শ্ৰেণী ৰাজনীতি

বিৰোধীৰ ঐক্যত চেচাঁপানী

ভাৰত জোড়ো যাত্ৰাৰ  আজি অন্ত পৰিব। এই অন্তিম দিনৰ কাৰ্যসূচীত মুঠ ১২ টা বিৰোধী দলে অংশ ল’ব।উল্লেখ্য যে ‘ভাৰত জোড়ো’ৰ অন্তিম কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে মুঠ ২১টা দলক আমন্ত্ৰণ জনোৱা হৈছিল।ইয়াৰে বেছি সংখ্যক দলেই নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই…

ঐক্যবদ্ধ হ’ব কোচ ৰাজবংশী !

বঙাইগাঁও প্ৰেছ ক্লাবত দুই আক্ৰাছু (বলোৰাম গোট আৰু ক্ষীতিশ গোট) এ যৌথ ভাৱে শুকুৰবাৰে সংবাদ মেল আয়োজন কৰে ।আগন্তুক ৫১৩ তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস ধুবুৰী জিলাৰ শালকোচাত দুই আক্ৰাছু গোটে যৌথ ভাৱে অহা ৫ ফেব্ৰুৱাৰীত উদযাপন কৰাৰ কথা ঘোষণা…

অথলে যাব নেকি ‘ভাৰত জোড়ো’ ?

অহা সোমবাৰে শ্ৰীনগৰত অন্ত পৰিব ভাৰত জোড়ো যাত্ৰাৰ।বিগত ৭ ছেপ্তেম্বৰত কন্যাকুমাৰীত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰিব অহা ৩০ জানুৱাৰীত।এই ৰেলীৰ জৰিয়তে বিৰোধীৰ একতা প্ৰতিপন্ন কৰাৰ লগতে সাধাৰণ জনতাৰ লগত মত বিনিময় কৰি তেওঁলোকৰ সমস্যা সমূহৰ বিষয়ে জনাটোৱেই কংগ্ৰেছ…

বিজেপিৰ দিন উকলিব নেকি কৰ্ণাটকত?

চলিত বৰ্ষৰ শেষৰফালে অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন।নিৰ্বাচনৰ বাবে দলটোৱে চলাইছে প্ৰস্তুতি৷তাৰেই অংশ হিচাপে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মায়ে মন্দ্যা জিলাৰ ইনচাৰ্জ মিনিষ্টাৰ হিচাপে নিযুক্তি দিছে ৰাজহ মন্ত্ৰী আৰ অশোকক।মন্দ্যা জিলাৰ ইনচাৰ্জৰ দায়িত্ব লাভ কৰাৰ পিছত জিলাখন ভ্ৰমণৰ বাবে গৈছিল মন্ত্ৰী…

‘২৪চনত কি হ’ব প্ৰধানমন্ত্ৰী মোডীৰ ভৱিষ্যত?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিৰ মিত্ৰজোঁট চৰকাৰে সম্পূৰ্ণ কৰিলে প্ৰায় ৯ টাকৈ বছৰ।আজিৰ তাৰিখত যদি লোকসভা নিৰ্বাচন অনুষ্ঠিত হয়,তেন্তে বিজেপি মিত্ৰজোঁটে কিমানখন আসন লাভ কৰিব? এই বিষয়ক লৈ ইণ্ডিয়া টুডে চলাইছিল এক সমীক্ষা।সমীক্ষাত অংশগ্ৰহণ কৰা ৭২% লোক বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

বহি খোৱাৰ দিন আহিল নিবনুৱাৰ

২০১৮ চনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাখিলে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে।যিটো প্ৰতিশ্ৰুতিৰ বাবে ১৫ বছৰ পিছত ক্ষমতালৈ আহিছিল কংগ্ৰেছ দল,সেই প্ৰতিশ্ৰুতিকেই বাস্তৱ ৰূপ দিব এইবাৰ বাঘেল চৰকাৰে।গণতন্ত্ৰ দিৱসৰ দিনাই মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিলে এই ঐতিহাসিক ঘোষণা।মুখ্যমন্ত্ৰী বাঘেলে যগদলপুৰৰ লালবাগ পেৰেড গ্ৰাউণ্ডত গণতন্ত্ৰ দিবসৰ…

নাগালেণ্ডত আপ

আগন্তুক নাগালেণ্ড বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে প্ৰতিন্দন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত।অহা ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।নাগালেণ্ডৰ মুঠ ৬০ খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।দলটোৰ উত্তৰ পূবৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই কয় যে অনাগত বিধানসভা নিৰ্বাচনত যিমান কেইখন আসনত সম্ভৱ…

ৰাজ্য চৰকাৰক তুলাধূনা ৰাজ্যপালৰ !

গণতান্ত্ৰ দিৱসৰ দিনা ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণত এগৰাকী ৰাজ্যপালে জনালে এক অগতানুগতিক আহ্বান। তেলেংগানাৰ ৰাজ্যপাল তামিলিচাই সুন্দৰৰাজনে জনালে এই আহ্বান।তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু তেওঁৰ চৰকাৰক গণতন্ত্ৰ দিৱসৰ উদ্দেশ্যি দিয়া ভাষণত কঠোৰ ভাষাৰে সমালোচনা কৰে ৰাজ্যপাল গৰাকীয়ে।ৰাজ্যপাল গৰাকীয়ে ৰাজ্যখনত…

প্ৰধানমন্ত্ৰীৰ পদত্যাগ,হতবাক দেশবাসী

পদত্যাগ কৰিলে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিন্দা আৰ্ড্ৰানে।৪২বছৰীয়া জেচিন্দাই নিউজিলেণ্ডক গভীৰ সংকটৰ সময়ত নেতৃত্ব দিছিল।ক’ভিড,দেশখনৰ প্ৰাকৃতিক দুৰ্যোগ আদিত সবল নেতৃত্ব প্ৰদান কৰি দেশখনক আগুৱাই লৈ যোৱাত অৰিহণা যোগাইছিল নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে কোনো আগজাননী নিদিয়াকৈ ৰাজহুৱা কৰিলে পদত্যাগৰ সিদ্ধান্ত।লেবাৰ পাৰ্টিৰ নেত্ৰী গৰাকীয়ে কয়…

আৰু মাত্ৰ ৩৯৯ দিন !

তেলেংগানাৰ খামামত ঐক্যবদ্ধ হ’ল বিৰোধী দল।২০২৪ চনত চৰকাৰ গঠনৰ লক্ষ্য বিৰোধীৰ।তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা ভাৰত ৰাষ্ট্ৰ সমিতিৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বত তেলেংগানাৰ খামামত অনুষ্ঠিত হৈছে বিৰোধী ঐক্যৰ বাবে এক সমাৱেশ।তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰৰ বাহিৰেও দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল,পঞ্জাৱৰ মুখ্যমন্ত্ৰী…