সাহিত্যিকৰ নহয়, বিধায়কৰ ফটোৰে ভৰিল সাহিত্য সভা

Share This Article

অসম সাহিত্য সভাৰ নাৰায়ণপুৰৰ খামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অধিৱেশনৰ আজি দ্বিতীয় দিন।আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী সময় সূচী অনুসৰিয়েই সুকলমে অনুষ্ঠিত হৈ যায়। তাৰ পিছতো কিন্তু অধিৱেশনস্থলীৰ কেতবোৰ দৃশ্য দৃষ্টিকটূ হৈ ধৰা দিয়াৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, অধিৱেশনস্থলীত থকা বিদ্যুতৰ খুঁটা, বাঁহেৰে তৈয়াৰ কৰা বিভিন্ন খুঁটাত প্ৰায়বোৰ বেনাৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ ফটো সন্নিবিষ্ট কৰি আঁৰি থোৱা দেখা গৈছে। সমগ্ৰ অধিৱেশনস্থলীৰ বিভিন্ন দিশত থকা খুঁটাসমূহত আঁৰি থোৱা আদৰণিমূলক বেনাৰ প’ষ্টাৰৰ অধিকাংশই বিধায়ক ড° অমিয় কুমাৰ ভূঞাৰ ফটো থকাৰ বিপৰীতে কোনোবা দুই এখনতহে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অসম সাহিত্য সভাৰ বিদায়ী সভাপতি কুলধৰ শইকীয়াৰ লগতে অন্যান্য ব্যক্তিৰ ফটো সন্নিবিষ্ট কৰি আঁৰি থোৱা দেখা গৈছে। কাৰ ফটো আঁৰিছে তাক লৈ বিৰ্তক কৰিব লগা নাই বা নাহে। কিন্তু যিসকল বৰেণ্য ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰি গৈছে তেখেতসকলৰ ফটোও আঁৰিব পাৰিলহেঁতেন ! তাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে অসম সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি পদ্মনাথ গোঁহাঞি বৰুৱাৰ ফটো একপিও অধিৱেশনস্থলীত দেখিবলৈ পোৱা নাই। যি জন পুৰুধা ব্যক্তি জন্ম লখিমপুৰতে হৈছিল, লখিমপুৰৰে সুসন্তান সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি পদ্মনাথ গোঁহাঞি বৰুৱাৰ এখন ফটো আঁৰি থব লাগিছিল যদিও আদৰণি সমিতিয়ে সেইয়া নকৰাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰোপৰি পূৰ্বৰ সভাপতি, বিশিষ্ট সাহিত্যিক, সাংবাদিক, লখিমপুৰ জিলাৰে এগৰাকী সন্মানীয় ব্যক্তি হোমেন বৰগোঁহাঞিৰো দেখিবলৈ নাই এখনো বেনাৰ। লখিমপুৰৰ জিলাৰে দুগৰাকীকৈ স্বনামধন্য ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰি থৈছে। তাৰ পিছতো পতাকা উত্তোলন স্থলীৰ বাদে এই দুজন প্ৰয়াত সভাপতিৰ ফটো কিন্তু বিধায়কৰ ফটোৰ দৰে অধিৱেশনস্থলীৰ কোনো স্থানত দেখিবলৈ পোৱা নাই। তাকে লৈ এতিয়া সমগ্ৰ লখিমপুৰ জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.