Investigative reporting with dedication.

কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাৰ সীমান্তবৰ্তী দূ্ৰ্গামাৰীত একেটা পৰিয়ালৰে ভাতৃ-ভগ্নীক অচিনাক্ত দুস্কৃতিকাৰীয়ে ডিঙি কাটি হত্যা কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । অচিনাক্ত দুস্কৃতিকাৰীৰ হাতত অকাল মৃত্যুক সাৱটি লোৱা ভাতৃ-ভগ্নীহাল হ’ল দূৰ্গামাৰীৰ আব্দুল বাতেনৰ সন্তান ক্ৰমে আজমল শ্বেখ আৰু মেৰেজা খাটুন । বুধবাৰৰ নিশা উক্ত হত্যাকাণ্ড সংঘটিত হয় আৰু স্থানীয় ৰাইজে বৃহস্পতিবাৰে পুৱা খেতিপথাৰৰ মাজত ডিঙি কটা অৱস্থাত ভাতৃ-ভগ্নীৰ মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে ।ইপিনে উক্ত হত্যাকাণ্ডক লৈ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু হত্যাকাণ্ড সংঘটিত হোৱা স্থানত বহু লোকৰ সমাগম হৈছে ।স্থানীয় একাংশই সন্দেহ প্ৰকাশ কৰা মতে আজমল শ্বেখৰ জ্যেষ্ঠ ভগ্নীক দুস্কৃতিকাৰীয়ে বলাৎকাৰ কৰিব লওঁতেই হয়তো ভাতৃ আজমলে দেখা পাইছিল আৰু যাৰ পৰিণতিতে দুয়োজনকে হত্যা কৰে । কিন্তু মাজনিশা ঘৰৰ ভিতৰৰ পৰা ওলাই ভাতৃ-ভগ্নী কেনেদৰে পথাৰ পালে সেয়া ৰহস্যজনক বুলি বিবেচিত হৈছে। স্থানীয় ৰাইজে দোষীক সোনকালে কৰায়ত্ত কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে ঘটনাটো ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি দোষীক সোনকালে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তোৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।




