Category এক্সক্লুছিভ

উত্তৰ পূর্বৰ মুখ্যমন্ত্ৰী আৰু ডিজিপিৰে কি আলোচনা অমিত শ্বাহৰ?

দুদিনীয়া অসম-মেঘালয় ভ্ৰমণৰ উদেশ্যে আজি শিলংত উপস্থিত হল অমিত শ্বাহ৷শ্বিলংৰ নতুন বাছ টার্মিনেল শুভাৰম্ভ কৰি অমিত শ্বাহ মিলিত হয় উত্তৰ পূর্বৰ মুখ্যমন্ত্ৰী আৰু ডিজিপি সকলৰ সৈতে৷সীমা বিবাদ আৰু আইন শৃংখলাজনিত বিষয়েই এই বৈঠকৰ প্ৰধান উদেশ্যে বুলি ইতিমধ্যে চর্চা হৈছে৷আজি মেঘালয়ত…

মীৰাবাঈ : পাহাৰত খৰি লুৰা ছোৱালীজনীয়ে আজি অলিম্পিকত বুটলিলে ৰূপৰ পদক

সেয়া প্ৰায় ১৪ বছৰ আগৰ কথা। মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ২০ কি :মি: দূৰৈৰ এখন গাঁৱৰ পাহাৰত ঘামত তিতি উমলি আছিল দুটি শিশু। ১৬ বছৰীয়া সানাতোম্বা মিতি আৰু তেওঁৰ ১২ বছৰীয়া ভনীয়েকে ঘৰৰ বাবে খৰি লুৰিবলৈ গৈছিল পাহাৰখনলৈ। কিন্তু…

লাভলীনা : সপ্তম শ্ৰেণীত এখন বাতৰি কাকতে সলনি কৰিছিল যাৰ জীৱনৰ পথ

তেতিয়া তাই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৷ দেউতাক টিকেন বৰগোহাঁই ঘৰৰ পৰা দূৰৈৰ বগীজানত এখন ক্ষুদ্ৰ চাহ বাগিছাৰ এটা সৰু চাকৰি কৰি আছিল ৷ মাজে মাজে ঘৰলৈ আহে ৷ কোনদিনা আহিব সেইকথা লাভলীনাহঁতে আগতীয়াকৈ গম নাপায়, কাৰণ ঘৰত তেতিয়া কোনো মোবাইল ফোনৰ ব্যৱস্থা নাছিল ৷ কিশোৰী লাভলীনাই সদায় বাটলৈ চায় ৰয় দেউতাক আহিছে নেকি বুলি ৷

কিমান আগবাঢ়িছে মোদী বিৰোধী শক্তি গঠনৰ কুচকাৱাজ ?

বিজেপি বিৰোধী এক ঐক্যবদ্ধ মঞ্চ গঠনৰ বাবে বিৰোধী শিবিৰত তৎপৰতা আৰম্ভ হৈছে ৷শিবিৰে শিবিৰে অব্যাহত আছে আলোচনা – পৰ্যালোচনা -পৰিকল্পনা। ২০২৪ ত বিৰোধী ঐক্যবদ্ধ শক্তিৰ এক উমৈহতীয়া মঞ্চ গঠনক লৈও চৰ্চা চলিছে ।কিন্তু  কোন কোন চামিল হ’ব এই উমৈহতীয়া মঞ্চত…

