কলিয়াবৰ কামাখ্যাৰ আশীষ ল’লে মুখ্যমন্ত্ৰীয়ে

Share This Article

নগাঁৱৰ কলিয়াবৰত বুধবাৰে উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।জন্মদিনৰ দিনটোত মুখ্যমন্ত্ৰীয়ে আশীষ ল’লে মা কামাখ্যাত।কলিয়াবৰত বাজেট সম্পৰ্কত মন্তব্য প্ৰদান মুখ্যমন্ত্ৰীৰ।অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন।৫৩ টা বসন্ত পাৰ কৰি ৫৪ বৰ্ষত ভৰি দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।ওপজা দিনটোত কলিয়াবৰৰ শিলঘাটস্থিত শ্ৰীশ্ৰী কামাখ্যা দেৱালয়ত মাৰ আশীষ লৈ ধন্য হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।হোম যজ্ঞ,পূজা-অৰ্চনাৰে সেৱা আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰীক সংগ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক তৰংগ গগৈয়ে।কথিত আছে যে,অষ্টম শতিকাতে শালস্তম্ভ বংশীয় ৰজা বনমালদেৱে শিলঘাটৰ কামকূট, এতিয়াৰ কামাখ্য পাহাৰত স্থাপন কৰিছিল কামাখ্যা মন্দিৰ।প্ৰাকৃতিক কাৰণত ধ্বংস হোৱা কামাখ্যা পীঠ পিছত আহোম ৰাজত্ব কালত ১৭৪৫ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই শিলঘাটতে পুনৰ নিৰ্মাণ কৰে কামাখ্যা দেৱালয়।তেতিয়াৰে পৰা দ্বিতীয় শক্তিপীঠ ৰূপে পৰিচিত শ্ৰীশ্ৰী কামাখ্যা দেৱালয়ত চলি আহিছে পূজা অৰ্চনা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.