মণিপুৰত নিৰ্বাচন

মেঘালয় আৰু ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ মণিপুৰ সাজু হৈছে আন এক নিৰ্বাচনলৈ।মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বাধীন কেবিনেটে শুকুৰবাৰে আৰবান লোকেল বডী অৰ্থাৎ স্থানীয় নগৰ পালিকাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।এই নিৰ্বাচন অহা ৫ জুনত অনুষ্ঠিত হোৱাৰ কথা।আনহাতে,কেবিনেটে পঞ্চায়ত নিৰ্বাচন অহা ২৬ জুনত অনুষ্ঠিত কৰাৰ সিন্ধান্ত লৈছে।অহা ৩১মাৰ্চৰ ভিতৰত নিৰ্বাচনী সম্পৰ্কীয় খচৰা প্ৰকাশ কৰা হ’ব ।৩ এপ্ৰিলত এই সম্পৰ্কীয় কিবা অভিযোগ থাকিলে দাখিল কৰিব পাৰিব।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296