বিজেপিৰ দিন উকলিব নেকি কৰ্ণাটকত?

Share This Article

চলিত বৰ্ষৰ শেষৰফালে অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন।নিৰ্বাচনৰ বাবে দলটোৱে চলাইছে প্ৰস্তুতি৷তাৰেই অংশ হিচাপে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মায়ে মন্দ্যা জিলাৰ ইনচাৰ্জ মিনিষ্টাৰ হিচাপে নিযুক্তি দিছে ৰাজহ মন্ত্ৰী আৰ অশোকক।মন্দ্যা জিলাৰ ইনচাৰ্জৰ দায়িত্ব লাভ কৰাৰ পিছত জিলাখন ভ্ৰমণৰ বাবে গৈছিল মন্ত্ৰী আৰ অশোক।গণতন্ত্ৰ দিৱসৰ বাবে জিলাখনত উপস্থিত হোৱা মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তত লগোৱা হৈছে প’ষ্টাৰ।গ’বেক অশোক লিখা প’ষ্টাৰবোৰ সম্পৰ্কত দলতেই সৃষ্টি হৈছে ৰহস্যৰ।উল্লেখ্য যে ৰাজহ মন্ত্ৰী আৰ অশোকক এই দায়িত্ব অৰ্পন কৰাৰ বিৰুদ্ধে দলৰ ভিতৰতে গঢ়ি উঠিছে প্ৰতিবাদ৷ইয়াৰ আগতে আবকাৰী মন্ত্ৰী কে গোপালায়াহ আছিল মন্দ্যা জিলাৰ দায়িত্বত।গোপালায়াহক আঁতৰাই মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মায়ে বিগত ২৪ জানুৱাৰীত জিলাখনৰ দায়িত্ব দিয়ে আৰ অশোকক।  উল্লেখ্য যে মন্দ্যা জিলাত ৰাজ্যখনৰ মুঠ ৭ টা বিধানসভা সমষ্টি আছে।ইয়াৰে এটা সমষ্টি আছে বিজেপিৰ দখলত আৰু আন ৬ টা সমষ্টিৰ দখলত আছে জেডি(এছ)ৰ।বাকী ৬ টা সমষ্টি বিজেপিৰ দখললৈ আনিবলৈ মুখ্যমন্ত্ৰী বম্মায়ে নিয়োগ কৰিছে ৰাজহ মন্ত্ৰী আৰ অশোকক।কিন্তু তাতেই আবকাৰী মন্ত্ৰী কে গোপালায়াহৰ সমৰ্থক সকল খড়গহস্ত হৈছে।গুৰুত্বপূৰ্ণ বিষয় এয়ে যে কৰ্ণাটকত শেহতীয়াকৈ শাসক দলৰ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে গঢ়ি উঠিছে তীব্ৰ প্ৰতিবাদ।তদুপৰি বিজেপিৰ নিজৰ দলৰ ভিতৰতেই গঢ়ি উঠিছে তীব্ৰ বিসম্বাদ৷২০১৮ চনৰ নিৰ্বাচনত বিজেপিয়ে ১০৪ ,কংগ্ৰেছ দলে ৭৮ খন,জনতা দল(এছ) এ ৩৭ খন আসন লাভ কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.