Investigative reporting with dedication.
অভিনৱ প্ৰতিবাদ কামপুৰত

কামপুৰত প্ৰিণ্ট মিডিয়া এছ’চিয়েছনে শুকুৰবাৰে বিদ্যুত মাচুল বৃদ্ধিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
কামপুৰ প্ৰিণ্ট মিডিয়াৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত হয় কামপুৰ চহৰত ।ডিঙিত ফিউজ যোৱা বাল্ব আৰু মুখত ক’লা কাপোৰ মাৰি সাংবাদিকৰ দলটোৱে কামপুৰ বজাৰৰ মাজৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।প্ৰতিবাদকাৰী সাংবাদিক সকলে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে।পিছত প্ৰতিবাদী সাংবাদিক সকলে কঠীয়াতলীৰ বিদ্যুৎ সংমণ্ডল বিষয়াৰ জৰিয়তে অসমৰ শক্তি মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।আজি এই কাৰ্যসূচীত অংশ লয় সাহিত্যিক পেঞ্চনাৰ মোলান লস্কৰ ,প্ৰিণ্ট মিডিয়াৰ সভাপতি -সম্পাদক ক্ৰমে সভাৰাম মজুমদাৰ ,সমৰেন্দ্ৰ নাৰায়ন বৰা ,কৃষক মুক্তিৰ সভাপতি ৰাজু বৰা,অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ সভাপতি সত্য বৰা ,জেষ্ঠ্য সাংবাদিকদ্বয় নলিনী বৰঠাকুৰ , নীল কমল শইকীয়া ,ৰূপ জ্যোতি ভূঞা,সাংবাদিকদ্বয় গুলজাৰ হুছেইন ,মাইনুউদ্দিন আদি !





