অথলে যাব নেকি ‘ভাৰত জোড়ো’ ?

Share This Article

অহা সোমবাৰে শ্ৰীনগৰত অন্ত পৰিব ভাৰত জোড়ো যাত্ৰাৰ।বিগত ৭ ছেপ্তেম্বৰত কন্যাকুমাৰীত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰিব অহা ৩০ জানুৱাৰীত।এই ৰেলীৰ জৰিয়তে বিৰোধীৰ একতা প্ৰতিপন্ন কৰাৰ লগতে সাধাৰণ জনতাৰ লগত মত বিনিময় কৰি তেওঁলোকৰ সমস্যা সমূহৰ বিষয়ে জনাটোৱেই কংগ্ৰেছ দলৰ অন্যতম লক্ষ্য।বিগত ১১জানুৱাৰীত কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই যাত্ৰাৰ অন্তিম কাৰ্যসূচীত উপস্থিত থাকিবলৈ মুঠ ২৪ টা সমভাৱাপন্ন দলক আহ্বান জনায়।এই নিমন্ত্ৰণৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱেগৌড়াই টুইট যোগে লিখিছে যদিও তেওঁক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে,তেওঁ উপস্থিত থাকিব নোৱাৰিব।দেশৰ একতাৰ বাবে গান্ধীয়ে গ্ৰহণ কৰা ‘ভাৰত জোড়ো’ যাত্ৰাক যথেষ্ট প্ৰশংসা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।আনহাতে,বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও এই কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰিব বুলি জনাইছে।উল্লেখ্য যে বিহাৰত কংগ্ৰেছ দলৰ লগত মিত্ৰতাত আছে নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল (ইউনাইটেড)।জনতা দল(ইউ)ৰ নেতা ৰাজীৱ ৰঞ্জনে নীতিশ কুমাৰৰ হৈ কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গে লৈ এক পত্ৰ প্ৰেৰণ কৰি লিখিছে“ মই এই ঐতিহাসিক মুৰ্হুতটোত উপস্থিত থাকিব পৰা হ’লে সুখী হ’লোহেঁতেন !কিন্তু নগালেণ্ড নিৰ্বাচনৰ বাবে দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভৰ দিন হোৱা বাবে মই এই কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰিম।”আনহাতে,পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বও এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব।নাম প্ৰকাশত অনিচ্ছুক এগৰাকী তৃণমূল কংগ্ৰেছ নেতাই কয়“ এই যাত্ৰা কংগ্ৰেছৰ সভাপতিয়ে নেতৃত্ব দিছিল নে খাৰ্গেই এই অনুষ্ঠানৰ মূল বক্তা নেকি?নাই নহয়,ৱেআনন্দৰ সাংসদ ৰাহুল গান্ধী হ’ল সেইদিনাৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু৷তেন্তে আমি খাৰ্গেৰ আমন্ত্ৰণত ৰাহুল গান্ধীৰ অনুষ্ঠানলৈ কিয় যাম?তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ডিৰেক অ’ব্ৰিয়েনে কয় যে বিৰোধীৰ প্ৰায়বোৰ দলেই সমভাৱাপন্ন৷”এই সমভাৱাপন্ন দলবোৰৰ ভিতৰত আকৌ দুটা ভাগ আছে।”কংগ্ৰেছৰ এজন কৌশল প্ৰণেতাই কয় যে কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়াই এই অনুষ্ঠানত অংশ লোৱাটো নিশ্চিত কৰিছে।আনহাতে,কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়া(মাৰ্ক্সিষ্ট) এ অংশগ্ৰহণ কৰাটো নিশ্চিত কৰা নাই।২০২১ চনত পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনত চিপিআই(এম) দলে কংগ্ৰেছৰ লগত জোঁটবন্ধন কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।দুয়োটা দলেই ত্ৰিপুৰা নিৰ্বাচনত একেলগে প্ৰতিন্দন্দ্বিতা আগবঢ়াব।কংগ্ৰেছৰ এগৰাকী নেতাই কয় “ চিপিআই(এম) ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী আৰু দলৰ আন এগৰাকী নেতা এম এ টাৰীগামীয়ে এতিয়ালৈকে তেওঁলোকৰ উপস্থিতি নিশ্চিত কৰা নাই।”সমভাৱাপন্ন দললৈ প্ৰেৰণ কৰা আমন্ত্ৰণ পত্ৰখনত কংগ্ৰেছ সভাপতি খাৰ্গেই লিখিছে যে ঘৃণা আৰু হিংসা আঁতৰ কৰাটোৱেই এই অনুষ্ঠানৰ মূল লক্ষ্য।এই অনুষ্ঠানত সত্য,অহিংসাৰ বিৰুদ্ধে যুঁজ দি সাংবিধানিক মূল্যবোধ যেনে স্বাধীনতা,সমতা,ভাতৃত্ববোধ আৰু ন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ঐক্যবদ্ধ হ’ব বিৰোধী দলবোৰ।খাৰ্গেই পত্ৰখনত লিখিছে- “এই সময়চোৱাত দেশৰ মূল সমস্যাবোৰৰ পৰা জনতাক আঁতৰাই ৰখাৰ বাবে চেষ্টা কৰা হৈছে আৰু ভাৰত জোড়ো যাত্ৰাই এই সময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷মই আশা ৰাখিছোঁ আপোনালোক সকলোৱে ইয়াত অংশ ল’ব আৰু এই বাৰ্তা সকলোতে বিয়পাই দিব।”খাৰ্গেই এই যাত্ৰাৰ আৰম্ভণিতে কৈছিল যে তেওঁলোকে সকলো সমভাৱাপন্ন দলৰ সাংসদক এই যাত্ৰাত অংশ ল’বলৈ আমন্ত্ৰণ জনাইছে।খাৰ্গেই কয়“ ৰাহুল গান্ধীৰ আমন্ত্ৰণত ইতিমধ্যে বিভিন্ন দলৰ কেইবাগৰাকীও সাংসদে এই যাত্ৰাত অংশ লৈছে।”অৱশ্যে কংগ্ৰেছ দলে এই যাত্ৰালৈ আম আদমী পাৰ্টি,ভাৰত ৰাষ্ট্ৰ সমিতি,বিজু জনতা দল,YSR কংগ্ৰেছ দলক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.