বহি খোৱাৰ দিন আহিল নিবনুৱাৰ

Share This Article

২০১৮ চনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাখিলে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে।যিটো প্ৰতিশ্ৰুতিৰ বাবে ১৫ বছৰ পিছত ক্ষমতালৈ আহিছিল কংগ্ৰেছ দল,সেই প্ৰতিশ্ৰুতিকেই বাস্তৱ ৰূপ দিব এইবাৰ বাঘেল চৰকাৰে।গণতন্ত্ৰ দিৱসৰ দিনাই মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিলে এই ঐতিহাসিক ঘোষণা।মুখ্যমন্ত্ৰী বাঘেলে যগদলপুৰৰ লালবাগ পেৰেড গ্ৰাউণ্ডত গণতন্ত্ৰ দিবসৰ পতাকা উত্তোলন কৰি কয়“ নিবনুুৱা যুৱক সকলক ২০২৩-২৪ বিত্তীয় বৰ্ষত আগবঢ়োৱা হ’ব নিবনুৱা ভাত্তা৷প্ৰতি মাহতেই লাভ কৰিব এই নিবনুৱা ভাট্টা।”অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত কোনো নিৰ্ধাৰিত ধনৰ পৰিমাণৰ বিষয়ে উল্লেখ নকৰিলে৷ইয়াৰোপৰি ঔদ্যোগিক এলেকাত উদ্যোগ বিভাগৰ দ্বাৰা চোৱাচিতা কৰা কাৰখানাবোৰৰ ওপৰত সম্পত্তি কৰ ৰেহাই দিয়াৰ কথা ঘোষণা কৰে তেওঁ।গ্ৰামাঞ্চলৰ জনতাৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিশেষ উদ্যোগ নীতি প্ৰচলনৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।ছত্তীশগড় বিল্ডিং কনষ্ট্ৰাকশ্বনৰ লগত জড়িত নিৰ্মাণ কৰ্মীসকলক ৫০ হাজাৰ টকাৰ সাহাৰ্য আগবঢ়োৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী বাঘেলে।উল্লেখযোগ্য যে চলিত বৰ্ষৰ শেষৰফালে ছত্তীশগড়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷নিৰ্বাচন অনুষ্ঠিত হোৱা বৰ্ষটোতেই মুখ্যমন্ত্ৰীগৰাকীয়ে নিবনুৱাৰ বাবে কৰা এই ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.