ঐক্যবদ্ধ হ’ব কোচ ৰাজবংশী !

Share This Article

বঙাইগাঁও প্ৰেছ ক্লাবত দুই আক্ৰাছু (বলোৰাম গোট আৰু ক্ষীতিশ গোট) এ যৌথ ভাৱে শুকুৰবাৰে সংবাদ মেল আয়োজন কৰে ।আগন্তুক ৫১৩ তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস ধুবুৰী জিলাৰ শালকোচাত দুই আক্ৰাছু গোটে যৌথ ভাৱে অহা ৫ ফেব্ৰুৱাৰীত উদযাপন কৰাৰ কথা ঘোষণা কৰে।মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী উদযাপনত কোচ ৰাজবংশীৰ স্ব -গোষ্ঠীৰ বিভিন্ন ভাগ ভাগ হৈ থকা দল সংগঠন সমূহক মত ভেদ এৰি জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত সহযোগিতা কৰাৰ কাৰণে আহ্বান জনায় সংগঠন দুটাৰ নেতৃবৃন্দই ।সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই দীৰ্ঘ দিন ধৰি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত জনজাতি কৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত বিভিন্ন সময়ত বিভিন্ন গণতান্ত্ৰিক আন্দোলন কৰি আহিছে কিন্তু আজিলৈকে অসম তথা ভাৰত চৰকাৰে দাবীসমূহ পুৰণ নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে নেতৃবৃন্দই ।গণৰাজ্য দিৱসৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই BTRত ৬০ খন গাওঁ নতুনকৈ অন্তৰ্ভুক্ত কৰাৰ ঘোষণা কৰিছে, এই পদক্ষেপক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনায়।অসমৰ মুখ্যমন্ত্ৰীয়ে মাত্ৰ অন্তৰ্ভুক্তিৰ কথাহে ভাবে কৰ্তনৰ কথা কেতিয়াও নাভাবে।এয়া একপক্ষীয় সিদ্ধান্ত, এয়া গ্ৰহণ কৰা সম্ভৱ নহয় বুলি কয় আক্ৰাছু নেতৃত্বই ।ইতিমধ্যেই অন্তৰ্ভুক্তি আৰু গাঁও কৰ্ত্তন আয়োগক অজনজাতীয় সীমামূৰীয়া গাঁও সমূহ কৰ্তনৰ বাবে স্মাৰক পত্ৰ দাখিল কৰিছিল বুলিও জনাই সংগঠন দুটাই। কিন্তু আজিলৈকে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা এই সম্পৰ্কত গ্ৰহণ কৰা নহ’ল আনকি তাৰ বিপৰীত ছবিহে দেখা পোৱা বুলি উল্লেখ কৰে।সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই দাবী জনায় যে কম সময়ৰ ভিতৰত কোচ ৰাজবংশী অধ্যূষিত সীমামূৰীয়া অঞ্চল সমূহ কৰ্তন কৰিব লাগে লগতে কোচ ৰাজবংশী জনগোষ্ঠীটোক অহা ৫ ফেব্ৰুৱাৰীত মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী পবিত্ৰ দিনটোতে যাতে জনজাতি কৰন কৰে তাৰ কাৰণে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.