অৱসৰৰ পূৰ্বে ডি ৱাই চন্দ্ৰচূড়ৰ ঘৰলৈ কিয় গৈছিল প্ৰধানমন্ত্ৰী মোদী?

Share This Article

দেশৰ সদ্য প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ শেহতীয়া এটা মন্তব্য চৰ্চিত হৈ পৰিছে। এটা সংবাদ মাধ্যমত দিয়া সাক্ষাত্কাৰত তেওঁ কয়, একাংশ লোকে ন্যায়পালিকাৰ কান্ধত বন্দুক থৈ গুলী চলাব বিচাৰে। কিন্তু প্ৰশ্ন হৈছে, কোন এই একাংশ লোক?
কিছুদিন পূৰ্বে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আদালতৰ কাম-কাজক লৈ আপত্তি দৰ্শাইছিল। তেওঁ কৈছিল – ন্যায়পালিকাৰ কামো এতিয়া বিৰোধীয়ে কৰিবলগীয়া হৈছে। আমিয়েই এতিয়া মিডিয়া, তদন্তকাৰী সংস্থা আৰু ন্যায়পালিকাৰ কাম কৰি আছো। ৰাহুল গান্ধীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমটোত দিয়া সাক্ষাত্কাৰত প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, মই ৰাহুল গান্ধীৰ সৈতে বিতৰ্ক কৰিব নিবিচাৰো, কিন্তু ৰাইজে বিশ্বাস কৰা উচিত নহয় যে সংসদ বা বিধানসভাত ন্যায়পালিকাই বিৰোধীৰ ভূমিকা পালন কৰিব লাগে। এইটো এটা ভুল ধাৰণা। এইটো সলনি কৰিব লাগে।
আনফালে মুখ্যন্যায়াধীশগৰাকীয়ে সঞ্জয় ৰাউটৰ এটা মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সঞ্জয় ৰাউটে অভিযোগ উত্থাপন কৰিছিল যে, ডি ৱাই চন্দ্ৰচূড়ে দল সলনি কৰা নেতাৰ মনৰ পৰা আইনৰ ভয় নাইকীয়া কৰি পেলালে। দল সলনি কৰা নেতাৰ বিধায়ক পদ খাৰিজ কৰা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ নকৰি দল সলনিৰ বাবে দুৱাৰ-খিৰিকী খুলি ৰাখিলে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডি ৱাই চন্দ্ৰচূড়ে কয়, কোনটো গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ে ল’ব লাগে সেইটো কোনো পক্ষই সিদ্ধান্ত ল’ব নোৱাৰে।
এনে প্ৰশ্নৰ উপৰিও আন বহু প্ৰশ্নৰ কাঠগৰাত ঠিয় হ’ল প্ৰাক্তন মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়। মুখ্য ন্যায়াধীশ হৈ থকা অৱস্থাত ডি ৱাই চন্দ্ৰচূড়ৰ ঘৰলৈ গণেশ চতুৰ্থীত প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাক লৈও তেওঁ প্ৰশ্ন সোধা হৈছিল। কিয়নো এই বিষয়টোক লৈ সেই সময়ত বিৰোধীয়ে তীব্ৰ আপত্তি দৰ্শাইছিল। বহুতেই তদানীন্তন মুখ্য ন্যায়াধীশগৰাকীৰ এনে কাৰ্যক লৈ সমালোচনা কৰাও দেখা গৈছিল। এই প্ৰশ্নৰ উত্তৰ দি তেওঁ কয়, এইটো কোনো অসাধাৰণ কথা নহয়। ইয়াৰ পূৰ্বেও এজন প্ৰধানমন্ত্ৰীয়ে সামাজিক অনুষ্ঠানত ন্যায়াধীশৰ ঘৰলৈ গৈছিল। আমি কৰা কামৰ ভিত্তিত আমাক মূল্যায়ন কৰা উচিত। প্ৰধানমন্ত্ৰী মোৰ ঘৰলৈ অহাটো সামাজিক শিষ্টাচাৰৰ বিষয়। এইবোৰ সকলোৱে মানি চলিব লাগে। এই সাক্ষাতে আমাৰ কামত কোনো প্ৰভাৱ পেলোৱা নাই।
