জাপি দিয়া সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ৷
২০২১ চনত একেই ৰায়দান কৰিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ মধ্যাহ্ন ভোজন, আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ একাউণ্ট পৰিচালনালৈকে শিক্ষকৰ ওপৰত থকা কামৰ বোজা হ্ৰাস কৰি এলাহাবাদ উচচ ন্যায়ালয়ে মন্তব্য কৰিছিল যে শিক্ষা অধিকাৰ আইনৰ বাহিৰত কোনো অনা শৈক্ষিক কামত শিক্ষকক নিয়োগ কৰিব নোৱাৰিব৷ নিৰ্বাচন, লোকপিয়ল আৰু দুৰ্যোগৰ সময়তহে শিক্ষকক দিব পাৰিব অনা শৈক্ষিক কামৰ দায়িত্ব৷ এই নিৰ্দেশৰ পাছতেই এলাহাবাদ উচ্চ ন্যায়ালয়ে জিলা উপায়ুক্ত আৰু জিলা শিক্ষা বিষয়াসকললৈ জাননীও জাৰি কৰিছিল৷ এইদৰেই শিক্ষকক অনা শৈক্ষিক কামত নিয়োগৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ পৰা উচ্চ নয়ায়ালয়লৈ অনেক কঠোৰ ৰায়দান আছে৷ কিন্তু শিক্ষা বিভাগে শিক্ষকক শাস্তি দি ৰং চোৱাৰ এক নতুন উৎসৱৰহে যেন আয়োজন কৰিছে৷ চৰকাৰী শিক্ষকৰ ওপৰত মানসিক চাপ সৃষ্টি কৰিবলৈ উঠি পৰি লগা শিক্ষা বিভাগে ন্যায়ালয়ৰ এই ৰায়সমূহলৈ চকু দিবনে? এয়া হৈ পৰিছে সাম্প্ৰতিক সময়ৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন৷