চাকৰি পায়ো হেৰুৱালে বহুতেই

বক্ৰপথেৰে চাকৰি লোৱা সকলক চাকৰিৰ পৰা অপসাৰণ নকৰিবলৈ আহ্বান জনাইছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।কলকতা উচ্চ ন্যায়ালয়ে বক্ৰপথেৰে নিযুক্তি লাভ কৰা শিক্ষক আৰু আন কৰ্মচাৰী সকলক চাকৰিৰ পৰা অপসাৰণ কৰাৰ সিন্ধান্ত লোৱাৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই আহ্বান জনায়।চিপিআই(এম)ৰ সাংসদ বিকাশ ৰঞ্জন ভট্টাচাৰ্যক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ মমতা বেনাৰ্জীয়ে কয় ‘ যদি মই ভুল কৰিছোঁ,আপুনি মোক চৰ মাৰক,মই তাৰ বাবে অলপো বেয়া নাপাওঁ।মই জানিশুনি কাৰো কেতিয়াও অনিষ্ট কৰা নাই।মোৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত মইতো চিপিআই(এম) কেডাৰৰ চাকৰিৰ পৰা অপসাৰণ কৰা নাই।তোমালোকৰ চাকৰি দিব পৰাৰ সক্ষমতা নাই কিন্তু তোমালোকে মানুহৰ জীবিকা কাঢ়ি লৈছা।’উল্লেখ্য যে চিপিআই (এম)ৰ সাংসদ বিকাশ ৰঞ্জন ভট্টাচাৰ্যই অধিবক্তা হিচাপে গোচৰটোৰ সমৰ্থনত যুক্তি দৰ্শাইছিল ।উচ্চ ন্যায়ালয়ক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় ‘ মই বিষয়টো পুনৰ বিবেচনাৰ আহ্বান জনাইছোঁ৷আনকি যোৱাকালিও জলপাইগুড়িত দুজন ব্যক্তিয়ে নিজকে নিঃশেষ কৰাৰ সিদ্ধান্ত ল’লে।কোনোবা এজনে কৰা ভুলৰ বাবে এই মানুহবোৰ কিয় ভুক্তভোগী হ’ব?যদি এজন মানুহে ঘপকৈ চাকৰিটো হেৰুৱাই পেলায়,তেওঁ কেনেকৈ পৰিয়ালটো চম্ভালিব?সেয়ে সেই মানুহবোৰক পুনৰ এবাৰ সুযোগ দিয়া উচিত৷তেওঁক লাগিলে পুনৰ এবাৰ পৰীক্ষাত বহাৰ ব্যৱস্থা কৰক৷আমি ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পুনৰ তেনে এটা ব্যৱস্থা কৰিম।’শ্ৰী অৰবিন্দৰ ১৫০ সংখ্যক জন্মজয়ন্তীৰ এক কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কলকাতা উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিষয়টো উল্লেখ কৰি আৱেগিক হৈ পৰে।মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় ‘ প্ৰতিগৰাকী শিক্ষকেই তৃণমূল কংগ্ৰেছৰ সদস্য নহয়৷এজন চৰকাৰী চাকৰিয়াল যিকোনো দলৰে সমৰ্থক হ’ব পাৰে।যদি তেওঁলোকৰ কোনোবাই কিবা ভুল কৰে মই ব্যৱস্থা ল’ম।তেওঁলোকৰ প্ৰতি মোৰ কোনো সহানুভূতি নাই৷কিন্তু একেটা সময়তে চাকৰি লাভ কৰা সকল যাতে ভুক্তভোগী নহয়,সেইটোও চাব লাগিব।’ED আৰু CBI এ ইতিমধ্যে এই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিছে৷কোটি কোটি টকাৰ লেনদেনৰ বিনিময়ত চাকৰি দি মন্ত্ৰীগৰাকীৰ লগতে কেইবাজনো চৰকাৰী বিষয়া গ্ৰেপ্তাৰ হৈছিল।আনহাতে,CPI(M ) ৰ সাংসদ তথা গোচৰটোৰ অধিবক্তা বিকাশ ৰঞ্জন ভট্টাচাৰ্যই কয় যে মুখ্যমন্ত্ৰীয়ে আচলতে বক্ৰপথেৰে চাকৰি লোৱা সকলক চাকৰিৰ পৰা অপসাৰণ নকৰিবলৈ আহ্বান জনোৱাৰ পৰিবৰ্তে তেওঁ নিজেই সকলো দায়িত্ব মূৰ পাতি লৈ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰা উচিত আছিল।বাওঁ দলৰ চৰকাৰৰ সময়ত সকলো নিয়ম অনুসৰি কৰা হৈছিল গতিকে তেওঁ চাকৰিৰ পৰা কাকো আঁতৰাব নোৱাৰে।’আন এগৰাকী জ্যেষ্ঠ বিজেপি নেতা ৰাহুল সিনহাই কয় ‘ মুখ্যমন্ত্ৰীগৰাকীৰ নিজৰ মন্তব্যৰ পৰাই তেওঁ যে এই অনিয়মত জড়িত তাৰ প্ৰমাণ স্পষ্ট হৈছে।’

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296