এক গুলীত দুই চিকাৰ মুখ্যমন্ত্ৰীৰ-বিয়াও খালে,মেডিকেলো চালে

Share This Article

অক্টোবৰৰ পৰা আৰম্ভ হ’ব নগাঁও মেডিকেল কলেজৰ শিক্ষাবৰ্ষ । চলিত বৰ্ষতেই কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজো কাৰ্যক্ষম কৰাৰ চেষ্টা কৰা হ’ব । বৃহস্পতিবাৰে নগাঁও মেডিকেল কলেজত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । চমু ভ্ৰমণসূচীৰে নগাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ জ্যেষ্ঠ পুত্ৰৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত অংশ লোৱাৰ পিছতে নগাঁও মেডিকেল কলেজত উপস্থিত হৈ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰি বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এক আলোচনাতো মিলিত হয় । ইপিনে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কালিলৈৰ পৰা বাল্য বিবাহত আৱদ্ধ হোৱা সকলোকে গ্ৰেপ্তাৰ কৰা হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.