বিৰোধীৰ ঐক্যত চেচাঁপানী

Share This Article

ভাৰত জোড়ো যাত্ৰাৰ  আজি অন্ত পৰিব। এই অন্তিম দিনৰ কাৰ্যসূচীত মুঠ ১২ টা বিৰোধী দলে অংশ ল’ব।উল্লেখ্য যে ‘ভাৰত জোড়ো’ৰ অন্তিম কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে মুঠ ২১টা দলক আমন্ত্ৰণ জনোৱা হৈছিল।ইয়াৰে বেছি সংখ্যক দলেই নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানত অংশ লোৱাৰ পৰা বিৰত থকাৰ কথা জনাইছে। এম কে ষ্টেলিন নেতৃত্বাধীন DMK দল,শাৰদ পাৱাৰ নেতৃত্বাধীন NCP দল,তেজস্বী যাদৱ নেতৃত্বাধীন RJD দল,নীতিশ কুমাৰ নেতৃত্বাধীন JD (U) ,উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা,CPI(M),CPI,VCK,কেৰালা কংগ্ৰেছ,ফাৰুক আব্দুল্লা নেতৃত্বাধীন জম্মু কাশ্মীৰ নেশ্যনেল কনফাৰেন্স,মেহবুবা মুফটিৰ জম্মু কাশ্মীৰ পিপুলচ ডেমক্ৰেটিক পাৰ্টি আৰু শিৱু চোৰেন নেতৃত্বাধীন ঝাৰখাণ্ড মুক্তি মৰ্চাই ‘ভাৰত জোড়ো’ৰ অন্তিম কাৰ্যসূচীত অংশ ল’ব।ইতিমধ্যে নিৰাপত্তাজনিত গাফিলতিৰ বাবে শুকুৰবাৰে এই যাত্ৰা আধাতে সামৰিবলগীয়া হৈছিল।প্ৰায় ১৫ মিনিট সময় ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত নাছিল কোনো নিৰাপত্তা বিষয়া ।ইতিমধ্যে কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ বিগত ২৭ জানুৱাৰীৰ নিৰাপত্তাৰ গাফিলতি সম্পৰ্কে অভিযোগ দি পত্ৰ প্ৰেৰণ কৰিছে।মাল্লিকাৰ্জুন খাৰ্গেই পত্ৰখনত লিখিছে “ আমি আমাৰ ৩০ জানুৱাৰীৰ অন্তিমটো কাৰ্যসূচীত যথেষ্ট জনসমাগম হ’ব বুলি আশা কৰিছোঁ৷যথেষ্ট সংখ্যক জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ ওপৰিও আন দলৰ নেতায়ো ইয়াত অংশ ল’ব।গতিকে শ্ৰীনগৰত অনুষ্ঠিত হ’বলগীয়া এই যাত্ৰাত আপুনি ব্যক্তিগতভাৱে যদি নিৰাপত্তা বিষয়টো বিশেষভাৱে চোৱাচিতা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে আমি নিজকে ধন্য মানিম।”কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা কাশ্মীৰত অন্ত পৰিব।বিগত ৭ ছেপ্তেম্বৰত এই যাত্ৰা কন্যাকুমাৰীত আৰম্ভ হৈছিল আৰু ৩০ জানুবাৰীত কাশ্মীৰত এই যাত্ৰা অন্ত পৰিব।১৪৫ দিনীয়া এই যাত্ৰাটোত মুঠ ৩,৯৭০ কিলোমিটাৰ অঞ্চল সামৰি লোৱা হৈছিল।মুঠ ১২খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চল এই যাত্ৰাৰ জৰিয়তে সামৰি লোৱা হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.