‘২৪চনত কি হ’ব প্ৰধানমন্ত্ৰী মোডীৰ ভৱিষ্যত?

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিৰ মিত্ৰজোঁট চৰকাৰে সম্পূৰ্ণ কৰিলে প্ৰায় ৯ টাকৈ বছৰ।আজিৰ তাৰিখত যদি লোকসভা নিৰ্বাচন অনুষ্ঠিত হয়,তেন্তে বিজেপি মিত্ৰজোঁটে কিমানখন আসন লাভ কৰিব?
এই বিষয়ক লৈ ইণ্ডিয়া টুডে চলাইছিল এক সমীক্ষা।সমীক্ষাত অংশগ্ৰহণ কৰা ৭২% লোক বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ সুখী।আনহাতে,৩৫০০ কিলোমিটাৰ দূৰত্ব পদযাত্ৰা কৰা ৰাহুল গান্ধীক লৈ সমীক্ষাত অংশগ্ৰহণকাৰীৰ কিছু সংখ্যক আশাবাদী।প্ৰায় ৩৭% লোকে ভাৰত জোড়োৱে এক খলকনিৰ সৃষ্টি কৰা বুলি ভাবে যদিও কিন্তু ই কংগ্ৰেছক ক্ষমতালৈ অহাৰ ক্ষেত্ৰত সহায় কৰিব বুলি নাভাবে।ইণ্ডিয়া টুডেৰ এই সমীক্ষাটোত মুঠ ১,৪০,৯১৭ লোকে অংশ লৈছিল।সমীক্ষাটোৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ-২০২৩ চনৰ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোডীৰ কামকাজক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৬৭ % লোকে৷২০২২চনৰ আগষ্টতকৈ ১১% লোকে অধিক সমৰ্থন আগবঢ়াইছে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতি।২০% লোকে ভাৱে যে ক’ভিডৰ দৰে মহামাৰী নিয়ন্ত্ৰণ কৰাটো এনডিএ চৰকাৰৰ বাবে বৃহৎ প্ৰত্যাহ্বান আছিল।১২%লোকে ভাৱে যে ৰাম মন্দিৰ নিৰ্মাণটো এনডিএ চৰকাৰৰ এক বৃহৎ সফলতা।
২৫% অংশগ্ৰহণকাৰীৰ মতে মূল্যবৃদ্ধি এনডিএ চৰকাৰৰ বাবে এক বৃহৎ বিফলতা।১৭% লোকে ভাৱে নিবনুৱা সমস্যা এনডিএ চৰকাৰৰ এক গুৰুতৰ বিফলতা।২৯% লোকে ভাৱে যে ‘ভাৰত জোড়ো’ৱে জনতাৰ লগত এক সুসম্পৰ্ক ৰক্ষা কৰাত কংগ্ৰেছক সহায় কৰিছে।তাৰ বিপৰীতে ১৩% ই ভাৱে যে ৰাহুল গান্ধীৰ হেৰুৱা ভাৱমূৰ্ত্তি ঘূৰাই অনাৰ বাবেহে ভাৰত জোড়োৰ দৰে কাৰ্যসূচী হাতত লৈছে কংগ্ৰেছে।২৬ % লোকে ভাৱে যে কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিব ৰাহুল গান্ধীয়েহে।আনহাতে,১৭% ই ভাৱে শচীন পাইলটেহে কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.