ভাৰতত গোচৰৰ অনুপাতে ন্যায়াধীশৰ সংখ্যা কম হৈ থকা বিষয়েও উল্লেখ কৰে ডি ৱাই চন্দ্ৰচূড়ে। তেওঁ কয়, ভাৰতত জনসংখ্যাৰ অনুপাতে ন্যায়াধীশৰ সংখ্যা অতি কম। এই ক্ষেত্ৰত পৃথিৱীৰ বহু দেশ আমাতকৈ আগত। জিলা আদালততো গোচৰৰ সংখ্যা অনুযায়ী ন্যায়াধীশৰ সংখ্যা কম। বৰ্তমান জিলা আদালতত ২১ শতাংশ পদ খালী হৈ আছে। এই ক্ষেত্ৰত চৰকাৰে মনোনিৱেশ কৰা উচিত। কিন্তু সেয়া কৰা হোৱা নাই। ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰিবলৈ সৰ্বভাৰতীয় ন্যায়িক সেৱাৰ পৰীক্ষা হ’ব লাগে। অৱশ্যে ইয়াৰ বাবে সংবিধান সংশোধন কৰিব লাগিব। কাৰণ ন্যায়াধীশ নিযুক্তিৰ কাম ৰাজ্যপালৰ দ্বাৰা তদাৰক কৰা হয়।
ন্যায়পালিকা সমাজৰ সকলো স্তৰৰ লোকৰ বাবে বুলি উল্লেখ কৰি ডি ৱাই চন্দ্ৰচূড়ে কয়, উচ্চতম ন্যায়ালয় কেৱল ধনী মানুহৰ বাবে নহয়। ইয়াত দুখীয়াৰ সমস্যাৰ বিষয়েও আলোচনা কৰা হৈছে। উচ্চতম ন্যায়ালয়ত ইখনৰ পিছত সিখন বিচাৰপীঠে সৰু সৰু মানুহৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে। যোৱা দুবছৰত যেতিয়া মই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আছিলো তেতিয়া ২১ হাজাৰ জামিন আবেদন দাখিল কৰা হৈছিল। এইবোৰ সাধাৰণ নাগৰিকৰ জামিন আবেদন। আমি ২১,৩৫৮খন জামিন আবেদন নিষ্পত্তি কৰিছো। দাখিল কৰা আবেদনতকৈ অধিক আবেদন নিষ্পত্তি কৰা হৈছে।
ডি ৱাই চন্দ্ৰডূড়ক লগতে এই প্ৰশ্নও কৰা হৈছিল যে, যদি নিৰীহ লোকক দীৰ্ঘদিনলৈ জামিন দিয়া নহয় তেন্তে এই সন্দৰ্ভত আপুনি কি ক’ব? তেওঁ এি প্ৰশ্নৰ উত্তৰত কয়, আজিকালি জিলা আদালতবোৰে সহজে জামিন দিয়া নাই। যদি জিলা ন্যায়াধীশে ভাবে যে যিকোনো ক্ষেত্ৰত তেওঁ জামিন মঞ্জুৰ কৰিলে সেয়া হেঁচাত বা প্ৰভাৱত জামিন দিয়াৰ অভিযোগ উত্থাপন হ’ব পাৰে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক সুৰক্ষা দিয়াৰ বাবে যেনেকৈ নিয়ম প্ৰণয়ন কৰা হৈছে, ঠিক তেনেদৰে জিলা আদালতৰ ন্যায়াধীশকো সুৰক্ষা দিয়া উচিত। ইয়াৰ দ্বাৰা এই সমস্যাৰ সমাধান হ’ব পাৰে। যদি জিলা ন্যায়পালিকাৰ কোনো ন্যায়াধীশে ভুলকৈ জামিন দিয়ে, তেন্তে স্পষ্টভাৱে উচ্চ ন্যায়ালয়ে ইয়াক শুধৰণি কৰিব পাৰে, কিন্তু তেতিয়া অৱশ্যে আমি জামিন দিয়া ন্যায়াধীশসকলক লক্ষ্য কৰি নলওঁ।
এনেকৈয়ে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে দিলে দেশৰ জনতাৰ মাজত চৰ্চিত বহু কেইটা প্ৰশ্নৰ উত্তৰ। অৱশ্যে এই প্ৰশ্নৰ পৰা জনতা আশ্বস্ত হৈছেনে নাই, সেয়া লক্ষণীয় হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.