Investigative reporting with dedication.

ৰাজ্যৰ জনসাধাৰণক মাধমাৰ শোধাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCL এ বিদ্যুৎ মাছুল বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ। বুধবাৰ অৰ্থাৎ এক ফেব্ৰুৱাৰীৰ পৰা প্ৰতি ইউনিটত ৫০ পইচাকৈ মাচুল বৃদ্ধি কৰিবলৈ APDCLএ লোৱা সিদ্ধান্তৰ পাছতেই জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা ।চৰকাৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্ত জনবিৰোধী আৰু হঠকাৰী৷ দুটা বছৰে ক’ভিড মহামাৰীয়ে জুৰুলা কৰা জনসাধাৰণ এতিয়াও অৰ্থনৈতিক ভাৱে সুস্থিৰ হ’ব পৰা নাই । অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধি ৰোধ কৰাতো ব্যৰ্থ চৰকাৰ।নৱেম্বৰত প্ৰতি ইউনিটত ৩০ পইচা বৃদ্ধি কৰি এমাহৰ পাছতে পুনৰ ২০ পইচা বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে APDCL এ । যাৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আছুৰ প্ৰতিবাদী কাৰ্যসূচী । গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ভৱনৰ সন্মুখত আছুৰ প্ৰতিবাদ ।ঠিক একেদৰে বিদ্যুৎ মাচুল বৃদ্ধিক লৈ নগাঁৱত আছুৰ উত্তাল প্ৰতিবাদ ।জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপতে সদৌ নগাঁও জিলা ছাত্ৰ সন্থায়ো উত্তাল প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰে।বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত বিশ্বনাথ নগৰত বিশ্বনাথ জিলা আছুৱেও গ্ৰহণ কৰে তীব্ৰ প্ৰতিবাদ। বিশ্বনাথ নগৰৰ পুলিচ পইণ্টত উত্তাল প্ৰতিবাদ সাব্যস্ত আছুৰ।বিদ্যুতৰ মাচুল পুনৰ বৃদ্ধি কৰাক লৈ তিনিচুকীয়াতো আছুৰ বিক্ষোভ। জনতাৰ মূৰত ৰামটাঙোন মাৰি বিদ্যুতৰ মাচুল বৃদ্ধি কৰা সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠে তিনিচুকীয়া জিলা ছাত্ৰ সন্থা।
এনেদৰেই সৰ্বসাধাৰণক মাধমাৰ শোধাই বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে আছুৱে ৰাজ্যজুৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। কিন্তু প্ৰশ্ন উত্থাপন হয়—আছুৰ প্ৰতিবাদে চৰকাৰ তথা APDCLক বিদ্যুৎ মাচুল হ্ৰাস কৰিবলৈ বাধ্য কৰিবনে?




