শ্ৰেণী ৰাজনীতি

সাৰ কাৰখানাক লৈ নতুন বটলত পুৰণি মদ নেকি?

মোদী চৰকাৰৰ এটা শেহতীয়া কেবিনেট সিদ্ধান্ত৷ নামৰূপ সাৰ কাৰখানাত স্থাপন হ’ব চতুৰ্থটো গোট৷ ১২.৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনৰ বাবে এই গোট স্থাপনত বিগত ১৯ মাৰ্চত অনুষ্ঠিত কেবিনেটত অনুমোদন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই প্ৰকল্পত ব্যয় হ’ব ১০,৬০১ কোটি টকা…

মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, ‘কীকী’ ৰ হাতলৈ ৩৬ কোটি

মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা মানেই জেপ গৰম 'কীকী' ৰ। ডেৰ বছৰত অস্থায়ী মঞ্চ -পেণ্ডেলত উৰুৱালে ১০০ কোটিৰো অধিক টকা। ঋণত পোত গৈছে চৰকাৰ, জেপ গধুৰ হৈছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ‘কীকী’ৰ। ডেৰ বছৰত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, 'কীকী' ৰ হাতলৈ ৩৬ কোটি।

মেগা বিহুৰ নামত ‘কী কী’ বাহিনীৰ জেপলৈ ১২.৬৮ কোটি

বিহুৰ গীনিজ ৰেকৰ্ডত ঠিকাৰ ছিণ্ডিকেটঃ ঠিকনা হাউচ নং ১১৯। ১৭ লাখ টকা ভাড়াৰ চোফাত বহিল ভি ভি আই পি। একক নিবিদাকাৰী ভূপিন্দৰ- কমলজিৎ-গুৰজাছ সিঙ বাহিনী।

ট্ৰাম্পৰ শুল্কযুদ্ধত বিধ্বস্ত হ’ব ‘আত্মনিৰ্ভৰ ভাৰত’

‘যুদ্ধৰ সময়ত আমাৰ সামগ্ৰী যাতে শত্ৰুয়ে লৈ যাব নোৱাৰে, তাৰ বাবে আমি বেৰিকেড দিওঁ৷ শান্তিৰ সময়ত আমি সেই একেটাই কাম কৰো শুল্ক আৰোপৰ জৰিয়তে৷ যি কাম যুদ্ধৰ সময়ত শত্ৰুৰ সৈতে কৰোঁ৷’ ১৯ শতিকাৰ মাৰ্কিন অৰ্থনীতিবিদ হেনৰি জৰ্জৰ এই বাক্যশাৰী আজি…

ড০ হিমন্ত বিশ্ব শৰ্মা যদি চাৰ্বিয়াৰ প্ৰধানমন্ত্ৰী হ’লহেঁতেন!

১ নৱেম্বৰ, ২০২৪ ৰ ঘটনা৷ চাৰ্বিয়া নামৰ দেশখনৰ নৱী চহৰৰ এটা ৰে’লৱে’ ষ্টেচনৰ ছাদ ভাঙি পৰে৷ এই দুৰ্ঘটনাত নিহত হয় ১৫ জন লোক৷ ভাৰতত হোৱা হ’লে এই ঘটনাক লৈ চাৰিদিন লাইভ সম্প্ৰচাৰ হ’লহেঁতেন, বিৰোধীয়ে বিভাগীয় মন্ত্ৰীৰ পদত্যাগ দাবী কৰিলেহেঁতেন, চৰকাৰে…

মহাত্মা গান্ধীয়ে যদি এতিয়া নিৰ্বাচন খেলিলেহেঁতেন!

মহাত্মা গান্ধীয়ে যদি এতিয়া নিৰ্বাচন খেলিলেহেঁতেন, ফলাফল কি হ’লহেঁতেন! মহাত্মা গান্ধীয়ে আজিৰ পৰিস্থিতিত ভাৰতত নিৰ্বাচনত অৱতীৰ্ণ হ’লে নিশ্চিত পৰাজয়ৰ সন্মুখীন হোৱাই নহয়, আমানতৰ ধনো জব্দ হ’লহেঁতেন ৷ শেহতীয়া কেইবাটাও সাক্ষাৎকাৰত প্ৰত্যয়ৰে এই ঘোষণা কৰিছে দেশৰ আগশাৰীৰ সাংবাদিক ৰাজদ্বীপ সৰদেশায়ে ৷…

মণিপুৰৰ পৰা আৰম্ভ নীতিশ কুমাৰৰ খেল

এইবাৰ নীতিশ কুমাৰে খেল আৰম্ভ কৰিছে মণিপুৰৰ পৰা৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপ কি ল’ব পাৰে, সেয়া তেওঁৰ ছাঁটোৱেও নাজানে৷ অন্ততঃ শেহতীয়া সময়ছোৱাত নীতিশ কুমাৰে সেই কথাকেই বাৰে বাৰে প্ৰমাণ কৰি আহিছে৷ নিজা উদ্যোগত ইণ্ডিয়া জোটবন্ধন গঠন আৰু…

ক্ষমা কৰিব মুখ্যমন্ত্ৰী মহোদয়…

ভাল কথা এইটোৱে যে অসমৰ ৰাজনীতিৰ প্ৰধান বিতৰ্কৰ বিষয় হৈ পৰিছে অসমৰ অৰ্থনীতি৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ সপক্ষে যি যুক্তি দাঙি ধৰিছে, তাৰ তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী দলসমূহে৷ নতুন বছৰৰ প্ৰথম দিনটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই…

দেশে তেওঁক কিদৰে মনত ৰাখিব?

ড০ মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱা ঘটনাটো একপ্ৰকাৰ দুৰ্ঘটনাই আছিল৷ সেইবাবেই তেওঁৰ প্ৰেছ উপদেষ্টা সঞ্জয় বাৰুয়ে লিখা গ্ৰন্থখনৰ নাম দিছিল ‘দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’। তাতকৈও দুৰ্ঘটনাৰে ভৰা আছিল প্ৰধানমন্ত্ৰী হিচাপে সংসদৰ প্ৰথমখন অধিৱেশন৷ য’ত প্ৰধানমন্ত্ৰীগৰাকীক সুযোগ দিয়া নহ’ল নিজৰ মন্ত্ৰীসভাক পৰিচয়…

মধ্যবিত্তৰ কঁকাল ভাঙিলে মোদী চৰকাৰে

মোদী চৰকাৰৰ আমোলত আক্ষৰিক অৰ্থতেই কঁকাল ভাঙি পৰিছে মধ্যবিত্ত জনতাৰ৷ এহাতে জি এছ টিৰ বব নোৱাৰা বোজা, আনহাতে উপাৰ্জন হ্ৰাস–এই দুয়োটা পাকচক্ৰত পৰি মধ্যবিত্ত জনতা শ্বাসৰুদ্ধ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ কেইবাটাও গৱেষণা আৰু সমীক্ষাই এই আশংকাও প্ৰকাশ কৰিছে যে লাহে লাহে…