ভূমিৰ অধিকাৰ লাগে গোৰ্খাক

Share This Article

বি টি আৰ চৰকাৰৰ ভূমিকাৰ বিৰুদ্ধে ওদালগুৰিৰ ৰাজপথ কঁপালে গোৰ্খা জনসাধাৰণে। মাটিৰ অধিকাৰ বিচাৰি গোৰ্খা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে হাতে হাতে ফেষ্টুন লৈ ওলাই আহে ৰাজপথলৈ।গোলমা গাঁৱৰ পৰা উপায়ুক্ত কাৰ্য্যালয়লৈ উলিওৱা এই প্ৰতিবাদী সমদলত ‘বি টি আৰ চৰকাৰ হায় হায়’,’প্ৰমোদ বড়ো হুচিয়াৰ’ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে গোৰ্খা লোকসকলে। সংৰক্ষিত শ্ৰেণীৰ লোক হোৱা স্বত্বেও গোৰ্খা সকল বি টি আৰত ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হোৱা বুলি অভিযোগ কৰে গোৰ্খা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দিলীপ গজুৰেলে।এই প্ৰতিবাদৰ পিছতো প্ৰমোদ বড়ো চৰকাৰে ব্যৱস্থা নকৰিলে ৰাজনীতিৰ পট পৰিৱৰ্তনৰ পদক্ষেপ ল’ব লগা হ’ব বুলি ইংগিত দিয়ে গোৰ্খা নেতাগৰাকীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.