শ্ৰেণী ৰাষ্ট্ৰীয়

মণিপুৰত নিৰ্বাচন

মেঘালয় আৰু ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ মণিপুৰ সাজু হৈছে আন এক নিৰ্বাচনলৈ।মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বাধীন কেবিনেটে শুকুৰবাৰে আৰবান লোকেল বডী অৰ্থাৎ স্থানীয় নগৰ পালিকাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।এই নিৰ্বাচন অহা ৫ জুনত অনুষ্ঠিত হোৱাৰ কথা।আনহাতে,কেবিনেটে…

পুনৰ কৰ’না

দেশত পুনৰ বৃদ্ধি পাইছে ক’ৰনাৰ সংক্ৰমণ।দেশৰ মুঠ ৬ খন ৰাজ্যলৈ কেন্দ্ৰই সতৰ্কতা সন্দৰ্ভত প্ৰেৰণ কৰিলে পত্ৰ।মহাৰাষ্ট্ৰ,গুজৰাট,তেলেংগানা,তামিলনাডু,কেৰালা,কৰ্ণাটকলৈ সতৰ্কীকৰণ পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰই।কেন্দ্ৰীয় চৰকাৰে ৰাজ্য কেইখনৰ জিলা,উপজিলা তথা পঞ্চায়ত স্তৰত ক’ভিড টেষ্ট বৃদ্ধি কৰাৰো নিৰ্দেশ দিছে।পত্ৰখনত লিখা হৈছে ‘ কিছুমান ৰাজ্যত কৰ’নাৰ…

‘৯৬ চনৰে এটা প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপিয়ে

অযোধ্যাত বৰ্তমান নিৰ্মীয়মাণ অৱস্থাত থকা ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম ইতিমধ্যে ৭০% সম্পূৰ্ণ হৈছে।ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ মতে ২০২৪ চনৰ জানুৱাৰীৰ তৃতীয় সপ্তাহত এই মন্দিৰ মুকলি কৰিব পৰাকৈ সম্পূৰ্ণ হৈ উঠিব। ন্যাসৰ সদস্য মণিৰাম দাস চাভনীৰয়ে কয় মন্দিৰৰ দ্বাৰ মকৰ সংক্ৰান্তি…

‘বাওঁপন্থীৰ কব্জাত উইকিপিডিয়া !’

হয়,গুগলত কিবা তথ্য বিচাৰিলে প্ৰায়ে আমি উইকিপিডিয়াৰ তথ্য দেখা পাওঁ।সেই উইকিপিডিয়াৰ তথ্য কোনে যুগুত কৰে জানেনে?সেই তথ্য যুগুত কৰে বাওঁ দলৰ সদস্যই।এই অভিযোগ অভিনেত্ৰী কংগনা ৰাণাৱটৰ।উইকিপিডিয়াৰ তথ্যত তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰায়বোৰ তথ্যতে বিভ্ৰাট থকা বুলি মন্তব্য কৰে অভিনেত্ৰী কংগনাই ।কংগনা…

‘মোক ক্ষমা কৰক’

অপৰাধীক নিয়ন্ত্ৰণৰ নামত যধেমধে এনকাউণ্টাৰ চলোৱা কাৰ্য আৰম্ভ হৈছে দেশৰ প্ৰায় কেইখন ৰাজ্যত।এনেদৰে এনকাউণ্টাৰ আৰম্ভ হোৱা ৰাজ্যবোৰৰ ভিতৰত উত্তৰ প্ৰদেশ অন্যতম।যিকোনো অপৰাধীকেই গুলীয়াই অপৰাধ নিয়ন্ত্ৰণ কৰিব খুজিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।অংকুৰ নামৰ অপৰাধীটো বাইক চোৰ গ্ৰুপৰ সদস্য।অপৰাধীটোৱে মনচুৰপুৰ আৰক্ষী…

খঙত অগ্নিশৰ্মা ৰিজিজু

বৃটেইন ভ্ৰমণ সামৰি দেশত উপস্থিত হোৱাৰ পিছত আজি অৰ্থাৎ বৃহস্পতিবাৰে সদনত ৰাহুল গান্ধী উপস্থিত হোৱাৰ কথা।সংসদত ৰাহুল গান্ধীৰ সৈতে মুখামুখি হোৱাৰ আগতে আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় ‘ যিজন মানুহে দেশত আটাইতকৈ বেছিকৈ চৰকাৰক আক্ৰমণ কৰে,সেইজনেই আকৌ কয় বোলে দেশত…

কৃষক বিদ্ৰোহ !

মহাৰাষ্ট্ৰৰ চৰকাৰ আৰু প্ৰতিবাদী কৃষকৰ মাজত পুনৰ বৈঠক অনুষ্ঠিত হ’ব বৃহস্পতিবাৰে।মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে,উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্নাভিছ আৰু সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীৰ লগত বৃহস্পতিবাৰে পুনৰ আলোচনাত বহিব প্ৰতিবাদী কৃষকসকল।নাছিক জিলাৰ কৃষক আৰু জনজাতীয় লোকসকলে চৰকাৰৰ বিৰুদ্ধে কেইটামান বিশেষ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী হাতত…

মধ্য প্ৰদেশত পুনৰ ভোট ভঙাৰ উদ্দেশ্য নেকি আপৰ?

চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে আম আদমী পাৰ্টি। মঙলবাৰে আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভূপালত এক সমদলত অংশ লৈ কয় যে মধ্যপ্ৰদেশ নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু আম আদমী পাৰ্টি।মধ্যপ্ৰদেশৰ ২৩০ টা…

ত্ৰস্ত শাসক ,বন্ধ কৰালে সমদল

আদানি গ্ৰুপৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত বিচাৰি দিল্লীত বিৰোধী দলৰ নেতাসকলে ঐক্যবদ্ধভাৱে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।বুধবাৰে দিল্লীত বিৰোধী নেতাৰ এক সমদলে ED ৰ কাৰ্যালয় অভিমুখে ৰাওনা হয় যদিও বিজয় চ’কৰ পৰা তেওঁলোকক আগবাঢ়িবলৈ দিয়া নহ’ল।বিৰোধী দলৰ প্ৰায় ১৮ গৰাকী…

চাকৰি পায়ো হেৰুৱালে বহুতেই

বক্ৰপথেৰে চাকৰি লোৱা সকলক চাকৰিৰ পৰা অপসাৰণ নকৰিবলৈ আহ্বান জনাইছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।কলকতা উচ্চ ন্যায়ালয়ে বক্ৰপথেৰে নিযুক্তি লাভ কৰা শিক্ষক আৰু আন কৰ্মচাৰী সকলক চাকৰিৰ পৰা অপসাৰণ কৰাৰ সিন্ধান্ত লোৱাৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই আহ্বান জনায়।চিপিআই(এম)ৰ…