নাগালেণ্ডত আপ

Share This Article

আগন্তুক নাগালেণ্ড বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে প্ৰতিন্দন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত।অহা ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।নাগালেণ্ডৰ মুঠ ৬০ খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।দলটোৰ উত্তৰ পূবৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই কয় যে অনাগত বিধানসভা নিৰ্বাচনত যিমান কেইখন আসনত সম্ভৱ হয়,সিমানতেই প্ৰতিন্দন্দ্বিতা আগবঢ়াব আপে।ৰাজেশ শৰ্মাই লগতে কয় “আমাৰ দলে যিমান আসনত সুবিধা পায়,সিমানতেই প্ৰতিন্দন্দ্বিতা আগবঢ়াব। নিৰ্বাচনৰ আগত আমাৰ কোনো দলৰ লগত জোঁটবন্ধন নহয়৷প্ৰাক্তন বিধায়ক অছু কেইহুক দলটোৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে।”শৰ্মাই লগতে কয় যে আপে ৰাজ্যখনৰ তৃণমূল পৰ্যায়লৈকে গৈ জনতাক সুশাসনৰ বিষয়ে জনাব।আনহাতে,কেইহুৱে কয় “দিল্লীত অধ্যয়ন বা চাকৰিৰ বাবে থকা নগাসকলে অৰবিন্দ কেজৰিৱালৰ সুশাসন আৰু প্ৰতিশ্ৰুতি দি পূৰণ কৰাৰ দৰে কামবোৰ দেখিছে।গতিকে আপৰ প্ৰতি আকৰ্ষণ বাঢ়িছে সচেতন জনতাৰ।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.