লাভলীনা : স্কুলত কিতাপ এৰি যি এদিন যোগ দিছিলগৈ ছাইৰ ক্ৰীড়া শিবিৰত

২০১০ চনৰ কথা ৷ ধনশিৰি আইটিআইৰ ছাত্ৰী সোণমণি গগৈয়ে এদিন বৰপথাৰ ছোৱালী হাইস্কুলৰ সপ্তম শ্ৰেণীত পঢ়ি থকা মোমায়েকৰ জীয়েক লাভলীনাক প্ৰশিক্ষক তথা তাইৰ শিক্ষক প্ৰশান্ত কুমাৰ দাসৰ ওচৰলৈ লৈ আহিছিল ৷ সেয়াই আৰম্ভণি ৷ প্ৰশান্ত কুমাৰ দাসৰ ওচৰত লাভলীনাই মুৱাই-থাই নামৰ শাৰীৰিক কলাৰ প্ৰশিক্ষণ আৰম্ভ কৰিলে ৷ লগতে কিক্‌ বক্সিং আৰু ঠাং'টা নামৰ মণিপুৰী সমৰ কলাৰো প্ৰশিক্ষণ লৈ বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ আৰম্ভ কৰিলে

পেগাছাছ : টাৰ্গেটত অনিল আম্বানী  আৰু কোন কোন ?

দিন যোৱাৰ লগে লগে পেগাছাছৰ টাৰ্গেট লিষ্ট দীঘলীয়া হৈ গৈ আছে ৷ এইবাৰ পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা গৈছে অনিল আম্বানীৰ ফোন নম্বৰ ৷ তেওৰ বাহিৰেও ৰিলায়েন্স গোষ্ঠীৰ অন্যতম কৰ্ণধাৰ টোনি জেচুদাছন , ৰাফাল নিৰ্মাতা ফৰাচী সংস্থা দাসোৰ ভাৰতীয় বিষয়া ভেংকট…

লাভলীনা : বৰপথাৰ ছোৱালী হাইস্কুলৰ পৰা অলিম্পিকৰ বক্সিঙ ৰিঙলৈ

২০১১ চনত ভাৰতীয় খেল প্ৰাধিকৰণৰ (ছাই) এটা দল আহিছিল সৰুপথাৰলৈ প্ৰতিভাৰ সন্ধানত ৷ ছোৱালীজনীয়ে সেই দলটোৰ সন্মুখত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিলে ৷ তিনিমাহৰ পাছত ছাইলৈ নিৰ্বাচিত হোৱাৰ খৱৰ আহিল ৷

পেগাছাছ : ইজৰাইল – ফ্ৰান্সৰ তদন্ত ঘোষণা , ভাৰতৰ ওলোটা স্থিতি

ইজৰাইলী ছফটৱেৰ পেগাছাছৰ দ্বাৰা সাংবাদিক , সমাজকৰ্মী , ৰাজনীতিকৰ ওপৰত নজৰদাৰী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত দেশে দেশে খলকনি লাগিছে ৷ বিশেষকৈ এই ছফটৱেৰ বিক্ৰী কৰা দেশ ইজৰাইলেও পেগাছাছৰ অপব্যৱহাৰ সন্দৰ্ভত তদন্ত কৰিবৰ বাবে বিশেষ মন্ত্ৰীগোট গঠন কৰিছে ৷ দেশখনৰ…

পেগাছাছৰ টাৰ্গেটত ড:সমুজ্জ্বল ভট্টাচাৰ্য , অনুপ চেতিয়া

দেশজুৰি খলকনিৰ সৃষ্টি কৰা পেগাছাছ টাৰ্গেট লিষ্টত  এইবাৰ আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু আলোচনা পন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ ফোন নম্বৰো পোৱা গৈছে  ৷ দ্য ৱায়াৰত প্ৰকাশিত বাতৰি অনুসৰি , দেশৰ যিসকল লোকৰ ফোন নম্বৰত পেগাছাছ ভাইৰাছ সংস্থাপিত…

পেগাছাছক লৈ হিমন্ত বিশ্ব শৰ্মাই যি কথা নক’লে ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি  ক’লে ? ইজৰাইলী  স্পাইৱেৰ পেগাছাছৰ ব্যৱহাৰক লৈ উত্তাল দেশৰ ৰাজনীতি ৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধীয়ে নিৰন্তৰ উত্থাপণ কৰিছে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী ৷ এই দাবীৰে বিগত দুদিন ধৰি সংসদ উত্তাল হৈ থকাৰ পাছত শাসকীয়…