শ্ৰেণী ৰাজ্য

অভিনৱ প্ৰতিবাদ কামপুৰত

কামপুৰত প্ৰিণ্ট মিডিয়া এছ’চিয়েছনে শুকুৰবাৰে বিদ্যুত মাচুল বৃদ্ধিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। কামপুৰ প্ৰিণ্ট মিডিয়াৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত হয় কামপুৰ চহৰত ।ডিঙিত ফিউজ যোৱা বাল্ব আৰু মুখত ক’লা…

৩০ জন বাছ যাত্ৰীয়েই অবৈধ স্বামী

নগাঁৱৰ ৰূপহীহাটত ট্ৰেভেলাৰসহ আটক ৩০ জনকৈ লোক।কেৰালালৈ পলোৱাৰ চেষ্টা ‘অবৈধ স্বামী’ৰ।আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলোৱাৰ খবৰ লাভ কৰি কেৰেলালৈ পলায়নৰ চেষ্টা কৰিছিল এইসকল লোকে।নিশা ৰূপহীহাট আৰক্ষীয়ে আটক কৰে আটাইকে ৷ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।আটক কৰা আটাইয়ে…

ডিঙি কাটি হত্যা ভাতৃ_ভগ্নীক

কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাৰ সীমান্তবৰ্তী দূ্ৰ্গামাৰীত একেটা পৰিয়ালৰে ভাতৃ-ভগ্নীক অচিনাক্ত দুস্কৃতিকাৰীয়ে ডিঙি কাটি হত্যা কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । অচিনাক্ত দুস্কৃতিকাৰীৰ হাতত অকাল মৃত্যুক সাৱটি লোৱা ভাতৃ-ভগ্নীহাল হ’ল দূৰ্গামাৰীৰ আব্দুল বাতেনৰ সন্তান ক্ৰমে আজমল শ্বেখ আৰু মেৰেজা খাটুন…

সাহিত্যিকৰ নহয়, বিধায়কৰ ফটোৰে ভৰিল সাহিত্য সভা

অসম সাহিত্য সভাৰ নাৰায়ণপুৰৰ খামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অধিৱেশনৰ আজি দ্বিতীয় দিন।আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী সময় সূচী অনুসৰিয়েই সুকলমে অনুষ্ঠিত হৈ যায়। তাৰ পিছতো কিন্তু অধিৱেশনস্থলীৰ কেতবোৰ দৃশ্য দৃষ্টিকটূ হৈ ধৰা দিয়াৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি,…

এক গুলীত দুই চিকাৰ মুখ্যমন্ত্ৰীৰ-বিয়াও খালে,মেডিকেলো চালে

অক্টোবৰৰ পৰা আৰম্ভ হ’ব নগাঁও মেডিকেল কলেজৰ শিক্ষাবৰ্ষ । চলিত বৰ্ষতেই কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজো কাৰ্যক্ষম কৰাৰ চেষ্টা কৰা হ’ব । বৃহস্পতিবাৰে নগাঁও মেডিকেল কলেজত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।…

ভূমিৰ অধিকাৰ লাগে গোৰ্খাক

বি টি আৰ চৰকাৰৰ ভূমিকাৰ বিৰুদ্ধে ওদালগুৰিৰ ৰাজপথ কঁপালে গোৰ্খা জনসাধাৰণে। মাটিৰ অধিকাৰ বিচাৰি গোৰ্খা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে হাতে হাতে ফেষ্টুন লৈ ওলাই আহে ৰাজপথলৈ।গোলমা গাঁৱৰ পৰা উপায়ুক্ত কাৰ্য্যালয়লৈ উলিওৱা এই প্ৰতিবাদী সমদলত ‘বি টি আৰ চৰকাৰ হায়…

বিদ্যুতৰ মাচুল বৃদ্ধি,প্ৰতিবাদত আছুৰ

ৰাজ্যৰ জনসাধাৰণক মাধমাৰ শোধাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCL এ বিদ্যুৎ মাছুল বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ। বুধবাৰ অৰ্থাৎ এক ফেব্ৰুৱাৰীৰ পৰা প্ৰতি ইউনিটত ৫০ পইচাকৈ মাচুল বৃদ্ধি কৰিবলৈ APDCLএ লোৱা…

কলিয়াবৰ কামাখ্যাৰ আশীষ ল’লে মুখ্যমন্ত্ৰীয়ে

নগাঁৱৰ কলিয়াবৰত বুধবাৰে উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।জন্মদিনৰ দিনটোত মুখ্যমন্ত্ৰীয়ে আশীষ ল’লে মা কামাখ্যাত।কলিয়াবৰত বাজেট সম্পৰ্কত মন্তব্য প্ৰদান মুখ্যমন্ত্ৰীৰ।অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন।৫৩ টা বসন্ত পাৰ কৰি ৫৪ বৰ্ষত ভৰি দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত…

উখল মাখল নাৰায়ণপুৰ

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ দ্বিতীয় দিনাও মণিকাঞ্চন ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশ।অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিত্বম পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশনৰ দ্বিতীয় দিনাও মণিকাঞ্চন ক্ষেত্ৰত পুৱাৰ পৰা উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে।পুৱাৰে পৰা হাজাৰ হাজাৰ সাহিত্য অনুৰাগীয়ে ভৰি পৰিছে নাৰায়ণপুৰৰ বৰ খামটি…

জিনজিয়াত হত্যাকাণ্ড

নিশা বিহালীৰ জিনজিয়াৰ বৰজাৰণীৰ সমীপৰ জিনজিয়া চাহ বাগিছাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। প্ৰায় ৩৮বছৰীয়া মুছলিম মুল্লা নামৰ ব্যক্তিগৰাকীয়ে নিশা ২নং বৰজাৰণীৰ নিজৰ ঘৰলৈ চাইকেলৰে গৈ থকা অৱস্থাত কোনো অচিনাকি দুৰ্বৃত্তই নৃশংস ভাৱে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে ।ইতিমধ্যে জিনজিয়া…